ETV Bharat / state

মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত আমছুৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 4:59 PM IST

Protest in Moirabari FRU
মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত আমছুৰ প্ৰতিবাদ

Protest in Moirabari FRU: মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে আমছুৰ অৱস্থান ধৰ্মঘট । হাস্পতালখনত দীৰ্ঘদিন ধৰি লুণ্ঠনৰাজ আৰু অৰাজকতা চলি থকাৰ অভিযোগ আমছুৰ । ভাৰপ্ৰাপ্ত চিকিৎসক আব্দুল ছালামক শীঘ্ৰে বদলিকৰণৰ দাবী প্ৰতিবাদকাৰীৰ ।

মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত আমছুৰ প্ৰতিবাদ

ধিং,৬ ফেব্ৰুৱাৰী : মৰিগাঁও জিলাৰ মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত দীৰ্ঘদিন ধৰি বিভিন্ন ধৰণৰ কেলেংকাৰী আৰু লুণ্ঠনৰাজ চলি আছে । এই অভিযোগ সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ । আমছুৰ অভিযোগ অনুসৰি ভাৰপ্ৰাপ্ত চিকিৎসক আব্দুল ছালামৰ নেতৃত্বত হাস্পতালখনত বিভিন্ন ধৰণৰ লুণ্ঠন চলি আছে । যাৰ বাবে আমছুকে ধৰি বিভিন্ন সংগঠনে মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়খনৰ বাহিৰত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে । ভাৰপ্ৰাপ্ত চিকিৎসক আব্দুল ছালামক বদলিৰ লগতে হাস্পতালখনত চলি থকা বিভিন্ন ধৰণৰ লুণ্ঠন বন্ধ কৰাৰ দাবীত প্ৰতিবাদকাৰীসকলে পৰিৱেশ উত্তাল কৰি তোলে ।

আমছুৱে অভিযোগ কৰা মতে বিদ্যুৎ কৰ্তনৰ পিচত মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত জেনেৰেটৰ থকাৰ পাছতো কণমানি শিশুক ম'বাইলৰ টৰ্চৰ পোহৰত চেলাইন দিয়াৰ লগতে মম জ্বলাই ৰোগীক বেজী দিয়াৰ ঘটনা সংঘটিত হৈছে । চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত চিকিৎসক আব্দুল ছালামে এজন দালালৰ যোগেদি মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ৰ বাবে অহা উন্নয়নৰ ধন আত্মসাৎ কৰাৰো অভিযোগ আমছুৰ । প্ৰসূতি মাতৃৰ বাবে অহা ধনো হাস্পতাল কৰ্তৃপক্ষই আত্মসাৎ কৰাৰ অভিযোগ কৰিছে আমছুৱে । ৰোগীসকলৰ বাবে যোগান ধৰা খাদ্য হৰলুকি কৰাৰ লগতে গৰ্ভৱতী মহিলাৰ পৰা ধন লোৱাৰো অভিযোগ আছে হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে ।

কেৱল এয়াই নহয়, আমছুসহ প্ৰতিবাদকাৰীসকলে হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰে । ইফালে সকলো লুণ্ঠনৰাজৰ নায়ক ডাঃ আব্দুল ছালামক শীঘ্ৰে বদলি কৰাৰ দাবী জনাই আমছুৰ নেতা-কৰ্মীসকলে । বিভিন্ন দাবীৰে প্ৰতিবাদকাৰীসকলে লাহৰিঘাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ স্বাস্থ্য মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰদান কৰে । আনহাতে এই ক্ষেত্ৰত স্বাস্থ্য মন্ত্ৰী তথা চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আমছুৱে ৰাজ্যজুৰি ভয়ংকৰ আন্দোলন কৰাৰো হুংকাৰ দিয়ে ।

লগতে পঢ়ক :মাধ্যম বিতৰ্ক: লখিমপুৰত শিক্ষা মন্ত্ৰীৰ পুত্তলিকা দাহ আছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.