ETV Bharat / state

ইক্ৰামুল হুছেইনৰ গণহত্যা: মূল অভিযুক্ত সঞ্জীৱ বৰ্মনসহ 5 জনক আটক

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 4:17 PM IST

Ganeshguri mob lynching case: বৃহস্পতিবাৰে দিছপুৰ আৰক্ষীয়ে ইক্ৰামুল হুছেইনৰ হত্যাৰ মূল অভিযুক্ত সঞ্জীৱ বৰ্মনক গ্ৰেপ্তাৰ কৰে লগতে জিতু বৈশ্য নামৰ এজন লোককো গ্ৰেপ্তাৰ কৰে । লগতে ঘটনাৰ লগতে জড়িত আন চাৰিগৰাকী লোকক আটক কৰি ইতিমধ্যে জেৰা চলাই আছে দিছপুৰ আৰক্ষীয়ে ।

Etv BharatGaneshguri mob lynching case
ইক্ৰামুল হুছেইনৰ গণহত্যাৰে জড়িত মূল অভিযুক্ত সঞ্জীৱ বৰ্মনসহ 5 জনক আটক

গুৱাহাটী, ৮ ফেব্ৰুৱাৰী: ৰাজ্যজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে গণপ্ৰহাৰৰ ঘটনা ৷ যোৱা 5 ফেব্ৰুৱাৰীৰ নিশা প্ৰায় 10 বজাত গণেশগুৰিৰ বিশাল মেগা মাৰ্টৰ সন্মুখত সামান্য কথাতে গণপ্ৰহাৰৰ বলি হয় ইক্ৰামুল হুছেইন নামৰ এজন যুৱক ৷ তাৰ পিচতে 6 ফেব্ৰুৱাৰীৰ নিশা প্ৰায় 9.40 বজাত দিছপুৰ পলিক্লিনিকত ইক্ৰামুলে মৃত্যুক আকোৱালি লয় ৷

বৃহস্পতিবাৰে দিছপুৰ আৰক্ষীয়ে ইক্ৰামুল হুছেইনৰ হত্যাৰ মূল অভিযুক্ত সঞ্জীৱ বৰ্মনক গ্ৰেপ্তাৰ কৰে লগতে জিতু বৈশ্য নামৰ এজন লোককো গ্ৰেপ্তাৰ কৰে । পুৱা নলবাৰীৰ বেলশৰৰ পৰা গ্ৰেপ্তাৰ কৰে দুয়োজনক। গণেশগুৰিৰ বিৰিয়ানী বনোৱা দোকানৰ গৰাকী জিতু বৈশ্যৰ বন্ধু আছিল সঞ্জীৱ বৰ্মন। সোমবাৰে সঞ্জীৱেই প্ৰহাৰ কৰিছিল ইক্ৰামুলক। ঘটনাৰ পাচতে পলায়ন কৰিছিল দুয়োৱে। আজি পুৱা দিছপুৰ আৰক্ষীয়ে নলবাৰীৰ বেলশৰত এক অভিযান চলাই শুই থকা অৱস্থাতে দুয়োকে আটক কৰি লৈ আহে দিছপুৰ থানালৈ। পিচত থানাত সোধা পোছাৰ অন্তত দুয়োকে গ্ৰেপ্তাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ বাবে GMCH লৈ যায়।

মূল অভিযুক্ত সঞ্জীৱ বৰ্মন
মূল অভিযুক্ত সঞ্জীৱ বৰ্মন

দুয়ো গৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনাৰ লগতে জড়িত আন চাৰিগৰাকী লোকক আটক কৰি ইতিমধ্যে জেৰা চলাই আছে দিছপুৰ আৰক্ষীয়ে । আটকাধীন কেইজন হ’ল বিপুল দাস, গৌতম বসুমতাৰী, প্ৰাঞ্জল বৰ্মন আৰু জিতু। আটক কৰা 4 জনেই ইক্ৰামৰ বন্ধু বন্ধু বুলি জানিব পৰা গৈছে ৷

যুৱকজনৰ মৃত্যুৰ পিচতে 6 ফেব্ৰুৱাৰীত যুৱকজনৰ মাতৃ ৰুমি বেগমে দিছপুৰ আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰিছিল ৷ সেই অনুসৰি দিছপুৰ পিএছ গোচৰ নং 103/2024 ত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছিল । সেই অনুসৰি, দিছপুৰ পিএছ ইউডি গোচৰ নং 24 ত এটা ইউডি গোচৰো পঞ্জীয়ন কৰা হৈছিল আৰু ভিডিঅ’গ্ৰাফীৰ অধীনত কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত ঘটনাৰ অনুসন্ধান আৰম্ভ কৰা হৈছিল ।

এই ঘটনা কোনো কাৰণতে সহজভাৱে মানি ল’ব পৰা নাই পৰিয়ালৰ লোকে । 7 ফেব্ৰুৱাৰীত কান্দি কান্দি কেমেৰাৰ সন্মুখত মাতৃৰ অভিযোগ দিছিল যে বন্ধুৱে হত্যা কৰিলে ইক্ৰামুলক। এই সমগ্ৰ ঘটনাৰ পিছতে দিছপুৰ আৰক্ষীয়ে CCTV ভিডিঅ সংগ্ৰহ কৰি আজি দুজনক গ্ৰেপ্তাৰ কৰাৰ লগতে 4 জনক আটক কৰি জেৰা অব্যাহত ৰাখিছে।

লগতে পঢ়ক:পত্নী হত্যাকাৰী স্বামীক যাৱজ্জীৱন কাৰাদণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.