ETV Bharat / state

চৰকাৰী কৰ্মচাৰীয়ে ডিঙিত ধৰি ভিতৰলৈ সুমুৱাই লৈ গ’ল গ্ৰাহকক ! - allegation of misconduct

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 12:27 PM IST

Govt workers behaviour in Assam: যোৰহাটৰ প্ৰধান ডাকঘৰত পইচা জমা থবলৈ অহা গ্ৰাহকক ডাক কৰ্মচাৰীৰ দ্বাৰা প্ৰহাৰ কৰাৰ অভিযোগ । যোৰহাটৰ প্ৰধান ডাকঘৰত সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতি ।

a customer alleges of misbehaviour by staff of jorhat head post office
উত্তপ্ত পৰিস্থিতি (ETV BHARAT ASSAM)

উত্তপ্ত পৰিস্থিতি (ETV BHARAT ASSAM)

যোৰহাট, 8 মে’ : বিভিন্ন চৰকাৰী প্ৰতিষ্ঠানত একাংশ চৰকাৰী কৰ্মচাৰীয়ে বিভিন্ন সময়ত গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰি অহাৰ ঘটনা আমি প্ৰায়ে দেখিবলৈ, শুনিবলৈ পাওঁ ৷ অতিকে ব্যস্ত থকাৰ অজুহাত লৈ বহু কৰ্মচাৰীয়ে অতিকে জৰুৰী কামত যোৱা গ্ৰাহকক ভালকৈ মাত এষাৰ দিব নিবিচাৰে ৷ পিছে ডেস্কৰ পৰা মূৰ তুলি ওপৰলৈ চাব নোৱাৰা ব্যস্ততা কেৱল কৰ্মচাৰীসকলৰে নাথাকে বুলি তেওঁলোকে বুজা উচিত ৷

কাম নথকাকৈ কোনো মানুহে ডাকঘৰ, বেংক আদিত দীঘলীয়া শাৰীত থিয় হ’বলৈ নাযায় ৷ দুৰ্ব্যৱহাৰ কৰাৰ লগতে অশ্ৰাব্য ভাষা ব্যৱহাৰ কৰি গালি পৰাও কেতিয়াবা কেতিয়াবা দেখিবলৈ পোৱা যায় ৷ এনে এক অনুৰূপ ঘটনা সংঘটিত হ’ল কেন্দ্ৰীয় চৰকাৰৰ এটি সংস্থা ডাক বিভাগত । মঙলবাৰে যোৰহাটৰ প্ৰধান ডাকঘৰত ডাক কৰ্মচাৰী আৰু গ্ৰাহকৰ মাজত কথাৰ কটাকটি লাগে ৷

ঘটনাটো এনে ধৰণৰ, এজন গ্ৰাহকে যোৰহাট নগৰত থকা মুখ্য ডাকঘৰত নিজৰ সাঁচতীয়া ধন জমা কৰিবলৈ অন্য গ্ৰাহকৰ দৰে শাৰী পাতি থাকে ৷ শাৰী পাতি থকাৰ সময়তে ডাকঘৰৰ মূল কাউন্টাৰত থকা ডাক কৰ্মচাৰীজনক ধন জমা কৰিবলৈ শাৰী পাতি থকা গ্ৰাহকজনে অনুৰোধ জনাই, তাতেই ডাক বিভাগৰ কৰ্মচাৰীজন অতিষ্ঠ হৈ উঠে ৷ গ্ৰাহকজনক নানা ধৰণৰ অশ্লীল গালি-গালাজ পৰাৰ লগতে ডিঙিত ধৰি চোঁচাৰাই নিবলৈ উদ্যত হয় বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে তেওঁৰ বিৰুদ্ধে ।

এয়া কেৱল এদিনৰ ঘটনাৰ উদাহৰণ নহয়, প্ৰায়েই এনে ধৰণৰ ঘটনা সংঘটিত হৈ থাকে বুলি অন্য ভুক্তভোগী গ্ৰাহকে জানিবলৈ দিছে । যোৰহাট নগৰৰ মূল ডাকঘৰত বৰ্তমান একাংশ কৰ্মচাৰীৰ বাবে গ্ৰাহকে পইচা জমা কৰা আৰু জমা ধন উলিয়াই নিয়াৰ ক্ষেত্ৰত সংশয়ত ভুগিব লগা হৈছে ।

সেয়েহে এনেধৰণৰ মানসিকতা থকা কৰ্মচাৰীৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই ভুক্তভোগী আৰু সচেতন ৰাইজে । সময়তহে দেখিবলৈ পোৱা যাব এইসকল কৰ্মচাৰীৰ বিৰুদ্ধে ঊৰ্ধ্বতন কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে ?

লগতে পঢ়ক : বোৱাৰী হত্যাৰ অৱসান কেতিয়া ? - crime against daughter in law

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.