ETV Bharat / politics

আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ প্ৰাৰ্থিত্বক লৈ সৃষ্টি হৈছে বিতৰ্কৰ

author img

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 6:02 PM IST

Rishiraj Kaundinya: ভুৱা ৱৰ্ক অর্ডাৰেৰে বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগত অভিযুক্ত ঋষিৰাজ কৌণ্ডিন্য ৷ গ্ৰেপ্তাৰো হৈছিল তেওঁ ৷ কিন্তু আম আদমি পাৰ্টিয়ে তেওঁকেই সমাগত নিৰ্বাচনৰ প্ৰাৰ্থী হিচাবে প্ৰক্ষেপ কৰিছে ৷ বিষয়টোৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে আপ, অসমৰ সভাপতিয়ে ৷

Rishiraj Kaundinya AAP Assam
আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিল্য

গুৱাহাটী, ৯ ফেব্ৰুৱাৰী : ঐক্যমঞ্চক একাষৰীয়া কৰি বৃহস্পতিবাৰে আম আদমি পাৰ্টিয়ে ঘোষণা কৰিলে অসমৰ তিনি লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ৷ ইয়াৰে শোণিতপুৰ লোকসভা সমষ্টিৰ বাবে ঘোষিত আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ প্ৰাৰ্থিত্বক লৈ সৃষ্টি হৈছে বিতৰ্কৰ ।

ঋষিৰাজ কৌণ্ডিন্যক লৈ সৃষ্টি হোৱা বিতৰ্কই খলকনিৰ সৃষ্টি কৰিছে আম আদমি পাৰ্টীৰ ভিতৰচ’ৰাত । উল্লেখ্য যে প্ৰৱঞ্চনাৰ গোচৰৰ অভিযোগ আছে আপৰ প্ৰাৰ্থী কৌণ্ডিন্যৰ বিৰুদ্ধে ৷ মহানগৰীৰ ক্ৰাইম ব্ৰান্সে গ্ৰেপ্তাৰো কৰিছিল লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ দিশে আগবঢ়া ঋষিৰাজ কৌণ্ডিন্যক ৷

ভুৱা পৰিচয় দি কৌণ্ডিন্যই ভুৱা ৱৰ্ক অর্ডাৰেৰে ৪১ লাখ টকা লুট কৰাৰ অভিযোগত ভাৰতীয় দণ্ডবিধি আইনৰ 420/406/468/38 ধাৰাৰ অধীনত 3244/17 নম্বৰত ৰুজু হৈছিল গোচৰ ।‌ ইয়াৰ পিচত গুৱাহাটী ক্ৰাইম ব্ৰান্সে কৌণ্ডিন্য়ক গ্ৰেপ্তাৰো কৰিছিল । উক্ত গোচৰটো বৰ্তমান আদালতৰ বিচাৰাধীন হোৱা নাই যদিও আপৰ কেন্দ্ৰীয় নেতৃত্বই অপৰাধীক প্ৰাৰ্থিত্ব দিয়াক লৈ অসমত আপৰ কৰ্মকৰ্তাৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

অৱশ্যে ঋষিৰাজ কৌণ্ডিন্যৰ বিৰুদ্ধে কৰা অভিযোগ খণ্ডন কৰিছে আপ, অসমৰ সভাপতি ভৱেন চৌধুৰীয়ে । তেওঁ কয় যে এয়া পুৰণি গোচৰ । তেওঁক যদি আদালতে অভিযুক্ত কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰক ।‌ ভৱেন চৌধুৰীয়ে ইয়াৰপৰি কয় যে আপৰ কেন্দ্ৰীয় নেতৃত্বই সকলো দিশ চালিজাৰি চাইহে প্ৰাৰ্থিত্ব দিছে । কিন্তু এই সন্দৰ্ভত আপৰ ৰাজ্যিক কমিটিৰ তৰফৰ পৰা বিষয়টো তদন্ত কৰি থকা হৈছে ।

উল্লেখ্য যে ‘আপ’ৰ মুখ্য কাৰ্যালয়ত দলৰ সাধাৰণ সম্পাদক তথা ৰাজ্যসভাৰ সাংসদ সন্দীপ পাঠকে সংবাদমেলযোগে ডিব্ৰুগড়ত মনোজ ধানোৱাৰ, গুৱাহাটীত ভবেন চৌধুৰী আৰু শোণিতপুৰত ঋষিৰাজ কৌণ্ডিন্যই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব‌ বুলি ঘোষণা কৰিছিল । ইয়াকে লৈ অসমত বিৰোধী ঐক্যমঞ্চৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।‌ যিহেতু আম আদমি পাৰ্টী হৈছে বিৰোধী ঐক্যমঞ্চৰ অন্যতম সহযোগী দল ।

লগতে পঢ়ক: বিজেপিৰ বিৰুদ্ধে উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ পোষকতা লুৰীণজ্যোতি গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.