ETV Bharat / state

ছাগলী চুৰি কৰিবলৈ আহি ৰাম নাম লোৱা অৱস্থা - beaten for allegedly stealing

author img

By ETV Bharat Assamese Team

Published : May 11, 2024, 1:05 PM IST

Beaten for allegedly stealing : নগাঁৱত 108 এম্বুলেন্স সেৱাৰ এজন কাৰিকৰী সহায়কক লৈ উত্তপ্ত পৰিস্থিতি । ছাগলী চুৰিৰ অভিযোগত কাৰিকৰী সহায়কক উত্তম মাধ্যম স্থানীয় ৰাইজৰ । আৰক্ষী উপস্থিত হৈ কৰিলে কৰায়ত্ত ।

ambulance technician brutally beaten for allegedly stealing goat
উত্তপ্ত পৰিস্থিতি (ETV BHARAT ASSAM)

উত্তপ্ত পৰিস্থিতি (ETV BHARAT ASSAM)

নগাঁও, 11 মে’ : ছাগলী চুৰিৰ অভিযোগত 108 এম্বুলেন্স সেৱাৰ এজন কাৰিকৰী সহায়কক লৈ শুকুৰবাৰে বিয়লি নগাঁৱৰ এখন হাস্পতালতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । ছাগলী চুৰিৰ অভিযোগত ৰাইজৰ লপা থপাও খাবলগীয়া হ'ল 108 এম্বুলেন্স সেৱাৰ কাৰিকৰী সহায়কে । এই ঘটনাক কেন্দ্ৰ কৰিয়েও নগাঁৱৰ উজৰা গাঁৱৰ মডেল হাস্পতালত সৃষ্টি হয় উপ্তত্ত পৰিস্থিতিৰ ।

উজৰা গাঁও আদৰ্শ চিকিৎসালয়ৰ এম্বুলেন্সৰ কাৰিকৰী সহায়কৰ বিৰুদ্ধে ছাগলী চুৰি কৰাৰ অভিযোগ উত্থাপিত কৰে স্থানীয় ৰাইজে । ছাগলী চুৰি কৰি নিজৰ কোঠাৰ ভিতৰতে লুকুৱাই ৰখা অৱস্থাত স্থানীয় এগৰাকী লোকে প্ৰত্যক্ষ কৰাৰ পাচতেই কোঠালীত তালাচী চলাই স্থানীয় লোকে । 108 এম্বুলেন্স সেৱাৰ কাৰিকৰী সহায়ক পৰাগজ্যোতি কলিতাৰ কোঠালীৰ পৰা মূমূৰ্ষ অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰে এটি ছাগলী পোৱালি । ইয়াৰ পাচতেই পৰিস্থিতি উত্তপ্ত কৰি তোলে স্থানীয় ৰাইজে ।

ছাগলী চুৰিত অভিযুক্ত এম্বুলেন্সৰ কাৰিকৰী সহায়ক পৰাগজ্যোতি কলিতাক উত্তম মাধ্যম শোধাই স্থানীয় একাংশই । পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত উপস্থিত হয় নগাঁৱৰ ননৈ আৰক্ষী চকীৰ আৰক্ষীৰ এটা দল । ননৈ আৰক্ষীৰ দলটোৱে উদ্ধাৰ হোৱা ছাগলী পোৱালিটো স্থানীয় ৰাইজৰ পৰা চমজি লোৱাৰ লগতে অভিযুক্ত এম্বুলেন্সৰ কাৰিকৰী সহায়ক পৰাগজ্যোতি কলিতাকো আটক কৰি লৈ যায় আৰক্ষী থানালৈ ।

পূৰ্বেও ১০৮ ৰ কৰ্মচাৰীজনে ছাগলী চুৰ কৰি ১০৮ত লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । উল্লেখ্য যে, অঞ্চলটোৰ পৰা বিগত কিছুদিন ধৰি সঘনাই ছাগলী চুৰি হোৱা বুলিও অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশই ।

লগতে পঢ়ক : ছ’চিয়েল মিডিয়া মানেই কেৱল ভাইৰেল হোৱাৰ মানসিকতা কিয় ? - Maa Afiya Facebook Page

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.