ETV Bharat / state

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক প্ৰত্যাহ্বান আপৰ ৰাজ্যিক সভাপতিৰ

Opposition Unity Forum: বিৰোধী ঐক্য মঞ্চ সন্দৰ্ভত মিছা আৰু বিভ্ৰান্তিকৰ প্ৰচাৰ বন্ধ কৰাৰ দাবী আপৰ । বিৰোধী ঐক্য মঞ্চৰ নামত কংগ্ৰেছ আৰু অজাপ এ প্ৰক্ষেপ কৰা প্ৰাৰ্থীসকল কোনোপধ্যেই সন্মিলিত বিৰোধীৰ প্ৰাৰ্থী নহয় । ভূপেন বৰাক ২৪ ঘন্টাৰ ভিতৰত বিৰোধী ঐক্য মঞ্চৰ ১৬ টা দলৰ স্বাক্ষৰৰ সৈতে লোকসভাৰ প্ৰাৰ্থীৰ আনুষ্ঠানিক ঘোষণাপত্ৰ প্ৰকাশৰ দাবী । কংগ্ৰেছৰ আকোঁৰগোজ স্থিতিৰ বাবেই অসমত বিফল হ'ল বিৰোধীৰ মিত্ৰতা ।

AAP state president challenges APCC president Bhupen Bora
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক প্ৰত্যাহ্বান আপৰ ৰাজ্যিক সভাপতিৰ
author img

By ETV Bharat Assamese Team

Published : March 20, 2024 at 9:20 PM IST

3 Min Read
Choose ETV Bharat
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক প্ৰত্যাহ্বান আপৰ ৰাজ্যিক সভাপতিৰ

গুৱাহাটী,২০ মাৰ্চ: কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদ চমুকৈ অজাপৰ দলীয় প্ৰাৰ্থীক বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ নকৰিবলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক দাবী জনাইছে আম আদমি পাৰ্টী চমুকৈ আপৰ ৰাজ্যিক সভাপতি ডাঃ ভৱেন চৌধুৰীয়ে । কংগ্ৰেছ নেতৃত্বৰ বিৰোধী ঐক্য মঞ্চ সন্দৰ্ভত বুধবাৰে এইদৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ডাঃ ভবেন চৌধুৰীয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

কংগ্ৰেছ আৰু অজাপৰ নেতৃত্বৰ লগতে দুয়োটা দলৰ প্ৰাৰ্থীসকলক বিৰোধী ঐক্য মঞ্চ সন্দৰ্ভত সংবাদ মাধ্যমত মিছা আৰু বিভ্ৰান্তিকৰ প্ৰচাৰ বন্ধ কৰিবলৈ দাবী জনাই তেওঁ কয় যে, বিৰোধী ঐক্য মঞ্চৰ নামত কংগ্ৰেছ আৰু অজাপ এ প্ৰক্ষেপ কৰা প্ৰাৰ্থীসকল কোনোপধ্যেই সন্মিলিত বিৰোধীৰ প্ৰাৰ্থী নহয় । বিৰোধী ঐক্য মঞ্চৰ নেতা ভূপেন বৰাক ২৪ ঘন্টাৰ ভিতৰত বিৰোধী ঐক্য মঞ্চৰ ১৬ টা দলৰ স্বাক্ষৰৰ সৈতে লোকসভাৰ প্ৰাৰ্থীৰ আনুষ্ঠানিক ঘোষণাপত্ৰ প্ৰকাশ কৰিবলৈ তেওঁ দাবী জনায় ।

আপৰ নেতাগৰাকীয়ে কয় যে যদি ২৪ ঘন্টাৰ ভিতৰত এনে কোনো ঘোষণা প্ৰকাশ কৰিব নোৱাৰে তেন্তে অসমত যে কেৱল কংগ্ৰেছ আৰু অজাপৰহে মিত্ৰতা আছে সেই কথা স্পষ্ট হ’ব । গুৱাহাটীৰ আসন প্ৰত্যাহাৰ কৰি আপৰ সৰ্বোচ্চ ত্যাগৰ পিচতো অসমত বিৰোধী ঐক্য সম্ভৱ নহ'ল বুলি সদৰী কৰি ডাঃ চৌধুৰীয়ে কয় যে কংগ্ৰেছৰ আকোঁৰগোজ স্থিতিৰ বাবেই অসমত বিফল হ’ল বিৰোধী মিত্ৰতা ।

আপে গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থী প্ৰত্যাহাৰ কৰাৰ পাচত কংগ্ৰেছে শোণিতপুৰ আৰু ডিব্ৰুগড়ৰ আসনৰ পৰা প্ৰাৰ্থী প্ৰত্যাহাৰ নকৰি তেওঁলোকে প্ৰমাণ কৰিলে যে বিজেপিক পৰাস্ত কৰাৰ কোনো আগ্ৰহ নাই কংগ্ৰেছৰ । এনেদৰে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে আপৰ নেতাগৰাকী । উল্লেখ্য যে কংগ্ৰেছৰ নেতৃত্বত অসমত ১৬ টা বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধ হৈ বিৰোধী ঐক্য মঞ্চ গঠন কৰিছে ।

বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত বিৰোধী ঐক্য মঞ্চই প্ৰতিটো সমষ্টিত উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও কংগ্ৰেছ দলে ১৩ টা সমষ্টিত নিজা প্ৰাৰ্থী প্ৰদান কৰাৰ বিপৰীতে একমাত্র ডিব্ৰুগড় সমষ্টিটো অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈক এৰি দিয়ে । যাৰ ফলত বিৰোধী ঐক্য মঞ্চত অসন্তুষ্টিয়ে দেখা দিয়ে আৰু আপকে ধৰি কেইবাটাও দলে কেইবাটাও সমষ্টিত নিজাকৈ প্ৰাৰ্থী তালিকা ঘোষণা কৰে ।

বিৰোধী ঐক্য মঞ্চৰ এনে প্ৰেক্ষাপটত কংগ্ৰেছ আৰু অজাপ এ নিজৰ প্ৰাৰ্থীক বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী বুলি কোৱাকলৈ সৰৱ হৈ পৰিছে আপৰ সভাপতি ডাঃ ভৱেন চৌধুৰী । যাৰ বাবে আজি তেওঁ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছ দলৰ সভাপতিক স্থিতি স্পষ্ট কৰাৰ দাবী জনায় ।

লগতে পঢ়ক: কংগ্ৰেছৰ ওপৰি বিৰোধী ঐক্যমঞ্চৰ প্ৰথম প্ৰাৰ্থী হিচাপে ডিব্ৰুগড়ত প্ৰক্ষেপিত লুৰীণজ্যোতি গগৈ