ETV Bharat / sports

গাব্বা টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৮ ৰাণত ঐতিহাসিক জয় ৱেষ্ট ইণ্ডিজৰ

author img

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 5:43 PM IST

AUS vs WI 3rd test
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজৰ ঐতিহাসিক জয়

AUS vs WI 3rd test : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৰোমাঞ্চকৰ জয় ৱেষ্ট ইণ্ডিজৰ ৷ ২৭ বছৰৰ পাছত অষ্ট্ৰেলিয়াত ৱেষ্ট ইণ্ডিজৰ এয়া প্ৰথম জয় । ৱেষ্ট ইণ্ডিজৰ বলাৰ শ্বামাৰ জোচেফে অষ্ট্ৰেলিয়াৰ বেটছমেনসকলক বিধ্বংসী বলিঙেৰে ধাৰাশায়ী কৰা পৰিলক্ষিত হয় ৷

স্পৰ্টছ ডেস্ক, 28 জানুৱাৰী : ৰোমাঞ্চকৰ খেলত ৱেষ্ট ইণ্ডিজৰ হাতত ধাৰাশায়ী বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়া ৷ এই জয়েৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখনীয়া মেচৰ শৃংখলাটোত 1-1 ব্যৱধানত সমতা স্থাপন কৰিছে ৱেষ্ট ইণ্ডিজে ৷ দুয়োটা দলৰ মাজত প্ৰথমখন মেচ ড্ৰ’ হোৱাৰ বিপৰীতে শৃংখলাৰ তৃতীয়খন মেচত ৱেষ্ট ইণ্ডিজে অষ্ট্ৰেলিয়াক 8 ৰাণত পৰাস্ত কৰে ৷ মেচখনৰ চতুৰ্থ দিনৰ শেষত খেলখন যথেষ্ট ৰোমাঞ্চকৰ হৈ পৰিছিল ৷

প্ৰথমে বেটিং কৰি ৱেষ্ট ইণ্ডিজে প্ৰথম ইনিংছত 311 ৰাণ সংগ্ৰহ কৰে ৷ ৱেষ্ট ইণ্ডিজৰ 311 ৰাণৰ প্ৰতিক্ৰিয়া স্বৰূপে অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত 289 ৰাণত 9 টা উইকেট হেৰুৱাই ইনিংছ ঘোষণা কৰে ৷ 22 ৰাণৰ অগ্ৰগতিৰে খেলা ৱেষ্ট ইণ্ডিজে দ্বিতীয় ইনিংছত মাত্ৰ 193 ৰাণহে সংগ্ৰহ কৰে ৷ অষ্ট্ৰেলিয়াক জয়ী হ’বলৈ 225 ৰাণৰ প্ৰয়োজন আছিল যদিও দলটোৱে 216 ৰাণত অল আউট হয় ৷

শেষ মুহূৰ্তত মেচখন ৰোমাঞ্চকৰ হৈ পৰে ৷ দিন-ৰাতিৰ খেলখনত ৰাতিৰ আহাৰ গ্ৰহণলৈকে অষ্ট্ৰেলিয়াক 28 ৰাণৰ প্ৰয়োজন হৈছিল আৰু ৱেষ্ট ইণ্ডিজক জয়ী হ’বলৈ 2 উইকেটৰ প্ৰয়োজন আছিল ৷ 91 ৰাণ সংগ্ৰহ কৰি ক্ৰীজত থিয় হৈ থকা বেটছমেন ষ্টিভ স্মিথৰ পৰা অষ্ট্ৰেলিয়াই জয় লাভৰ আশা কৰিছিল ৷ অৱশ্যে স্মিথে শেষলৈকে ক্ৰীজত থাকি অপৰাজিত হৈ উভতি আহে ৷ ৰাতিৰ আহাৰ গ্ৰহণৰ পিছত জ’ছ হেজলউডে ০ ৰাণ সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে আৰু নাথান লায়নে 9 ৰাণ সংগ্ৰহ কৰে আৰু স্মিথে ৰাণ সংগ্ৰহত ব্যৰ্থ হয় ৷

ৱেষ্ট ইণ্ডিজৰ হৈ শ্বামাৰ জোচেফে দুয়োটা ইনিংছতে 8 উইকেট (1, 7) দখল কৰাৰ বিপৰীতে আলজাৰী জোচেফেও 6 উইকেট (4, 2) দখল কৰে ৷ অৱশ্যে সমগ্ৰ খেলখনত দুয়োটা দলৰ পৰা কোনো শতকীয় ইনিংছ দেখা পোৱা নগ’ল ৷ উছমান খোৱাজাই প্ৰথম ইনিংছত 75 ৰাণ আৰু দ্বিতীয় ইনিংছত 10 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ষ্টিভ স্মিথে প্ৰথম ইনিংছত 6 ৰাণ সংগ্ৰহ কৰি আউট হয় ৷

ৱেষ্ট ইণ্ডিজৰ বলাৰ ছামাৰ জোচেফক 8 টা উইকেট দখল কৰাৰ বাবে প্লেয়াৰ অৱ দ্য মেচ আৰু 57 ৰাণৰ সৈতে 13 টা উইকেট দখল কৰাৰ বাবে প্লেয়াৰ অৱ দ্য ছিৰিজৰ সন্মান লাভ কৰে ৷ তেওঁ বেটিং কৰি থকা অৱস্থাত ভৰিৰ আঙুলিত আঘাতপ্ৰাপ্ত হৈছিল ৷ ইয়াৰ পিছতো তেওঁ উৎকৃষ্ট বলিং প্ৰদৰ্শন কৰিছিল ৷ উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টত অভিষেক ঘটাইছে শ্বামাৰ জোচেফে ৷ অভিষেক মেচখনৰ প্ৰথমটো বলত এটা উইকেট লোৱা 22 নং বলাৰ হিচাপে পৰিগণিত হয় জোচেফ আৰু তেওঁ ষ্টিভ স্মিথৰ উইকেট দখল কৰে ৷

লগতে পঢ়ক : ভাৰত বনাম ইংলেণ্ড টেষ্ট শৃংখলা, ইংলেণ্ডক ২০০ ৰাণতে বান্ধি ৰখাৰ প্ৰয়াস ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.