ETV Bharat / sports

সূৰ্যকুমাৰ যাদৱলৈ বৰ্ষশ্ৰেষ্ঠ টি-20 ক্ৰিকেটাৰৰ খিতাপ

author img

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 5:59 PM IST

Updated : Jan 26, 2024, 12:24 PM IST

T20I Cricketer of the Year
Suryakumar Yadav

ICC Men's T20I Cricketer of the Year: আইচিচিয়ে সূৰ্যকুমাৰ যাদৱক বৰ্ষশ্ৰেষ্ঠ টি-20 ক্ৰিকেটাৰৰ খিতাপ প্ৰদান কৰিছে । ছিকন্দৰ ৰাজা আৰু মাৰ্ক চেপমেনৰ দৰে শ্ৰেষ্ঠ টি-২০ খেলুৱৈক অতিক্ৰম কৰি তেওঁ এই সন্মান লাভ কৰিছে ।

নিউজ ডেস্ক, 24 জানুৱাৰী: ভাৰতীয় ক্ৰিকেট দলৰ সোঁহতীয়া বেটছমেন তথা মিষ্টাৰ 360 হিচাপে পৰিচিত খেলুৱৈ সূৰ্যকুমাৰ যাদৱলৈ আগবঢ়োৱা হৈছে আই চি চি টি-20 খেলৰ বৰ্ষশ্ৰেষ্ঠ ক্ৰিকেটাৰৰ সন্মান ৷ ক্ৰমাগতভাৱে দ্বিতীয়বাৰলৈ এই সন্মান লাভ কৰিছে ক্ৰিকেটাৰ সূৰ্যকুমাৰ যাদৱে ৷ তেওঁ 2023 চনত গড়ে 50 ৰাণ আৰু 160 ৰো অধিক ষ্ট্ৰাইক ৰেটেৰে বেটিং কৰিছিল ৷ সূৰ্যকুমাৰ যাদৱে ছিকন্দৰ ৰাজা, অল্পেশ ৰমজানী আৰু মাৰ্ক চেপমেনক অতিক্ৰম কৰি এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷

  • - ICC T20 Cricketer of the Year 2022.
    - ICC T20 Cricketer of the Year 2023.

    Suryakumar Yadav is the Only Cricketer to have won 2 ICC T20I Cricketer of the Year awards - The Best T20I Batter in the World..!!! pic.twitter.com/Ia4sq4LO1Y

    — CricketMAN2 (@ImTanujSingh) January 24, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

সূৰ্যকুমাৰ যাদৱৰ বিস্ফোৰক প্ৰদৰ্শন:

2023 চনত সূৰ্যকুমাৰ যাদৱে 18 খন টি20 মেচত 17 টা ইনিংছত গড়ে 45.90 ৰাণ আৰু 168.89 ষ্ট্ৰাইক ৰেটেৰে মুঠ 733 ৰাণ সংগ্ৰহ কৰে ৷ ইয়াৰ ভিতৰত আছে 2 টা শতক আৰু 5 টা অৰ্ধশতক ৷ এই বৰ্ষত তেওঁৰ সৰ্বাধিক ৰাণ হৈছে 112 (অপৰাজিত) ৷ তাৰোপৰি সূৰ্যকুমাৰ যাদৱে 2022 চনত 31 খন মেচত 31 টা ইনিংছ খেলি 46.56 গড় ৰাণ আৰু 187.43 ষ্ট্ৰাইক ৰেটেৰে মুঠ 1164 ৰাণ সংগ্ৰহ কৰিছিল ৷ য’ত আছিল 2 টা শতক আৰু 9 টা অৰ্ধ শতক ৷

  • An arsenal of eclectic shots and a striking average 🔥

    The India batter lit up 2023 to win the ICC Men’s T20I Cricketer of the Year award ✨https://t.co/XYqFZcqres

    — ICC (@ICC) January 24, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

আই চি চিয়ে নিজৰ বিভাগীয় X একাউন্টত পোষ্ট শ্বেয়াৰ কৰি সূৰ্যকুমাৰ যাদৱক এই সন্মান প্ৰদানৰ কথা ঘোষণা কৰে ৷ তাৰ পিচতেই বিচিচিআয়েও এটা পোষ্টযোগে সূৰ্যকুমাৰ যাদৱক এই কৃতিত্বৰ বাবে শুভেচ্ছা জনায় ৷

উল্লেখ্য যে 2022 বৰ্ষতো চমকপ্ৰদ প্ৰদৰ্শনৰ বাবে সূৰ্যকুমাৰ যাদৱক এই সন্মানেৰে সন্মানিত কৰা হৈছিল ৷ 2023 চনত উন্নত প্ৰদৰ্শনৰ যোগেদি তেওঁ এই সন্মান পুনৰ অৰ্জন কৰিবলৈ সক্ষম হৈছে খেলুৱৈগৰাকী ৷ টি20 ক্ৰিকেটত ভাৰতৰ হৈ মধ্যম ক্ৰমত বেটিং কৰে সূৰ্যকুমাৰ যাদৱে ৷

লগতে পঢ়ক: বিৰাটৰ স্থানত ইংলেণ্ডৰ বিৰুদ্ধে দুখন টেষ্টৰ বাবে ভাৰতীয় দলত ৰজত পাতিদাৰ

Last Updated :Jan 26, 2024, 12:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.