ETV Bharat / sports

কোহলীক বৰ্ষশ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰৰ বঁটা, জয় শ্বাহৰ অভিনন্দন

author img

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 12:56 PM IST

ICC Mens ODI Cricketer of the Year: আইচিচিয়ে বিৰাট কোহলীক ২০২৩ চনৰ বাবে পুৰুষৰ বৰ্ষশ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰৰ বঁটা প্ৰদান কৰে । শেহতীয়াকৈ হৈ যোৱা বিশ্বকাপত কোহলীৰ প্ৰদৰ্শনো আছিল আকৰ্ষণীয় । বিচিচিআইৰ সচিব জয় শ্বাহে বিৰাট কোহলীক অভিনন্দন জনাইছে ।

ICC Mens ODI Cricketer of the Year 2023
কোহলীক বৰ্ষশ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰৰ বঁটা

স্পৰ্টছ ডেস্ক, ২৬ জানুৱাৰী : আইচিচিয়ে ভাৰতীয় বেটছমেন বিৰাট কোহলীক ২০২৩ চনৰ বাবে পুৰুষৰ বৰ্ষশ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰৰ বঁটা ( ICC Mens ODI Cricketer Of The Year 2023) প্ৰদান কৰে । ২০২৩ বৰ্ষটো তেওঁৰ বাবে অত্যন্ত দৰ্শনীয় আছিল । তেওঁ বছৰটোত বেটেৰে কেইবাটাও আকৰ্ষণীয় ইনিংছ খেলিছিল । ২০২৩ চনৰ আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপত বিৰাট কোহলীক উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট বঁটাও প্ৰদান কৰা হৈছিল ।

বিশ্বকাপত কোহলীয়ে কেৱল ভাৰতক ফাইনেললৈ লৈ যোৱাই নহয়, ৫০ টা শতক সম্পূৰ্ণ কৰি ক্ৰিকেট ইতিহাসত তেওঁৰ নাম পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছিল । যোৱা বছৰটোত বিৰাটে ৬ টা শতক অৰ্জন কৰিছে । তাৰ ভিতৰত ৩ টা শতক কেৱল বিশ্বকাপ ২০২৩-ৰ সময়তে কৰিছিল । বিশ্বকাপত কোহলীয়ে ৯৫ গড়ৰ সৈতে ১১ টা ইনিংছত মুঠ ৭৬৫ ৰাণ সংগ্ৰহ কৰিছিল । যিটো এটা টুৰ্ণামেণ্টত সৰ্বাধিক ৰাণৰ নতুন অভিলেখো আছিল ।

  • 𝗜𝗖𝗖 𝗠𝗲𝗻'𝘀 𝗢𝗗𝗜 𝗖𝗿𝗶𝗰𝗸𝗲𝘁𝗲𝗿 𝗼𝗳 𝘁𝗵𝗲 𝗬𝗲𝗮𝗿 𝟮𝟬𝟮𝟯

    It goes to none other than Virat Kohli! 👑🫡

    Congratulations 👏👏#TeamIndia | @imVkohli pic.twitter.com/1mfzNwRfrH

    — BCCI (@BCCI) January 25, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

বিৰাট কোহলীয়ে ২০২৩ চনত ২৭ খন খেলৰ ২৪ টা ইনিংছত ৭২.৪৭ গড়ে ৬ টা শতক আৰু ৮ টা অৰ্ধশতকৰ সৈতে ১,৩৭৭ ৰাণ সংগ্ৰহ কৰিছে ।বিৰাট কোহলীয়ে আইচিচি পুৰুষৰ এদিনীয়া ক্ৰিকেটাৰ অফ দা ইয়েৰ-২০২৩ বঁটা লাভ কৰাৰ পিচতে বিচিচিআইৰ সচিব জয় শ্বাহেও এক্সৰ এটা পোষ্টত কোহলীক অভিনন্দন জনাইছে ।

আইচিচিয়ে ইতিমধ্যে বিভিন্ন শিতানত বঁটা প্ৰদান কৰিছে । ২০২৩ চনৰ এই বঁটাৰ তালিকাত ভাৰতীয়সকলৰ দপদপনিও দেখা গৈছে । বৰ্ষশ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰৰ বঁটা বিৰাট কোহলীয়ে লাভ কৰাৰ সমান্তৰালকৈ ভাৰতীয় বেটছমেন সূৰ্যকুমাৰ যাদৱে ২০২৩ চনৰ বৰ্ষশ্ৰেষ্ঠ টি-২০ ক্ৰিকেটাৰৰ খিতাপ লাভ কৰে । টি-২০ ক্ৰিকেটত বিস্ফোৰক আৰু উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে সূৰ্যকুমাৰ যাদৱক আইচিচিয়ে এই বঁটাৰে সন্মানিত কৰে ।

লগতে পঢ়ক :সূৰ্যকুমাৰ যাদৱলৈ বৰ্ষশ্ৰেষ্ঠ টি-20 ক্ৰিকেটাৰৰ খিতাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.