ETV Bharat / state

গৃহৰক্ষী নিয়োগৰ নামত দুৰ্নীতিৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 6:58 PM IST

Lakhimpur News
গৃহৰক্ষী নিয়োগৰ নামত দুৰ্নীতিৰ অভিযোগ

Homeguard Welfare Association: গৃহৰক্ষী জোৱান নিয়োগৰ নামত চলে দুৰ্নীতি । এই অভিযোগ গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ । সংবাদমেল যোগে সন্থাই উত্তাপন কৰে এই অভিযোগ ।

গৃহৰক্ষী নিয়োগৰ নামত দুৰ্নীতিৰ অভিযোগ

লখিমপুৰ, 30 জানুৱাৰী: গৃহৰক্ষী জোৱানক নিয়োগৰ নামত দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে । সংবাদমেলত উক্ত দুৰ্নীতিৰ অভিযোগ উত্তাপন কৰিলে গৃহৰক্ষীৰ স্বেচ্ছাসেৱক কল্যাণ সন্থাই । মঙলবাৰে উক্ত অভিযোগ উত্থাপন কৰে গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে ।

সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে মঙলবাৰে বিয়লি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত এই গুৰুতৰ অভিযোগ উত্থাপন কৰে । সন্থাৰ সভাপতি বিদ্যুৎ দাস, সাধাৰণ সম্পাদক মনোৰঞ্জন পাতিৰ আদিয়ে এই অভিযোগ তোলে ।

সংবাদমেলত তেওঁলোকে কয় যে বর্তমান লখিমপুৰ জিলাত প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী স্বেচ্ছাসেৱক বাহিনীৰ সংখ্যা প্ৰায় ৯৫০ গৰাকী থকাৰ বিপৰীতে নিয়োজিত হৈ থাকিব পৰা পদৰ সংখ্যা প্ৰায় ৩০০ টা । ইয়াৰ পৰা প্ৰায় ৭০/৮০ গৰাকীক আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ অধীনত কিছুমান গুৰুত্বপূর্ণ স্থানত স্থায়ীভাৱে নিয়োজিত কৰি ৰখাৰ বিপৰীতে বাকী জোৱানসকলক ৬ মাহৰ পৰা এক বছৰ পৰ্যন্ত ঘৰত কৰ্মহীন হৈ বহি থাকিবলগীয়া হৈছে ৷

সংবাদমেলখনত তেওঁলোকে কয় যে বৰ্তমান সময়ৰ উপযোগী হোৱাকৈ সকলো গৃহৰক্ষী জোৱানক সম অধিকাৰে সমমর্যাদাৰে কৰ্তব্যত মোতায়নৰ ব্যৱস্থা বিভাগীয়ভাবে কৰিব লাগে । কিন্তু লখিমপুৰত বিভাগীয় বিষয়াৰ সহযোগিতাত বিভাগীয় ছফ্টৱেৰ চিষ্টেমৰ বিপৰীতে বিভাগীয় আমোলা-বিষয়াসকলে বিশৃংখল কৰি তেওঁলোকে মইমতালিৰে চলাই থকাৰ বাবে এচাম গৃহৰক্ষী জোৱানে বছৰ বছৰ ধৰি নিয়মিতভাৱে কৰ্তব্য কৰি আছে যদিও আন একাংশই ৬ মাহ, ১ বছৰ ধৰি ঘৰত বহি থাকিবলগীয়া হৈছে ।

আন কিছুমানে ৰিলিজ কৰি ১/২ মাহৰ ভিতৰতে নিযুক্তিৰ নিৰ্দেশ পাইছে । একেদৰে পুলিচ ৰিজাৰ্ভত ২/৩ মাহ পর্যন্ত কর্তব্যত যোগদান কৰিবলৈ ৰৈ থাকিবলগীয়া হয় । একাংশক ৬ মাহ সম্পূৰ্ণ হোৱা পাছত ৰিলিজ কৰে আৰু আন কিছুমানক ৭/৮ মাহত পাছত ৰিলিজ কৰে ।

কিছুমানক বছৰ বছৰ ধৰি ৰিলিজ নিদিয়াকৈ কৰ্তব্য কৰি থকাৰ সুবিধা কৰি দিছে । তেওঁলোকৰ অভিযোগ- চফ্টৱেৰ চিষ্টেম প্ৰক্ৰিয়াত টকাৰ লেনদেন হোৱাৰ বাবে এই বিশৃংখলতা হৈছে । এই সকলো সমস্যা জিলাৰ অধিনায়কক অৱগত কৰা হয় যদিও তেওঁ কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে । বৰঞ্চ যিসকলে অভিযোগ কৰে বা প্ৰতিবাদ কৰে তেওলোকক ৩ বছৰীয়া শাৰিৰীক পৰীক্ষাত ফেইল কৰোৱাৰ ভাবুকি দিয়ে বুলি অভিযোগ উত্থাপন কৰিছে গৃহৰক্ষীসকলে ।

তেওঁলোকে নিযুক্তি প্ৰক্ৰিয়াত চলি থকা এনে দুৰ্নীতিৰ সন্দৰ্ভত বিভাগীয় উদ্ধতম কৰ্তৃপক্ষ তথা গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ দৃষ্টি কামনা কৰে । অন্যথা গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে তেওঁলোকে । সংবাদমেলখনত সন্থাৰ হৰেণ পগাগ, দীপক কুমাৰ দাস আদিয়েও অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: লখিমপুৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব আন্তঃজিলা এথলেটিকছ প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.