ETV Bharat / state

১২ বছৰৰ অন্তত সুদখোৰে কাঢ়ি লোৱা ঘৰলৈ উভতিল বৃদ্ধা - Illegal money lender

author img

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 7:49 PM IST

Illegal money lender: মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিচতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুদখোৰৰ বিৰুদ্ধে সষ্টম হৈছে আৰক্ষী । আৰক্ষীৰ কঠোৰ পদক্ষেপৰ অন্তত গোলাঘাটৰ এগৰাকী বৃদ্ধাই ওভতাই পালে নিজৰ ঘৰ-মাটি ।

Illegal money lender
১২ বছৰৰ অন্তত সুদখোৰে কাঢ়ি লোৱা ঘৰলৈ উভতিল বৃদ্ধা

গোলাঘাট,২৭ এপ্ৰিল: সুদীৰ্ঘ ১২ বছৰৰ অন্তত নিজৰ ঘৰখন ওভতাই পাই এগৰাকী বৃদ্ধাৰ মুখত হাঁহি বিৰিঙিছে । বৃদ্ধাগৰাকীৰ পৰা সুদখোৰে কাঢ়ি লৈছিল ঘৰটো । আৰক্ষীয়ে সুদখোৰৰ পৰা উদ্ধাৰ কৰি ঘৰটো গৃহস্থক চমজাই দিয়ে ।

ঘটনাটো গোলাঘাট নগৰৰ । জানিব পৰা মতে গোলাঘাট নগৰৰ ৰে'ল ষ্টেচনৰ সমীপৰ মীৰা ৰাণী দে' নামৰ বৃদ্ধাগৰাকীৰ ডাঙৰ পুত্ৰই বিপদত পৰি বহু বছৰ পূৰ্বে কুখ্যাত সুদখোৰ দাৰুল ইছলামৰ পৰা কিছু ধন ধাৰে লৈছিল । পৰিয়ালটোৱে সুদৰ টকা সময়মতেই নিয়মিতভাৱে দি গৈছিল । কিন্তু আৰ্থিক সমস্যাৰ বাবে তেওঁলোকে বসবাস কৰা থকা ঘৰ-মাটি বিক্ৰী কৰিবলৈ যো-জা চলাইছিল ।

সেই খবৰ লাভ কৰাৰ পিচতে কুখ্যাত সুদখোৰ দাৰুল ইছলামে নিশা ৮-১০ জনীয়া গুণ্ডাবাহিনী লগত লৈ পৰিয়ালটোক হাৰাশাস্তি কৰাৰ অভিযোগ কৰিছে বৃদ্ধাগৰাকীয়ে । আনকি সুদখোৰে তেওঁলোকৰ পৰা ঘৰটো বলপূৰ্বকভাৱে কাঢ়ি লৈ মীৰা ৰাণী আৰু তেওঁৰ পৰিয়ালক উলিয়াই দিছিল বুলিও অভিযোগ কৰিছে ভুক্তভোগী পৰিয়ালটোৱে । কিন্তু কিছুদিন পূৰ্বে দাৰুল ইছলাম আৰক্ষীৰ জালত পৰাৰ পিচতে আৰক্ষীয়ে বিষয়টোক লৈ তদন্ত আৰম্ভ কৰে ।

অৱশেষত ঘৰটোৰ গৰাকী মীৰা ৰাণী দে'ক আনুষ্ঠানিকভাৱে আৰক্ষীয়ে তেওঁৰ ঘৰ-মাটি চমজাই দিয়ে । বিগত ১২ বছৰ ভাড়াঘৰত কটোৱাৰ পিচত শনিবাৰে ঘৰ-মাটি ওভতাই পাই মীৰা ৰাণী আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকল আৱেগিক হৈ পৰে । সুদখোৰৰ বিৰুদ্ধে ড৹ হিমন্ত বিশ্ব শৰ্মাই শক্তিশালী স্থিতি গ্ৰহণ কৰাৰ বাবে ভুক্তভোগী পৰিয়ালটোৱে মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে । গোলাঘাট আৰক্ষীৰ পদক্ষেপৰো প্ৰশংসা কৰে পৰিয়ালটোৱে ।

উল্লেখ্য যে গোলাঘাট নগৰৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তত এনেদৰে সুদখোৰৰ অত্যাচাৰৰ বলি হৈ বহু পৰিয়ালে নিজৰ মাটি-ভেঁটি হেৰুৱাব লগা হৈছে । আনকি কিছু পৰিয়ালে জিলা এৰিও পলায়ন কৰিবলগীয়া হৈছিল । কিন্তু মুখ্যমন্ত্ৰীয়ে আৰক্ষী প্ৰশাসনক সুদখোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ পিচতে বহু পৰিয়ালে কিছু সকাহ লাভ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক :হাতীগাঁও আৰক্ষীৰ জালত যুৱতীসহ প্ৰৱঞ্চকৰ দল - Guwahati Vehicle Scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.