ETV Bharat / state

আমি খুব দ্ৰুত গতিত পৰিৱৰ্তনৰ দিশে আগবাঢ়িছো : ডাঃ ৰণোজ পেগু

Republic day : তিনিচুকীয়াত ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷

republic day observed in tinsukia
৭৫ সংখ্যক গণৰাজ্য দিৱস
author img

By ETV Bharat Assamese Team

Published : January 26, 2024 at 1:42 PM IST

2 Min Read
Choose ETV Bharat
৭৫ সংখ্যক গণৰাজ্য দিৱস

তিনিচুকীয়া, ২৬ জানুৱাৰী : আজি দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস ৷ দেশবাসীয়ে উলহ-মালহেৰে উদযাপন কৰিছে গণৰাজ্য দিৱস ৷ দেশৰ সমান্তৰালকৈ অসমতো গণৰাজ্য দিৱসৰ দিনটোত ৰাজ্যবাসীৰ মাজত উছাহ-উদ্দীপনা দেখিবলৈ পোৱা গৈছে ৷ পুৱাৰে পৰা ঠায়ে ঠায়ে পতাকা উন্মোচন কৰা হৈছে ৷ ঠাই বিশেষে জনসাধাৰণ স্বতস্ফূৰ্তভাৱে ওলাই অহাও পৰিলক্ষিত হৈছে ৷

কিন্তু এইবাৰ গণৰাজ্য দিৱসত অসমৰ প্ৰতিটো প্ৰান্ততে নিৰাপত্তাৰ দিশটোত বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰক্ষী তথা প্ৰশাসনে ৷ কিয়নো আনুষ্ঠানিকভাৱে আলফা ভংগ হোৱাৰ পাচতেই আলফা (স্বা) এ গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান জনাইছিল ৷ গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা গণৰাজ্য দিৱসত কটকটীয়া নিৰাপত্তাৰ লগতে যথেষ্ট সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে তিনিচুকীয়াৰ বৰগুৰিস্থিত উদ্যোগিক কাৰিকৰী প্ৰশিক্ষণৰ খেলপথাৰত তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত পালন কৰা হয় ৭৫ সংখ্যক গণৰাজ্য দিৱস ৷ তিনিচুকীয়াৰ গণৰাজ্য দিৱসত আজি ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মুখ্য অতিথি হিচাপে উপস্থিত থাকি জাতীয় পতাকা উন্মোচন কৰে আৰু শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে জিলা আয়ুক্ত স্বপ্নীল পাল আৰু আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপ ৷

republic day observed in tinsukia
৭৫ সংখ্যক গণৰাজ্য দিৱস

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে পতাকা উত্তোলন কৰাৰ পাচতে আৰক্ষী, অৰ্ধসামৰিক বাহিনী, এন চি চি, বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পেৰেডক সম্বোধন কৰে ৷ সমান্তৰালভাৱে ভাৰতীয় সেনাই প্ৰদৰ্শন কৰা অস্ত্ৰ-শস্ত্ৰসমূহ পৰ্যবেক্ষণ কৰে আৰু ভাৰতীয় সেনাৰ জোৱানসকলৰ সৈতে বাৰ্তালাপ কৰে তেওঁ । পৰৱৰ্তী সময়ত নিজ কৰ্মৰ জৰিয়তে বিশেষ বিশেষ সন্মান লাভ কৰা জিলাখনৰ কেবাগৰাকীও লোকক বঁটা প্ৰদান কৰে আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে গণৰাজ্য দিৱসৰ সামৰণি মাৰে ৷

লগতে পঢ়ক : 75 সংখ্যক গণৰাজ্য দিৱস, জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ দ্বাৰা সোণাৰিত পতাকা উন্মোচন