ETV Bharat / state

ৰংঘৰ প্ৰকল্পৰ সমস্ত কৃতিত্ব হিমন্ত বিশ্ব শৰ্মাক অৰ্পন অখিল গগৈৰ

Rang Ghar Beautification: ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ প্ৰকল্পৰ বাবে অখিল গগৈয়ে সমগ্ৰ কৃতিত্ব প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷ ড৹ শৰ্মাৰ বাবেহে এয়া সম্ভৱ হ’ল বুলি মন্তব্য শিৱসাগৰৰৰ বিধায়কগৰাকীৰ ৷ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা দেখা গ’ল বিধায়ক গগৈক ৷

Akhil Gogoi
হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা অখিল গগৈৰ
author img

By ETV Bharat Assamese Team

Published : February 1, 2024 at 9:33 PM IST

2 Min Read
Choose ETV Bharat
হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা অখিল গগৈৰ

শিৱসাগৰ, 1 ফেব্ৰুৱাৰী: শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ সৌন্দর্যবর্ধন প্ৰকল্পৰ নিৰ্মাণকার্য শুভাৰম্ভ কৰাৰ প্ৰাকক্ষণত আজি প্ৰকল্পক্ষেত্ৰত বান্ফি আৰু ভূমিপূজন অনুষ্ঠানৰ আয়োজন কৰা হয় । উক্ত অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথিৰূপে উপস্থিত থাকে । ড৹ শৰ্মাই নিজৰ ভাষণত শিৱসাগৰত এক নতুন কৰ্মযজ্ঞৰ আৰম্ভণি হৈছে বুলি কয় ৷

ৰংঘৰ প্ৰকল্পৰ উপৰি শিৱসাগৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত কৰাৰ লগতে ভালেমান উন্নয়নমূলক কাম জিলাখনত ৰূপায়ন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ।

ড৹ শৰ্মাই নিজৰ ভাষণত ৰংঘৰৰ ৰূপহী পথাৰত নিৰ্মাণ হ’বলগীয়া প্ৰকল্পটো ২০২৬ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি জানিবলৈ দিয়ে । আনহাতে অহা মাহৰ পৰা শিৱসাগৰত এখন চিকিৎসা মহাবিদ্যালয়ৰ কাম আৰম্ভ হ’ব বুলিও হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণত প্ৰকাশ কৰে ।

ইয়াৰ উপৰিও ১৮৭ কোটি টকা ব্যয় কৰি দিখৌমুখ পাৰঘাটৰ পৰা নাজিৰা তিনিআলিলৈকে পথ নিৰ্মাণ, শিৱসাগৰ জিলা কাৰাগাৰ স্থানান্তৰ কৰা, শিৱসাগৰৰ আৱৰ্ত ভৱনক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি নতুন ৰূপত গঢ় দিয়া আদিকে ধৰি ভালেমান নতুন উন্নয়নমূলক কামৰ পৰিকল্পনা কৰা হৈছে বুলি শৰ্মাই নিজৰ ভাষণত প্ৰকাশ কৰে ।

উল্লেখযোগ্য যে ৰূপহী পথাৰত থকা ৰংঘৰ আৰু ইয়াৰ চৌপাশত ৰূপায়ন কৰিবলৈ লোৱা এই প্ৰকল্পৰ জৰিয়তে শিৱসাগৰ জিলাক এক আদৰ্শ পৰ্যটনস্থলীৰূপে গঢ়ি তোলাৰ বাবে অসম চৰকাৰে এক অভিলাসী পৰিকল্পনা গ্ৰহণ কৰিছে । এই সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ অধীনত ৮৩ বিঘা ভূমিত পর্যটক তথ্য কেন্দ্ৰ, নাওঘৰ, সাংগীতিক ফোঁৱাৰা, নৌকাবিহাৰ, ৩০০০ আসন সম্বলিত প্ৰেক্ষাকক্ষ, শিল্পীগাঁও, শিশুৰ বাবে খেলা ঠাই, ভোজনকক্ষ, মুক্ত শৰীৰ্চৰ্চা কেন্দ্ৰ, অতিথিশালা, ক্লক টাৱাৰ, পোহৰ আৰু শব্দৰ প্ৰদৰ্শনীৰ ব্যৱস্থা, প্ৰাচীৰ চিত্ৰ দেৱালপ্ৰাচীৰ চিত্ৰ দেৱাল আৰু মুকলিক্ষেত্ৰ গঢ়ি তোলা হ’ব । ১৪০.৬০ কোটি টকাৰে এই অভিলাসী প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰা হ’ব ।

উল্লেখযোগ্য যে ১৪ এপ্ৰিল ২০২৩ ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল । উক্ত অনুষ্ঠানত সন্মানীয় অতিথিৰূপে শিক্ষামন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগু, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্ৰী যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ লগতে আন বহুকেইগৰাকী বিধায়ক আৰু জিলাখনৰ বিশিষ্ট নাগৰিকসকল আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে ।

লগতে পঢ়ক: ৰংঘৰৰ ৰং চৰাবলৈ ভূমিপূজন; মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকিল অখিল গগৈও