ETV Bharat / state

সুদৰ ব্যৱসায়ত নামিছে বিজেপি নেত্ৰীও ! মৰিয়নীত সুদখোৰ দম্পতীৰ অত্যাচাৰৰ বলি দৰিদ্ৰ মহিলা

author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 1:23 PM IST

Private money lenders: মৰিয়নীত সুদখোৰ দম্পতীৰ তাণ্ডৱ ৷ ধনৰ বিনিময়ত দৰিদ্ৰ লোকক হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন ৷ অভিযুক্ত বিজেপি দলৰ সদস্য বুলি জানিব পৰা গৈছে ৷

Operation against Private money lenders
মিছন সুদখোৰ : এইবাৰ সুদখোৰৰ ৰূপত খোদ বিজেপি কৰ্মী

এইবাৰ সুদখোৰৰ ৰূপত খোদ বিজেপি কৰ্মী

যোৰহাট, 26 ফেব্ৰুৱাৰী : ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুদখোৰৰ বিৰুদ্ধে অভিযান অব্যাহত আছে । এই অভিযানত আৰক্ষীৰ জালত পৰিছে ইটোৰ পিচত সিটোকৈ বহুকেইটা সুদখোৰ । এইবাৰ যোৰহাট জিলাৰ মৰিয়নীত সুদখোৰৰ ৰূপত ধৰা পৰিছে খোদ বিজেপি কৰ্মী । মুখ্যমন্ত্ৰীক বুঢ়া আঙুলি দেখুৱাই মৰিয়নীত এটা সুদখোৰ দম্পতীৰ তাণ্ডৱ ৷

অভিযোগ অনুসৰি মৰিয়নীৰ বিজেপি কৰ্মী দিলীপ দে' আৰু তেওঁৰ সুদখোৰ পত্নীয়ে সংগীতা সৰকাৰ নামৰ এগৰাকী দৰিদ্ৰ মহিলাক এবছৰ পূৰ্বে 20 হাজাৰ টকা সুদলৈ দিছিল ৷ তাৰ বিনিময়ত মহিলাগৰাকীৰ পৰা সুদখোৰ দম্পতীটোৱে প্ৰতিমাহে 4 হাজাৰ টকাকৈ সুদ লয় ৷ সেই ধনৰ বিনিময়ত 20 শতাংশকৈ সুত দিব নোৱাৰাৰ বাবে সংগীতা সৰকাৰ নামৰ মহিলাগৰাকীৰ ঘৰত ভয়-ভাবুকিৰে তাণ্ডৱ চলায় সুদখোৰ দম্পতীটোৱে ।

আনকি সুদখোৰ ৰূপী দম্পতীটোৱে সংগীতা সৰকাৰৰ পাঁচ মাহৰ মাহিলি বেতন বন্ধ কৰি থোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

লক্ষণীয় যে, সাম্প্ৰতিক সময়ত ৰাজ্য চৰকাৰে সুদখোৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে । তৎস্বত্বেও কিন্তু বহু অঞ্চলত এতিয়াও সুদখোৰৰ পৰা পৰিত্ৰাণ পোৱা নাই দৰিদ্ৰ জনতাই । ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুদখোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ অসম আৰক্ষীক নিৰ্দেশ দিয়াৰ পিচতে আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা সুদখোৰক গ্ৰেপ্তাৰ কৰিছে । কিন্ত এতিয়াও আৰক্ষীৰ অজ্ঞাতে ৰাজ্য ভিন্ন প্ৰান্তত সুদখোৰৰ উপদ্ৰৱ চলি আছে ।

কিন্তু এই ঘটনাৰ বিপৰীতে মৰিয়নী আৰক্ষীয়ে সুদখোৰৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ আৰক্ষীৰ এই নীৰৱ ভূমিকাই স্থানীয় লোকসকলক হতবাক কৰি তুলিছে ৷ পৰৱৰ্তী সময়ত এই সন্দৰ্ভত কি আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰিবনে ?

লগতে পঢ়ক: সুদৰ বিনিময়ত টকা ধাৰে লোৱা লোকক সকাহ প্ৰদান ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.