ETV Bharat / sports

কেনেধৰণৰ শ্বট খেলিছিল : শুভমন গীলক সমালোচনা সুনীল গাভাস্কাৰৰ

IND vs ENG 1st Test : ইংলেণ্ডৰ বিৰুদ্ধে দ্বিপাক্ষিক শৃংখলাৰ প্ৰথমখন টেষ্টত শুকুৰবাৰে শুভমন গীলক দায়িত্বহীন শ্বটেৰে উইকেট বিসৰ্জন দিয়াৰ বাবে ক্ৰিকেটাৰৰ প্ৰাক্তন খেলুৱৈ সুনীল গাভাস্কাৰে তীব্ৰ সমালোচনা কৰে। ৬৬টা ডেলিভাৰীত ২৩ ৰান সংগ্ৰহ কৰিছিল যদিও টম হাৰ্টলীৰ বিৰুদ্ধে আক্ৰমণাত্মক শ্বট খেলিবলৈ চেষ্টা কৰি থাকোঁতে আউট হয় গীল।

IND vs ENG 1st Test
শুভমন গীলক সমালোচনা সুনীল গাভাস্কাৰৰ
author img

By ETV Bharat Assamese Team

Published : January 26, 2024 at 6:22 PM IST

2 Min Read
Choose ETV Bharat

স্পৰ্টছ ডেস্ক, 26 জানুৱাৰী : শুকুৰবাৰে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ সময়ত ভাৰতীয় বেটছমেন শুভমন গীলে যি ধৰণেৰে উইকেট হেৰুৱাইছিল, তাৰ বাবে কিংবদন্তী ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে তীব্ৰ সমালোচনা কৰে খেলুৱৈ গৰাকীক ৷

হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্টত ভাৰতীয় দলে স্পীন সহায়ক পীটছত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰি নিজকে চালকৰ আসনত ৰাখিছে ৷ দলৰ হৈ যশস্বী জয়ছৱোল আৰু কে এল ৰাহুলে অৰ্ধ শতক সংগ্ৰহ কৰে যদিও টেষ্টৰ প্ৰথম দিনটোত কঠোৰ পৰিশ্ৰম কৰি দ্বিতীয় দিনা 23 ৰান সংগ্ৰহ কৰি আউট হয় শুভমন গীল ৷ প্ৰথম দিনৰ শেষলৈকে গীল অপৰাজিত হৈ আছিল আৰু দ্বিতীয় দিনৰ আৰম্ভণিতো তেওঁক কঠিন ৰূপত দেখা গৈছিল ৷ অৱশ্যে স্পীনাৰ টম হাৰ্টলীক আক্ৰমণ কৰাৰ প্ৰচেষ্টাত বেটছমেন গৰাকী পেভিলিয়নমুখী হয় ৷

35 নং অভাৰৰ পঞ্চম ডেলিভাৰীত হাৰ্টলীয়ে গীলৰ পেডত ফ্লাইটেড ডেলিভাৰী কৰাৰ ফলত বেটছমেনজন আউট হয়৷ এই ডেলিভাৰীত সোঁহতীয়া বেটছমেনগৰাকীয়ে ডিপ মিড উইকেটৰ জৰিয়তে হুইক কৰিবলৈ চেষ্টা কৰে যদিও তেওঁৰ শ্বটটো পোনে পোনে বেন ডাকেটৰ হাতত পৰে ৷

ইয়াৰ পিছতে 125 খন টেষ্টৰ অভিজ্ঞতা থকা প্ৰবীণ খেলুৱৈ সুনীল গাভাস্কাৰে দুৰ্বল শ্বটেৰে নিজৰ উইকেট বিসৰ্জন দিয়া গীলক তীব্ৰ সমালোচনা কৰে ৷ "তেওঁ (গীলে) কেনেধৰণৰ শ্বট খেলিবলৈ বিচাৰিছিল ? যদি তেওঁ বতাহত খেলিবলৈ বিচাৰিছিল তেন্তে বুজিব পাৰি কিন্তু ই কেৱল এটা বেয়াকৈ এক্সিকিউট কৰা অন-ড্ৰাইভ আছিল ৷ তেওঁ সকলো কঠোৰ পৰিশ্ৰম কৰিছিল আৰু তাৰ পিছত এনেধৰণৰ শ্বট খেলিছিল ৷" গাভাস্কাৰে কয় ৷

ইতিমধ্যে প্ৰথমখন টেষ্টত শুকুৰবাৰে ভাৰতে 7 উইকেটৰ বিনিময়ত 421 ৰান সংগ্ৰহ কৰি 175 ৰাণত অগ্ৰগতি লাভ কৰিছে ৷ দিনটোৰ শেষত অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাই 81 ৰান আৰু অক্ষৰ পেটেলে 35 ৰানত অপৰাজিত হৈ থাকে ৷

লগতে পঢ়ক : কোহলীক বৰ্ষশ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰৰ বঁটা, জয় শ্বাহৰ অভিনন্দন