ETV Bharat / state

লোক সংস্কৃতিৰ সাধক কিৰণ অভয়পুৰীয়াক বকুলবন বঁটা প্ৰদান

author img

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 5:34 PM IST

Bakul Bon Award 2024 : অসমৰ লোক-সংস্কৃতিলৈ বিশেষ বৰঙণি আগবঢ়োৱা ডিব্ৰুগড়ৰ নিবাসী কিৰণ অভয়পুৰীয়াক 2024 বৰ্ষৰ বকুলবন বঁটা প্ৰদান ৷ বকুলবন ন্যাস, অসমৰ উদ্যোগত যোৰহাটৰ বিজ্ঞান আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত প্ৰদান কৰা হয় এই বঁটা ৷

Bakul Bon Award 2024
বকুলবন বঁটা প্ৰদান অনুষ্ঠান
কিৰণ অভয়পুৰীয়াক বকুলবন বঁটা প্ৰদান

যোৰহাট, 27 জানুৱাৰী: অসমৰ লোক-সংস্কৃতিলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়াই অহা লোক-সংস্কৃতিৰ সাধক, নীৰৱ শিল্পীসকলক বকুলবন ন্যাস, অসমে প্ৰত্যেক বছৰে প্ৰদান কৰি আহিছে আনন্দ চন্দ্ৰ বৰুৱাৰ স্মৃতিত বকুলবন বঁটা ৷ বিগত বর্ষ সমূহৰ দৰে এই বেলিও যোৰহাটত প্ৰদান কৰা হয় বকুলবন বঁটা ৷ বকুলবন ন্যাস, অসমৰ উদ্যোগত আজি যোৰহাটৰ বিজ্ঞান আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত আয়োজন কৰা বকুলবন বঁটা প্ৰদান অনুষ্ঠান ৷ এই অনুষ্ঠানত অসমৰ লোক-সংস্কৃতিলৈ বিশেষ বৰঙণি আগবঢ়োৱা, লোক বাদ্য নিৰ্মাতা, বাদক, শিল্পী তথা চিত্ৰকৰ ডিব্ৰুগড়ৰ নিবাসী কিৰণ অভয়পুৰীয়াক 2024 বৰ্ষৰ বকুলবন বঁটা প্ৰদান কৰা হয় ৷

বকুলবন ন্যাস, অসমৰ সভাপতি ড৹ সৌমিত্ৰ পূজাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বকুলবন বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট শিল্পী, লোকবাদ্য নিৰ্মাতা, বাদক, শিল্পী কিৰণ অভয়পুৰীয়াক বকুলবন বঁটা প্ৰদান কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাই ৷ এই বঁটাত আছে গামোচা, চেলেং, অংগ বস্ত্ৰ, প্ৰশস্তি পত্ৰ, স্মাৰক আৰু নগদ ধন ৷ আনহাতে বঁটা প্ৰদান কৰি দিয়া ভাষণত উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাই কয় যে, বকুলবন ন্যাসৰ এই পদক্ষেপ প্ৰসংশনীয় ৷ এই পদক্ষেপে লুকাই থকা প্ৰতিভা সমূহক ৰাইজৰ আগত উন্মোচন কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে ৷

বঁটা গ্ৰহণ কৰি নিজৰ অনুভৱ ব্যক্ত কৰি বিশিষ্ট শিল্পী কিৰণ অভয়পুৰীয়াই কয় যে, আজি এগৰাকী মহান ব্যক্তিৰ নামত প্ৰদান কৰা বঁটা গ্ৰহণ কৰি তেওঁ উৎসাহিত হৈছে ৷ তেওঁ কয় যে, সৃষ্টিশীল কাম কৰি যাবৰ বাবে ৰাইজৰ আশীৰ্বাদৰ প্ৰয়োজন ৷ আজি এই বঁটা গ্ৰহণ কৰি ধন্য হোৱা বুলি মন্তব্য কৰে শিল্পীগৰাকীয়ে ৷ ইফালে আজিৰ এই বকুলবন বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি বকুলবনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা আৰু কবি গৰাকীৰ জন্মস্থান ঢেকীয়াখোৱা গাঁও সম্পৰ্কত নৱপ্ৰজন্মৰ একাষাৰ ব্যক্ত কৰে জ্বলি শইকীয়াই ৷ অনুষ্ঠানত গীত পৰিবেশন কৰে ক্ৰমে সমৃদ্ধি কৌশিক, ৰঞ্জন কুমাৰ দত্ত আৰু পংকজ বৰুৱাই ৷ বকুলবন ন্যাসৰ সম্পাদক দিগন্ত প্ৰকাশ গোস্বামীয়ে আঁতধৰা অনুষ্ঠানত বকুলবন সমাজৰ সভানেত্ৰী ড৹ নীলিমা বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ৷

লগতে পঢ়ক : চিলাপথাৰত দলবীৰ সিং লোহাৰৰ প্ৰতিমূৰ্তি উন্মোচন ৰামদাস আঠাৱালেৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.