ETV Bharat / state

আৰম্ভ হ'ল ৯১ সংখ্যক বেতিয়নী ৰঙালী বিহু - RONGALI BIHU 2024

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 10:02 PM IST

Rangali Bihu 2024: আৰম্ভ হ'ল গোলাঘাটত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অসমৰ প্ৰথমখন মঞ্চ বিহু সদৌ বেতিয়নী ৰঙালী বিহু সন্মিলন । ৯১ বৰ্ষত ভৰি দিয়া এই বিহু সন্মিলনখনি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ।

91st Betiyoni Rongali Bihu begins in Golaghat
আৰম্ভ হ'ল ৯১ সংখ্যক বেতিয়নী ৰঙালী বিহু
আৰম্ভ হ'ল ৯১ সংখ্যক বেতিয়নী ৰঙালী বিহু

গোলাঘাট,১৩ এপ্ৰিল: অসমৰ ঐতিহাসিক বিহু সন্মিলনখন বেতিয়নী বিহু সন্মিলন । আজিৰে পৰা আৰম্ভ হল অসমৰ প্ৰথম মঞ্চ বিহু হিচাপে খ্যাত সদৌ বেতিয়নী ৰঙালী বিহু সন্মিলন । ৯১ বৰ্ষত ভৰি দিয়া এই বিহু সন্মিলনখনি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে । আজি প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে স্থায়ী সমিতি আৰু উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে ক্ৰমে সভাপতিদ্বয় দিলীপ বৰুৱা আৰু নৰেন বৰাই ।

ইয়াৰ পিচতেই শ্বহীদ তৰ্পণ কৰে সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা শান্তনু দত্তই, তাৰ লগে লগে বৃক্ষৰোপণৰ কাৰ্যসূচী সম্পন্ন কৰা হয় । ইয়াৰ মাজতে চেমনীয়া বিহু‌ দলে হুচৰি পৰিৱেশন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে । বিহুৰ পৰম্পৰা ৰক্ষা কৰি অঞ্চলটোৰ জ্যেষ্ঠ ব্যক্তিসকলক জলপান আপ্যায়ণ কৰি তেওঁলোকৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ এক ব্যতিক্ৰমী অনুষ্ঠানো অনুষ্ঠিত কৰা হয় ।

বিহু মঞ্চৰ চৌহদত অসমীয়া গ্ৰাম্যজীৱনৰ কৃষক সমাজত প্ৰচলিত পৰম্পৰাগত কৃষি সঁজুলিৰ এক প্ৰদৰ্শনীগৃহৰো ব্যৱস্থা কৰা হৈছে । নৱ প্ৰজন্মক এই কৃষি সঁজুলিসমূহ চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে ৰখা এই প্ৰদৰ্শনীগৃহৰ দ্বাৰ উন্মোচন কৰে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ অমিয় কুমাৰ বৰাই । ইয়াৰ পিচতেই কেইবাটাও পৰম্পৰাগত খেল কণী যুঁজ, ৰছী টনা ইত্যাদিৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় ।

এই প্ৰতিযোগিতাসমূহ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে এসময়ৰ বিশিষ্ট ফুটবল খেলুৱৈ তথা সমাজকৰ্মী মাখন হাজৰিকাই । দ্বিতীয় দিনা সন্ধিয়া বিহুৱতী প্ৰতিযোগিতা, জেং বিহু প্ৰতিযোগিতাকে ধৰি কেইবাটাও সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে । তৃতীয় তথা অন্তিম দিনা অনুষ্ঠিত হ'বলগীয়া বিহুৰ ওলগনি অনুষ্ঠানত সদৌ বেতিয়নী ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা পোন প্ৰথমবাৰৰ বাবে ৰূপালী কুঁৱৰী আইদেউ সন্দিকৈ বঁটা প্ৰদান কৰা হব আৰু এই বৰ্ষৰ বাবে এই বঁটা প্ৰখ্যাত লোকশিল্পী নোমল চন্দ্ৰ শইকীয়াক প্ৰদান কৰা হ'ব বুলি উদ্যোক্তাই সদৰী কৰে ।

লগতে পঢ়ক: কপৌ-কেতেকীৰ গোন্ধে আমোলমোলাইছে টংকেশ্বৰ দলৈৰ বাৰী - Bohag Bihu

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.