ETV Bharat / sports

অসমৰ বিৰুদ্ধে উত্তৰ প্ৰদেশ ৰঞ্জী দলৰ দুই ক্ৰিকেটাৰৰ শতক

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 10:03 AM IST

Assam vs UP Ranji Match : অসমৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফীৰ মেচখনত উত্তৰ প্ৰদেশৰ আৰ্যন আৰু কৰণে শতক অৰ্জন কৰে ।

Assam vs UP Ranji Match
অসমৰ বিৰুদ্ধে উত্তৰ প্ৰদেশ ৰঞ্জী দলৰ দুই ক্ৰিকেটাৰৰ শতক

স্পৰ্টছ ডেস্ক, ৩ ফেব্ৰুৱাৰী : কানপুৰৰ ঐতিহাসিক গ্ৰীণ পাৰ্ক ষ্টেডিয়ামত শুকুৰবাৰে ৰঞ্জী ট্ৰফীৰ এখন মেচত অৱতীৰ্ণ হয় উত্তৰ প্ৰদেশ আৰু অসম । পৰিষ্কাৰ আকাশ আৰু সুন্দৰ খেলপথাৰত ৰৌদ্ৰোজ্জ্বল এটি পুৱাই খেলুৱৈসকলক স্বাগতম জনোৱাৰ সময়ত ঠাণ্ডা আৰু তীব্ৰ বতাহলৈ লক্ষ্য কৰি বলাৰসকলে আশ্বস্ত হয় যে দিনটো তেওঁলোকৰ হ'ব ।

বেটছমেন আৰ্যন জুৱেল আৰু প্ৰাক্তন অধিনায়ক কৰণ শৰ্মাই উত্তৰ প্ৰদেশৰ হৈ ইনিংছ গঢ়াৰ দায়িত্বৰে খেলপথাৰত নামে । দুয়োগৰাকীয়ে দলৰ বাবে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায় । আনহাতে, তেওঁলোকে সমগ্ৰ দিনটো এনেদৰে খেলে যেন টেষ্ট মেচ নহয়, তেওঁলোকে এদিনীয়া ক্ৰিকেট ফৰ্মেটতহে বেটিং কৰি আছে ।

আৰ্যন আৰু কৰণ শৰ্মাৰ বেটিং প্ৰত্যক্ষ কৰাসকলে এক ৰোমাঞ্চ অনুভৱ কৰে । দুয়োগৰাকী বেটছমেনেই খেলপথাৰৰ চাৰিওফালে শ্বট খেলে । দিনটোৰ খেল শেষ হোৱাৰ সময়ত উত্তৰ প্ৰদেশ দলটোৱে দুটা উইকেটৰ বিনিময়ত প্ৰথমদিনা পৰ্বতসম 319 ৰাণ সংগ্ৰহ কৰে ।

বিচিচিআই পৰিচালিত এই ৰঞ্জী ট্ৰফী মেচখনত আৰ্যন জুৱেলে ১৬২ ৰাণত অপৰাজিত হৈ থাকে । আনহাতে, কৰণ শৰ্মাই ১০৮ ৰাণ সংগ্ৰহ কৰে । সমৰ্থ সিঙৰ ৰূপত উত্তৰ প্ৰদেশে প্ৰথমটো উইকেট হেৰুৱায় । আনহাতে, আৰ্যন জুৱেলৰ সৈতে যুটি বান্ধিবলৈ অহা অহা প্ৰিন্স যাদৱে ৪৬ ৰাণ সংগ্ৰহ কৰে ।

চাৰিদিনীয়া মেচখনত প্ৰথমদিনাৰ পৰাই উত্তেজনা বৃদ্ধি পায় । শুকুৰবাৰে খেল আৰম্ভ হোৱাৰ পূৰ্বে, বৃহস্পতিবাৰে নিশালৈকে কানপুৰৰ বতৰ যথেষ্ট পৰিৱৰ্তন হৈছিল । উত্তৰ প্ৰদেশ ক্ৰিকেট সন্থাৰ বিষয়াসকলে প্ৰকাশ কৰিছিল যে যদি বৰষুণ হয় তেন্তে এই মেচখনো ড্ৰ হ'ব পাৰে । উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগৰ মাজৰ মেচখনতো একেটাই ঘটিছিল ।

কিন্তু শুকুৰবাৰে বতৰে খেলুৱৈসকলক যিধৰণে সমৰ্থন কৰিছিল, তাৰ পৰিপ্ৰেক্ষিতত মেচখনৰ শিহৰণ প্ৰথমদিনাৰ পৰাই বৃদ্ধি পায় । উত্তৰ প্ৰদেশ ক্ৰিকেট সন্থাৰ মিডিয়া ভাৰপ্ৰাপ্ত মহম্মদ ফাহিমে জনোৱা অনুসৰি, দ্বিতীয়দিনাৰ খেলো পুৱা ৯.৩০ বজাত আৰম্ভ হ'ব ।

লগতে পঢ়ক :নেপালক পৰাস্ত কৰি ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট বিশ্বকাপৰ ছেমিফাইনেলত ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.