ETV Bharat / state

পথত একাঁঠু পানী; ভোট বৰ্জনৰ সিদ্ধান্ত ভুক্তভোগীৰ - Lok sabha eLECTION 2024

author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 12:23 PM IST

Silchar Lok Sabha constituency: শিলচৰ চহৰৰ চিত্তৰঞ্জন ৰোডবাসীৰ ভোট বৰ্জনৰ সিদ্ধান্ত ৷ কৃত্ৰিম বানৰ সমস্যাৰ সমাধান নোহোৱাৰ বাবেই এনে সিদ্ধান্ত গ্ৰহণ চিত্তৰঞ্জন ৰোডবাসীৰ ৷

angry voter of Silchar Lok Sabha constituency boycott vote due to Unsolved problem of artificial floods
পথত একাঁঠু পানী; ভোট বৰ্জনৰ সিদ্ধান্ত ভুক্তভোগীৰ

শিলচৰ, 26 এপ্ৰিল: পথত একাঁঠু পানী ৷ ক্ষোভিত নাগৰিকে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে গ্ৰহণ কৰিলে ভোট বৰ্জনৰ সিদ্ধান্ত ৷ জানিব পৰা মতে, শিলচৰ লোকসভা সমষ্টিৰ অধীনৰ শিলচৰ চহৰৰ চিত্তৰঞ্জন ৰোডৰ প্ৰায় 120 গৰাকী নাগৰিকে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

চিত্তৰঞ্জন ৰোডত বাস কৰা এই ক্ষোভিত নাগৰিকসকলে এই সিদ্ধান্ত সন্দৰ্ভত কয়, "যোৱা 10 বছৰ ধৰি চিত্তৰঞ্জন ৰোডত বৰষুণ দিলে সৃষ্টি হয় কৃত্ৰিম বানৰ ৷ যিয়ে স্থানীয় লোকসকলক যাতায়তৰ ক্ষেত্ৰত সমস্যাত পেলায় ৷ বাৰম্বাৰ নেতা আৰু প্ৰশাসনৰ লোকসকলক এই সমস্যা সন্দৰ্ভত বহুবাৰ অৱগত কৰা হৈছে যদিও পানী নিষ্কাশনৰ বাবে কোনো ব্যৱস্থা লোৱা নাই । তাৰ কাৰণে আজি লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আমি সকলোৱে ভোট বৰ্জন কৰিছো । লোকসভা নিৰ্বাচনৰ পিছতেও চৰকাৰে যদি কোনো ব্যৱস্থা নলয়, তেন্তে অহা বিধানসভা নিৰ্বাচনতো ভোট বৰ্জন কৰা হ’ব ।"

সমান্তৰালভাবে বিজেপি চৰকাৰ শ্লোগান দি অহা "সৱ কা সাথ সৱ কা বিকাশ" নীতিকো কঠোৰভাবে সমালোচনা কৰে ।

শিলচৰ চহৰৰ চিত্তৰঞ্জন ৰোডৰ বাসিন্দাসকলে জনোৱা অনুসৰি বিগত কেবাবছৰ ধৰি কৃত্ৰিম বানৰ কবলত পৰি সমস্যাত ভুগি আহিছে উক্ত পথটোৰ বাসিন্দাসকল । স্থানীয় জনপ্ৰতিনিধিসহ জিলা প্ৰশাসনক এই সন্দৰ্ভত বাৰাম্বাৰ আবেদন জনোৱাৰ পিচতো নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰি অহাত ক্ষোভিত হৈ পৰে স্থানীয় লোকসকল আৰু ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

উল্লেখ কৰা প্ৰয়োজন যে, বিজেপি চৰকাৰে তেওঁলোকৰ শাসনকালত বিকাশ, উন্নয়ন হোৱা বুলি দাবী কৰি আহিলেও চলিত নিৰ্বাচনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰাপ্য বঞ্চিত ভোটাৰে ভোট বৰ্জনৰ দৰে সিদ্ধান্ত লোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: কোন কোন হাই প্ৰফাইল ৰাজনৈতিক নেতাৰ ভাগ্য আজি বন্দী হ’ব ই ভি এমত? - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.