ETV Bharat / sports

পুত্ৰ সন্তানৰ গৌৰৱেৰে গৌৰৱান্বিত হ’ল বিৰাট-অনুষ্কা; নাম থ’লে অকায়

author img

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 10:12 PM IST

Anushka Sharma new baby
Virushka new baby

Virushka new baby: তাৰকা দম্পতী বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা পুনৰ এবাৰ পিতৃ-মাতৃ হোৱাৰ গৌৰৱেৰে গৌৰৱান্বিত হ’ল ৷ তেওঁলোকৰ এটি পুত্ৰ সন্তান জন্ম পায় মঙলবাৰে ৷ তেওঁলোকে সন্তানটিৰ নাম দিছে অকায় । অনুষ্কাই ইনষ্টাগ্ৰামত এটা পোষ্টৰ জৰিয়তে এই খবৰটো শ্বেয়াৰ কৰাৰ বিপৰীতে বিৰাটে নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰে ।

নিউজ ডেস্ক, 20 ফেব্ৰুৱাৰী: ভাৰতৰ তাৰকা দম্পতীসকলৰ ভিতৰত অন্যতম হৈছে ক্ৰিকেটাৰ বিৰাট কোহলী আৰু অভিনেত্ৰী অনুষ্কা শৰ্মাৰ যুটি ৷ শেহতীয়াকৈ তেওঁলোক দ্বিতীয়বাৰৰ বাবে পিতৃ-মাতৃ হ’বলৈ ওলোৱা খবৰটো চৰ্চাত আছিল ৷ অৱশেষত সেই শুভক্ষণ আহিল তেওঁলোকৰ জীৱনলৈ ৷ অনুষ্কা শৰ্মাই যোৱা বৃহস্পতিবাৰে জন্ম দিলে এটি পুত্ৰ সন্তান ৷ এই সুখৰ খবৰটো ইতিমধ্য়েই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে স্বামী-স্ত্ৰীয়ে ৷ তাৰকা দম্পতী বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই পুত্ৰ সন্তানটিৰ নাম দিছে ‘অকায়’ ।

পূৰ্বতে টুইটাৰ নামেৰে পৰিচিত X ত বিৰাট কোহলিয়ে এটা পোষ্টত লিখিছে, ‘‘হৃদয় ভৰা সুখেৰে আমি সকলোকে জনাবলৈ পাই আনন্দিত হৈছো যে ১৫ ফেব্ৰুৱাৰীত আমি আমাৰ সন্তান ল'ৰা অকায়- বামিকাৰ কণমানি ভাতৃক পৃথিৱীলৈ আদৰণি জনাইছো !’’

তাৰকা বেটছমেন তথা ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে লগতে লিখিছে, ‘‘আমি আমাৰ জীৱনৰ এই সুন্দৰ সময়ত আপোনালোকৰ আশীৰ্বাদ আৰু শুভেচ্ছা বিচাৰিছো । আমি আপোনালোকক অনুৰোধ কৰিছো যে এই সময়ত আমাৰ গোপনীয়তাক সদয়ভাৱে সন্মান কৰক । প্ৰেম তথা কৃতজ্ঞতাৰে- বিৰাট আৰু অনুষ্কা ।’’

‘অকায়’ হিন্দী শব্দ ‘কয়া’ৰ পৰা ব্যুৎপত্তি হৈছে, যাৰ অৰ্থ হৈছে ‘শৰীৰ’ । তুৰ্কী মূলত ‘অকায়’ শব্দৰ অৰ্থ হৈছে ‘জিলিকি থকা চন্দ্ৰ’। সন্তানটিৰ নাম দিয়াৰ পূৰ্বে এই শব্দটোৰ কোনটো অৰ্থৰ কথা ভাবিছিল সেয়া এতিয়াও নিশ্চিত কৰা নাই দম্পতীটোৱে ।

২০১১ চনৰ এদিনীয়া বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ অংশ হিচাপে থকা বিৰাট আৰু অনুষ্কাৰ ইতিমধ্যে এগৰাকী কন্যা সন্তান আছে, তেওঁৰ নাম বামিকা । ব্যক্তিগত কাৰণত ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ বাবে ছুটী লৈছিল বেটছমেনগৰাকীয়ে । ৩৫ বছৰীয়া অনুষ্কা এগৰাকী অভিনেত্ৰী আৰু তেওঁ কেইবাটাও বঁটা লাভ কৰিছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ পৰা নিজকে বাহিৰত ৰখা বিৰাটক সমৰ্থন কৰিছিল বিচিচিআইৰ সম্পাদক জয় শ্বাহে । বিৰাটে এতিয়ালৈকে ১১৩খন টেষ্ট, ২৯২খন এদিনীয়া আৰু ১১৭খন টি-২০ মেচ খেলিছে ৷ য’ত তেওঁ ক্ৰমে টেষ্টত ৮,৮৪৮ ৰাণ, এদিনীয়াত ১৩,৮৪৮, আৰু টি-২০ ত ৪০৩৭ ৰান সংগ্ৰহ কৰিছে । নগদ ধনেৰে সমৃদ্ধ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ হৈ খেলা বিৰাটে দলটোৰ অধিনায়কত্বও কৰিছে ।

লগতে পঢ়ক: ভাৰত বনাম ইংলেণ্ড টেষ্ট শৃংখলা, বাকী ৩ খন টেষ্টৰ পৰাও বাহিৰ বিৰাট কোহলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.