ETV Bharat / state

চৰকাৰৰ মাতৃভাষা মাধ্যম-বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে তেজপুৰত আছুৰ বিক্ষোভ

AASU Protest at Tezpur : ৰাজ্যৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহ সন্দৰ্ভত ৰাজ্য চৰকাৰে লোৱা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে বৃহস্পতিবাৰে তেজপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ কৰ্মীসকলে ৷

তেজপুৰত আছুৰ বিক্ষোভ
তেজপুৰত আছুৰ বিক্ষোভ
author img

By ETV Bharat Assamese Team

Published : February 1, 2024 at 10:11 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ, ১ ফেব্ৰুৱাৰী : অসমৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াবলৈ ৰাজ্য চৰকাৰে লোৱা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে বৃহস্পতিবাৰে আছুৱে তেজপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে ৰাজ্যখনৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহ চৰকাৰে মষিমূৰ কৰাৰ বাবে উঠি-পৰি লাগিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আছুৱে ।

আনহাতে, ইয়াৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই জনোৱা আহ্বানমৰ্মে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তেজপুৰতো বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথ আৰু সাধাৰণ সম্পাদক অৰূপ তালুকদাৰৰ নেতৃত্বত জিলাখনৰ আঞ্চলিক ছাত্ৰ সন্থাসমূহৰ প্ৰতিনিধি আৰু তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপিত দেৱাঞ্জন বিকাশ পাঠকসহ আছুকৰ্মীসকলে চহৰখনৰ মূল পথেৰে প্ৰতিবাদী সমদল উলিয়াই মাতৃভাষা মাধ্যম-বিৰোধী ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে ৷

লগতে 'মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত বিজ্ঞান আৰু গণিত ইংৰাজীত পঢ়োৱা সিদ্ধান্ত বাতিল কৰক', 'মাতৃভাষাত হাত নিদিব', 'শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু হুঁচিয়াৰ', 'বিজেপি চৰকাৰ গ'বেক', 'দিল্লী-দিছপুৰ চৰকাৰ হায় হায়' আদি শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে তেজপুৰৰ আকাশ-বতাহ কঁপাই তোলে ৷ আনহাতে, শতাধিক আছুকৰ্মীয়ে এই প্ৰতিবাদী সমদল কৰি আহি তেজপুৰ আদালত চাৰিআলিত পুনৰ বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

ইফালে আছুৰ জিলা সভাপতি আৰু সাধাৰণ সম্পাদক অভিজিৎ নাথ আৰু অৰূপ তালুকদাৰে সমদলৰ অন্তত আগবঢ়োৱা বক্তব্যত কয় যে মাতৃভাষা মাধ্যমৰ বিৰুদ্ধে দিল্লী আৰু দিছপুৰ চৰকাৰে চলোৱা ষড়যন্ত্ৰ কোনো কাৰণতে মানি লোৱা নহ'ব ৷ ইয়াক লৈ যদি চৰকাৰ আঁকোৰ-গোজ হৈ থাকে তেন্তে আছুও নিজৰ স্থিতিৰ পৰা আঁতৰি নাযায় ৷

চৰকাৰে যদিহে মাতৃভাষা মাধ্যম-বিৰোধী হঠকাৰী সিদ্ধান্ত বাতিল নকৰে তেন্তে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব বুলিও উল্লেখ কৰে ৷ আগন্তুক দিনত মাতৃভাষা সুৰক্ষাৰ স্বাৰ্থত জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলি চৰকাৰক আছু নেতাদ্বয়ে সকীয়াই দিয়ে ৷

লগতে পঢ়ক :দীপাংক নাথৰ নাম মুখত ল’বলৈয়ো ঘিণ লাগে নগাঁও জিলা ছাত্ৰ সন্থাৰ