ETV Bharat / state

পাঠ্যক্ৰমৰ মাধ্যম সলনিৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ শিক্ষাৰ্থী: কাণসাৰ নাই চৰকাৰৰ

Medium controversy: পাঠ্যক্ৰমৰ ক্ষেত্ৰত চৰকাৰৰ মাধ্যম বিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত সমগ্ৰ অসমজুৰি আছুৱে কৰিছে তীব্ৰ প্ৰতিবাদ ৷

AASU protest in all over assam regarding medium controversy
সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ
author img

By ETV Bharat Assamese Team

Published : February 1, 2024 at 8:31 PM IST

4 Min Read
Choose ETV Bharat
সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

নিউজ ডেস্ক, 1 ফেব্ৰুৱাৰী : অসমীয়া মাধ্যমৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহত ৰাজ্যিক কেবিনেটে ষষ্ঠমান শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় কেইটা ইংৰাজীত শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব বুলি সিদ্ধান্ত লোৱাৰ পিচত সদৌ অসম ছাত্ৰ সন্থাই তাৰ বিৰোধিতাৰে বিগত এসপ্তাহৰ ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । বৃহস্পতিবাৰে পুনৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীসকলে মৰিগাঁৱৰ ৰাজপথত এক বিক্ষোভ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে । অসম চৰকাৰ হায় হায়, অসমীয়া ভাষা বিৰোধী বিজেপি চৰকাৰ হায় হায় আদি শ্ল’গানেৰে ৰাজপথ কঁপাই তোলে প্ৰতিবাদকাৰীয়ে ৷

"এইখন জাতি-মাটি-ভেটিৰ কথা কোৱা চৰকাৰে মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহক ধ্বংস কৰাৰ ষড়যন্ত্ৰত নামিছে । কোনো কাৰণতে অসম চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক মানি লোৱা নহ’ব । প্ৰয়োজনত তেজ দিম, দেহ দিম তথাপি আইৰ মুখৰ ভাষা ধ্বংস হ’ব লৈ নিদিওঁ ৷’’ বৃহস্পতিবাৰে এই মন্তব্য আগবঢ়াই সদৌ অসম ছাত্ৰ সন্থাৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি দিপুল কুমাৰ নাথে । তেওঁ লগতে কয় যে অসমত যদি অসমীয়া ভাষা সুৰক্ষিত নহয় তেনেহ’লে ক’ত হ’ব । আনহাতে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধিয়ে কটু ভাষাৰে সমালোচনা কৰে শাসকীয় বিজেপি চৰকাৰক ।

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত সদৌ অসম ছাত্ৰ সন্থাই বিক্ষোভ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছে । মৰিগাঁও, মাজুলী, সোণাৰি, ধেমাজি সকলোতে মাধ্যম বিৰোধী সিদ্ধান্তক লৈ জুই জ্বলিছে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত মাজুলী জিলা ছাত্ৰ সন্থাই চৰকাৰৰ মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । মাজুলী মিনি ষ্টেডিয়ামৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়লৈ মাজুলী জিলা ছাত্ৰ সন্থাই বিক্ষোভ সমদল বাহিৰ কৰে ।

শিক্ষামন্ত্ৰী হায় হায়, মুখ্যমন্ত্ৰী গ’ বেগ ধ্বনিৰে উত্তাল কৰে জিলা সদৰ গড়মূৰ । মাজুলী জিলা ছাত্ৰ সন্থাৰ এই প্ৰতিবাদত মাজুলীৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই অংশগ্ৰহণ কৰে । ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক বিতোপন শৰ্মাই মাতৃভাষা বিৰোধী চৰকাৰী সিদ্ধান্তক কঠোৰ ভাষাৰে সমালোচনা কৰে । এইসকল ছাত্ৰ সন্থাৰ কৰ্মীয়ে প্ৰতিবাদস্থলীৰ পৰা কয় যে ছাত্ৰ সন্থাই কোনো কাৰণতে চৰকাৰৰ এই সিদ্ধান্ত মানি নলয়, চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰা পৰ্যন্ত ছাত্ৰ সন্থাই গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি যাব ।

আছুৰ দ্বাৰা অব্যাহত থকা দীঘলীয়া প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰতি সমৰ্থন জনাই বৃহস্পতিবাৰে ধেমাজি জিলা ছাত্ৰ সন্থাই এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ধেমাজি তিনিআলিস্থিত শ্বহীদ উদ্যানৰ পৰা ছাত্ৰ সংগঠনটোৱে সমদল বাহিৰ কৰি নগৰখনত অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হায় হায়, ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত বাতিল কৰক, শিক্ষামন্ত্ৰীৰ কাম নাই আদি বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে সমগ্ৰ নগৰৰ আকাশ-বতাহ ৷ অতিশীঘ্ৰেই ৰাজ্য চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায় ছাত্ৰ সংগঠনটোৱে ৷ অন্যথা অনাগত দিনত সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ হুংকাৰ প্ৰদান কৰে ৷

আছুৰ প্ৰতিবাদত কঁপিল চৰাইদেউৰ সোণাৰি ৷ ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়ত ইংৰাজী ভাষা ব্যৱহাৰৰ বিৰোধিতাৰে বৃহস্পতিবাৰে সোণাৰিত আছুৰ প্ৰতিবাদী কাৰ্যসূচী । সোণাৰি আছু কাৰ্যালয়ৰ পৰা সংগঠনটোৱে সমদল কৰি নগৰৰ মাজেৰে অসম চৰকাৰ হায় হায় শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ শীঘ্ৰেই এই সিদ্ধান্ত ৰাজ্য চৰকাৰক বাতিল কৰিবলৈ দাবী আছুৰ অন্যথা অনাগত দিনত সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ হুংকাৰ সংগঠনটোৰ ৷

ৰাজ্যত শিক্ষা বিভাগৰ বিৰুদ্ধে পুনৰ আৰম্ভ হৈছে প্ৰতিবাদ । শিক্ষা বিভাগত সংস্কাৰ কৰাৰ নামত শিক্ষা বিভাগে শেহতীয়াকৈ লোৱা কিছু সিদ্ধান্তৰ পাচতেই ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । শিক্ষা বিভাগৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও প্ৰতিবাদক লৈ গুৰুত্ব নাই চৰকাৰৰ ।

লগতে পঢ়ক : মাতৃভাষা বিৰোধী সিদ্ধান্ত বাতিল কৰাৰ দাবীত ডিব্ৰুগড়ত আছুৰ প্ৰতিবাদ