ETV Bharat / state

'কা'ৰ নিয়মাৱলীৰ ওপৰত স্থগিতাদেশ বিচাৰি উচ্চতম ন্যায়ালয়ত আছুৰ আবেদন

author img

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 3:49 PM IST

CAA Rules: ৰ‍াজপথৰ সমান্তৰালকৈ আইনী যুঁজ অব্যাহত ছাত্র সন্থাৰ । দিল্লীত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা । অসমবাসীক 'কা'ৰ বিৰুদ্ধে ভোটৰ ব্ৰহ্মাস্ত্র প্ৰয়োগৰ আহ্বান আছুৰ ।

Anti CAA protests in Assam
উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ আছুৰ নেতৃত্ব

উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ আছুৰ নেতৃত্ব

গুৱাহাটী,১২ মাৰ্চ: নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ৰ নিয়মাৱলীক প্ৰত্যাহ্বান জনাই সদৌ অসম ছাত্র সন্থাই মঙলবাৰে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে । অসাংবিধানিক, সাম্প্ৰদায়িক, খিলঞ্জীয়া বিৰোধী 'কা' কোনো কাৰণতে মানি লোৱা নহ’ব বুলি ইতিমধ্যে ৰাজ্যজুৰি আন্দোলনৰ কাৰ্যসূচী ৰূপায়নৰ সমান্তৰালকৈ আছুৱে আইনী যুঁজখনো চলাই আহিছে ।

উল্লেখ্য যে অসমীয়া জাতিৰ আৱেগ-অনুভূতি আৰু শ্বহীদৰ চৰম ত্যাগক নস্যাৎ কৰি সোমবাৰে সন্ধিয়া বিজেপি চৰকাৰে 'কা'ৰ নিয়মাৱলী প্ৰযোজ্য কৰিলে । কাৰ্যতঃ কেন্দ্ৰীয় চৰকাৰে 'কা' বলৱৎ কৰিলে আৰু ইয়াৰ লগে লগে 'কা' বিৰোধী প্ৰতিবাদত পুনৰ উত্তপ্ত হৈ পৰিছে ৰাজ্য । বিভিন্ন দল-সংগঠনে ৰাজ্যজুৰি 'কা'ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ।

ইতিমধ্যে ৰাজ্যজুৰি আন্দোলনৰ এলানি কাৰ্যসূচী গ্ৰহণ কৰা আছু আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে সোমবাৰে 'কা'ৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । আজিও আছু আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে ৰাজ্যজুৰি জোঁৰ সমদল কৰি 'কা'ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব । ৰাজপথৰ গণতান্ত্রিক আন্দোলনৰ সমান্তৰাকৈ 'কা'ৰ বিৰুদ্ধে আইনী যুঁজ চলাই থকা আছুৱে আজি ‘কা’ৰ নিয়মাৱলীক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে ।

আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা দিল্লীত উপস্থিত হৈ ন্যায়ালয়ৰ দ্বাৰস্থ হয় । আছুৱে 'কা'ৰ নিয়মাৱলীৰ স্থগিতাদেশ বিচাৰি ন্যায়ালয়ত আবেদন কৰে । এই সন্দৰ্ভত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয় যে আমি ৰাজপথৰ সংগ্ৰামৰ লগতে আইনী যুঁজখন চলাই নিম বুলি আগতেই কৈ আহিছো । সোমবাৰে 'কা'ৰ নিয়মাৱলী প্ৰযোজ্য হোৱাৰ লগে লগে আজি উচ্চতম ন্যায়ালয়ত হাজিৰ হৈ 'কা'ৰ নিয়মাৱলীৰ ওপৰত স্থগিতাদেশ বিচাৰি আবেদন কৰা হৈছে ।

ন্যায়ালয়ৰ ওপৰত আস্থা আৰু বিশ্বাস আছে বুলি মন্তব্য কৰি তেওঁ কয় যে ন্যায়ালয়ে 'কা' ৰ বিপক্ষে ৰায় দিব । অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আবেগ-অনুভূতিক ন্যায়ালয়ে বুজিব বুলি আশা প্ৰকাশ কৰি তেওঁ কয় যে সমগ্ৰ দেশৰ বিপৰীতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কথা পৃথক । বিদেশীৰ ক্ষেত্রত ধৰ্মৰ কোনো কথা নাই বুলি সদৰী কৰি তেওঁ কয় যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে কোনো কাৰণতে বিদেশীৰ বোজা গ্ৰহণ নকৰে ।

আজি 'কা'ৰ নিয়মাৱলীৰ স্থগিতাদেশ বিচাৰি ন্যায়ালয়ত আবেদন কৰা হৈছে বুলি প্ৰকাশ কৰি তেওঁ কয় যে ৰাজপথৰ আন্দোলনো সমান্তৰাকৈ অব্যাহত থাকিব । আজি ৰাজ্যজুৰি জোৰ সমদল কৰা হ'ব । এই চৰকাৰখনে গণতন্ত্ৰক বিশ্বাস নকৰে আৰু মানুহৰ কথা নুশুনে । চৰকাৰে কেৱল হিন্দু বিদেশীৰ ভোটৰ বাবে এই আইনখন অসমীয়া মানুহৰ ওপৰত জাপি দিলে । অসমবাসী ৰাইজে ভোটৰ জৰিয়তে ইয়াৰ প্ৰত্যুত্তৰ দিব পাৰে বুলি সদৰী কৰি তেওঁ কয় যে অসমীয়াৰ বুকুত উমি উমি জ্বলি থকা জুইৰ প্ৰত্যুত্তৰ হিচাপে ভোটৰ ব্ৰহ্মাস্ত্র প্ৰয়োগ কৰিব পাৰে ।

তেওঁ লগতে কয় যে 'কা' বিৰোধী আন্দোলনক লৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে । যাৰ বাবে সমগ্ৰ মহানগৰীত বেৰিকেড গঢ়ি তুলিছে । শিক্ষানুষ্ঠানৰ সন্মুখত বেৰিকেড দি নিশ্চিদ্ৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে । 'কা' আন্দোলনক মষিমূৰ কৰাৰ বাবে চৰকাৰখনে বিভিন্ন ধৰণে ভয়-ভাবুকি প্ৰদান কৰি আহিছে । তেওঁ কয় যে মুখ্যমন্ত্রী আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ ভয়-ভাবুকিক অসমৰ ৰাইজে কেৰেপ নকৰে ।

লগতে পঢ়ক: আজিৰে পৰা দেশজুৰি বলৱৎ হ’ল নাগৰিকত্ব সংশোধনী আইন-2019

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.