ETV Bharat / state

মৰাণ হেৰিটেজ ভিলেজ : বদৌচা সমন্বয় ক্ষেত্ৰত উখল-মাখল পৰিৱেশ

author img

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 4:56 PM IST

1st Moran Mohotsav : মৰাণ জনগোষ্ঠীৰ কেইটা সংগঠনৰ যৌথ উদ্যোগত অনুষ্ঠিত হৈছে মৰাণ মহোৎসৱ ৷ 28 জানুৱাৰীলৈকে মাকুমৰ সমীপৰ নাহৰণি-বালিজান খেলপথাৰত ৰজা বদৌচা সমন্বয় ক্ষেত্ৰত চাৰিদিনীয়াকৈ আয়োজন কৰা হৈছে মৰাণ মহোৎসৱ ৷

1st Moran Mohotsav
মৰাণ হেৰিটেজ ভিলেজ
পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে মৰাণ মহোৎসৱ

তিনিচুকীয়া, 27 জানুৱাৰী : উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম আদি জনগোষ্ঠী মৰাণ জনগোষ্ঠীৰ প্ৰায় ডেৰ শতাধিক খেল-বংশৰ লোকে সৃষ্টি কৰিছে “মৰাণ হেৰিটেজ ভিলেজ” ৷ মৰাণ জনগোষ্ঠীৰ কেউটা সংগঠন ক্ৰমে অসম মৰাণ সভা, সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ মৰাণ কলা- সংস্কৃতি বিকাশ কেন্দ্ৰ, মৰাণ জাতীয় মহিলা পৰিষদ, মৰাণ জাতীয় কৰ্মচাৰী শৈক্ষিক বিকাশ মঞ্চ আৰু মৰাণ সাহিত্য সভাৰ যৌথ উদ্যোগত অনুষ্ঠিত হৈছে এই মৰাণ মহোৎসৱ ৷ জনগোষ্ঠীটোৰ চহকী কলা-সংস্কৃতি, ভাষা-সাহিত্য, পৰম্পৰাগত ক্ৰীড়া, ৰীতি-নীতিসমূহ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্য আগত ৰাখি পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে মৰাণ মহোৎসৱ ৷

25 জানুৱাৰীৰ পৰা 28 জানুৱাৰীলৈকে মাকুমৰ সমীপৰ নাহৰণি-বালিজান খেলপথাৰত “ৰজা বদৌচা সমন্বয় ক্ষেত্ৰত” চাৰিদিনীয়াকৈ আয়োজন কৰা হৈছে "মৰাণ মহোৎসৱ" ৷ এই মহোৎসৱস্থলীতে গঢ়ি তুলিছে মৰাণ হেৰিটেজ ভিলেজ ৷ মৰাণ হেৰিটেজ ভিলেজত মৰাণ জনগোষ্ঠীৰ এখন প্ৰকৃত গাঁৱৰ প্ৰতিচ্ছবি দাঙি ধৰিবলৈ চেষ্টা কৰিছে উদ্যোক্তা সকলে ৷ হেৰিটেজ ভিলেজত মৰাণ জনগোষ্ঠীৰ ডেকা-গাভৰুসকলৰ পৰম্পৰাগত বিহুখোলা, এটা নামঘৰ, ভাগৱত ঘৰ, মৰাণ জনগোষ্ঠীয় জন্তু হাতীৰ লগতে প্ৰতিটো বংশ-খেলৰ বাসগৃহ আৰু নিজ নিজ কলা-কৃষ্টিকে ধৰি নীতি নিয়মসমূহ উপস্থাপন কৰা হৈছে ৷

তিনিচুকীয়া জিলাৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা দলে-বলে লোক এতিয়া উপস্থিত হৈছে গাঁওখনত ৷ এই মৰাণ মহোৎসৱত মৰাণ জনগোষ্ঠীৰ প্ৰায় 150 টা বংশৰ লোকক এক গোট কৰি সৰ্ববংশাৱলী সভা অনুষ্ঠিত কৰা হৈছে ৷ লগতে এখন সাহিত্য চ’ৰা অনুষ্ঠিত কৰা হ’ব, য’ত উন্মোচিত হ’ব 12 খনকৈ গ্ৰন্থ ৷ ইয়াৰ লগতে 50 গৰাকী সত্ৰাধিকাৰে অংশগ্ৰহণ কৰা এক আধ্যাত্মিক অনুষ্ঠান, ডেকাসকলৰ ডেকা চাং অনুষ্ঠান, 5 হাজাৰ নাচনীৰ মৰাণ বিহু নাচ, 1 হাজাৰ আইৰ খেৰী, সদৌ মৰাণ ছাত্ৰ সন্থা আৰু সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰৰ অধিৱেশন, উত্তৰ-পূৰ্বাঞ্চলৰ 30 জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ অংশগ্ৰহণ হৈছে এই মহোৎসৱৰ বিশেষ আকৰ্ষণ ৷

লগতে পঢ়ক : চিলাপথাৰত দলবীৰ সিং লোহাৰৰ প্ৰতিমূৰ্তি উন্মোচন ৰামদাস আঠাৱালেৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.