ETV Bharat / state

একালৰ সতীৰ্থ দীপাংক নাথক কিয় ‘মূল্যহীন’ বুলি ক’লে লুৰীণজ্যোতি গগৈয়ে

Dipanka Nath news: আছুৰ মজিয়াৰ পৰা বিজেপিলৈ যোৱা দীপাংক নাথ সন্দৰ্ভত লুৰীণজ্যোতি গগৈয়ে কি ক’লে শুনক-

ajp_president lurinjyoti gogoi slams ex-aasu-president-dipanka-nath
দীপাংক নাথ সন্দৰ্ভত লুৰীণজ্যোতিৰ মন্তব্য
author img

By ETV Bharat Assamese Team

Published : January 30, 2024 at 6:57 PM IST

2 Min Read
Choose ETV Bharat
লুৰীণজ্যোতি গগৈৰ মন্তব্য

গুৱাহাটী, ৩০ জানুৱাৰী : বিজেপিত যোগদান কৰা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথক ‘মূল্যহীন’ আখ্যা দিলে একালৰ সতীৰ্থ তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । উল্লেখ্য যে, সুদীৰ্ঘ সময় ধৰি আছু কৰাৰ পিচত হঠাতে আছুৰ পৰা আঁতৰি বৈবাহিক জীৱনত আৱদ্ধ হোৱা আছুৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথে দেওবাৰে শাসকীয় দল বিজেপিত যোগদান কৰে ।

আছুৰ মজিয়াৰ পৰা আহি দীপাংক নাথে বিজেপিত যোগদান কৰাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিশেষকৈ ছাত্ৰ সন্থাত থকা সময়ত স্বদেশ-স্বজাতিৰ কথা কৈ ‘কা’ ৰ বিৰুদ্ধে শক্তিশালী কণ্ঠ ৰূপত থিয় দিয়া দীপাংক নাথে ‘কা’ বলৱৎ কৰাৰ বাবে দৃঢ় সংকল্পবদ্ধ হোৱা বিজেপিৰ ছত্ৰছায়ালৈ আহিল, যাক লৈ ব্যাপক সমালোচনাৰ সন্মূখীন হৈছে দীপাংক নাথ ।

এই সন্দৰ্ভত মঙলবাৰে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত একালৰ সতীৰ্থ তথা এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, ‘এইক্ষেত্ৰত আমাৰ কোনো প্ৰতিক্ৰিয়া নাই ।’ সমাজৰ বাবে ‘মূল্যহীন’ মানুহৰ বাবে আমাৰ কোনো প্ৰতিক্ৰিয়া নাই বুলি সদৰী কৰি তেওঁ কয়, ‘প্ৰতিক্ৰিয়া লাগিলে আমাৰ আঞ্চলিক পৰ্যায়ৰ সমষ্টি নাইবা পঞ্চায়ত পৰ্যায়ৰ মানুহৰ পৰা ল'ব পাৰিব ।’ জাতীয় জীৱনত আৰু সামাজিক জীৱনত মূল্য নথকা লোকক লৈ আমি আলোচনা নকৰো বুলি তেওঁ স্পষ্টভাৱে কয় ।

তেওঁ লগতে কয় যে, তেওঁলোকে কৰি থকা কামৰ বিচাৰ সময় আৰু ৰাইজে কৰিব । ‘কা’ সন্দৰ্ভত তেওঁলোকৰ বিৰোধিতা সদায়ে থাকিব বুলি মন্তব্য কৰে । সংখ্যৰ বলত 'কা' জাপি দিয়া হ'ল বুলি সদৰী কৰি তেওঁ কয় যে, অসমৰ বিদেশী সমস্যাৰ বিষয়টো আন ৰাজ্যৰ লগত তুলনা নহয় । যি জাতি নাইবা ধৰ্মৰে নহওক কিয় অসমে অবৈধ বিদেশীৰ বোজা কোনো কাৰণতে মানি নলয় বুলি তেওঁ দৃঢ়তাৰে উল্লেখ কৰে ৷

লগতে পঢ়ক : ছয়গাঁৱৰ ৰাজহুৱা প্ৰস্ৰাৱগাৰত প্ৰাক্তন আছু নেতাৰ ফটো