ETV Bharat / state

লতাশিলত আছুৰ মুকলি বিহু : গুণীজনক সন্মান-সম্বৰ্ধনা - Bohag Bihu

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 8:45 PM IST

এইবেলিও জজ খেলপথাৰত আছুৱে উদযাপন কৰিলে মুকলি বিহু ৷ আন কাৰ্যসূচীৰ লগতে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই অনা বহু ব্যক্তিক সন্মান যাঁচিলে ছাত্ৰ সংগঠনটোৱে ৷

AASU MUKOLI BIHU 2024
জজ খেলপথাৰত আছুৰ মুকলি বিহু
জজ খেলপথাৰত আছুৰ মুকলি বিহু

গুৱাহাটী, 13 এপ্ৰিল: প্ৰতিবছৰৰ দৰে এই বৰ্ষও সদৌ গুৱাহাটী ছাত্ৰ সন্থাই আজি গৰু বিহুৰ দিনা ঐতিহ্যমণ্ডিত জজ খেলপথাৰত মুকলি বিহু অনুষ্ঠিত কৰে । বিশিষ্ট গীতিকাৰ আৰু সংগীত পৰিচালক প্ৰশান্ত বৰদলৈ আৰু আছুৰ সভাপতি উৎপল শর্মাই পতাকা উত্তোলনৰে এই মুকলি বিহুৰ শুভাৰম্ভ কৰে । শ্বহীদ তর্পন কৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷ উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য ৷

অনুষ্ঠানটোত বছৰটোত অসমলৈ সুনাম কঢ়িয়াই অনা ব্যক্তিসকল ক্ৰমে পদ্মশ্ৰী সন্মানপ্ৰাপক পাৰ্বতী বৰুৱা, দ্ৰোণ ভূঞা, সৰ্বেশ্বৰ বসুমতাৰীক সন্মান জনোৱা হয় । সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক দুলাল ৰয়, ড৹ লক্ষহীৰা দাস , গোবিন্দ শইকীয়া, কৰুণা বৰাক সম্বৰ্ধনা জনোৱা হয় ।

সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক তৰাবতী বড়ি, গুণাকৰ দেৱগোস্বামী, প্ৰয়াত ড৹ প্ৰণৱজ্যোতি ডেকাৰ পৰিয়ালবর্গ, সাহিত্য অকাডেমী বঁটা প্ৰাপক নন্দেশ্বৰ দৈমাৰী, যুদ্ধবীৰ ৰাণাকো সম্বৰ্ধনা জনোৱা হয় ।

উক্ত অনুষ্ঠানতে ৰাষ্ট্ৰীয় চলচিত্ৰ (ৰজত কমল) বঁটাপ্ৰাপক কুলদা কুমাৰ ভট্টাচাৰ্য, ডাঃ জাহানাৰ বেগম, ডাঃ গোপেন্দ্র মোহন দাস, মঞ্জুল বৰুৱা, বিশ্বজিৎ বৰা, লুইত কুমাৰ বৰ্মন, ৰীমা বৰা, প্ৰণৱজ্যোতি ডেকাকো সম্বৰ্ধনা জনোৱা হয় ।

সাহিত্য অকাডেমী অনুবাদ বঁটাপ্ৰাপক ছত্ৰমান চুব্বা, অম্বিকাগিৰী হাজোৱাৰী, লক্ষ্যজ্যোতি গগৈ সন্দিকৈক সম্বৰ্ধনা জনোৱা হয় । ২০২৩ বৰ্ষৰ সাহিত্য অকাডেমী শিশু সাহিত্য বঁটা প্ৰাপক প্ৰাতিমা নন্দী নাৰ্জাৰী । সাহিত্য অকাডেমী যুৱ সাহিত্য বঁটা প্ৰাপক জিন্টু গীতার্থ, মাইনাওশ্ৰী দৈমাৰী, নাইনা অধিকাৰীক সম্বৰ্ধনা জনোৱা হয় ।

২০২২ বর্ষৰসংগীত নাটক অকাডেমী ওস্তাদ বিছমিল্লা খান বঁটা প্ৰাপক মুকুন্দ নাথ, ডিম্পী বৈশ্য, বিনীতা দেবী, ২০২৩ বর্ষৰ সংগীত নাটক অকাডেমী ওস্তাদ বিছমিল্লা খান বঁটা প্ৰাপক মুকুন্দ শইকীয়া, মেঘৰঞ্জনী মেধীক সম্বৰ্ধনা জনোৱা হয় । বিহুত ধেমাজীৰ জোনাইৰ মিচিং জনগোষ্ঠীৰ যুৱক-যুৱতীসকলে ‘গুমৰাগ নৃত্য’, গোৱালপাৰা জিলাৰ জনগোষ্ঠীৰ যুৱক-যুৱতীসকলে ‘ৱাংগালা নৃত্য’ৰ লগতে কেবাটাও প্ৰখ্যাত বিহু হুচৰি দলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: বিহু নিষিদ্ধকৰণ প্ৰত্যাহাৰ কৰিবলৈ ব্ৰিটিছক বাধ্য কৰা চেনিমাইক আপুনি জানেনে?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.