আপৰ প্ৰাৰ্থিত্ব লাভ কৰিয়েই ডিব্ৰুগড়ত ৰণচালি ধৰিছে মনোজ ধানোৱাৰে
Loksabha election 2024: আপৰ প্ৰাৰ্থিত্ব লাভ কৰি উৎফুল্লিত মনোজ ধানোৱাৰ ৷ বিৰোধী ঐক্য মঞ্চই এটা সমষ্টিত এজন প্ৰাৰ্থীকেই প্ৰক্ষেপ কৰাৰ পোষকতা কৰে নেতাগৰাকীয়ে ৷

Published : February 9, 2024 at 10:37 PM IST
ডিব্ৰুগড়, 9 জানুৱাৰী: সমাগত লোকসভা নিবাৰ্চনক লৈ শাসক-বিৰোধী সকলো তৎপৰ হৈছে । 2024 ৰ লোকসভা নিৰ্বাচনত শাসক দল বিজেপিয়ে 12 খন আসনত জয়লাভ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে । ইয়াৰ মাজতে ৰাজ্যত প্ৰথমবাৰলৈ সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বিৰোধী ঐক্য মঞ্চত থকা আপে ৰাজ্যৰ তিনিটা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে । লগে লগেই স্পষ্ট হ’ল বিৰোধীত বিভাজনৰ ছবিখন ৷
- " class="align-text-top noRightClick twitterSection" data="">
ইতিমধ্যে ৰাষ্ট্ৰীয় স্তৰত সংগঠিত ইণ্ডি মিত্ৰজোঁটতো ফাঁট মেলিছে ৷ আপে পৃথককৈ প্ৰাৰ্থী ঘোষণা কৰা কথাটোকলৈ ক্ষোভ প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়েও ৷
ডিব্ৰুগড় লোকসভা সমষ্টিত আপে মনোজ ধানোৱাৰৰ নাম ঘোষণা কৰিছে । ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা মনোজ ধানোৱাৰে আপৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ পিচত শুকুৰবাৰৰ পৰা আৰম্ভ কৰিছে নিৰ্বাচনী কাম-কাজ । আজি দলীয় কৰ্মীয়ে ডিব্ৰুগড়ত আদৰণি জনায় মনোজ ধানোৱাৰক । ডিব্ৰুগড়স্থিত নিজ গৃহত দলীয় কৰ্মী-সমৰ্থকে বিপুল আদৰণি জনোৱাৰ পাচতে অনুষ্ঠিত কৰে এখন গুৰুত্বপূৰ্ণ সাংগঠনিক সভা ।
সভাত সমষ্টিটোৰ অন্তৰ্গত আপৰ প্ৰতিগৰাকী শীৰ্ষ নেতৃত্বই অংশগ্ৰহণ কৰে । প্ৰাৰ্থিত্ব লাভ কৰিয়েই আজি ডিব্ৰুগড়ত প্ৰথম প্ৰতিক্ৰিয়া প্ৰদান কৰি আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে কয় যে বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্যমঞ্চই এজন প্ৰাৰ্থী দিলে ডিব্ৰুগড়ত জয়লাভ কৰাটো নিশ্চিত । অসমত বিৰোধী ঐক্য শক্তিশালী হোৱা অতি প্ৰয়োজন বুলিও কয় আপৰ প্ৰাৰ্থীগৰাকীয়ে ।
ডিব্ৰুগড়ত অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈক প্ৰাৰ্থিত্ব দিয়াতো নিশ্চিত বুলি দাবী কৰি অহা বিষটোত মন্তব্য প্ৰকাশ কৰি মনোজ ধানোৱাৰে কয় যে বিৰোধী ঐক্যমঞ্চত কোনো দিনেই অসম জাতীয় পৰিষদে ডিব্ৰুগড়ৰ পৰা নিৰ্বাচন খেলাৰ কথা উল্লেখ কৰা নাই ৷ কেৱল এইয়া সংবাদ মাধ্যমৰহে সৃষ্টি । আপে প্ৰাৰ্থী দিয়াৰ পাছত এতিয়া বিৰোধী ঐক্যমঞ্চই ডিব্ৰুগড়ত প্ৰাৰ্থিত্ব প্ৰদান কৰে নে আপক ডিব্ৰুগড় এৰি দিয়ে সেয়াহে লক্ষ্যণীয় হ'ব ।
লগতে পঢ়ক: আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ প্ৰাৰ্থিত্বক লৈ সৃষ্টি হৈছে বিতৰ্কৰ

