ETV Bharat / sports

নেপালক পৰাস্ত কৰি ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট বিশ্বকাপৰ ছেমিফাইনেলত ভাৰত

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 10:56 PM IST

U19 world cup 2024: ভাৰত আৰু নেপালৰ মাজত খেলা ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট বিশ্বকাপৰ ছুপাৰ ছিক্সৰ খেলখনত ভাৰতে নেপালক ১৩২ ৰানত পৰাস্ত কৰিছে । ইয়াৰ লগে লগে ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে । ছেমি ফাইনেলত ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব । সম্পূৰ্ণ খবৰ পঢ়ক....

india defeat nepal
U19 world cup 2024

নিউজ ডেস্ক, 2 ফেব্ৰুৱাৰী: ভাৰত বনাম নেপালৰ মাজত অনুষ্ঠিত হোৱা ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ খেলখনত ভাৰতে ১৩২ ৰানত জয়লাভ কৰিছে । প্ৰথমে বেটিং কৰি ভাৰতে ৬টা উইকেট হেৰুৱাই ২৯৭ ৰান সংগ্ৰহ কৰে, যাৰ প্ৰত্যুত্তৰত নেপালে ৫০ অভাৰত মাত্ৰ ১৬৫ ৰানহে কৰিবলৈ সক্ষম হয় । ভাৰতৰ দলৰ পৰা সৰ্বাধিক ৩টা উইকেট দখল কৰে সৌম্য পাণ্ডেই । অধিনায়ক ছাহাৰন আৰু শচীন দাসে দৰ্শনীয় বেটিং কৰি শতকীয় ইনিংছ খেলিছিল ।

ভাৰতৰ প্ৰথম ইনিংছ ২৯৭/৫

টছত জয়ী হৈ প্ৰথমে বেটিং কৰা ভাৰতীয় দলৰ অধিনায়ক উদয় ছাহাৰন আৰু শচীন দাসে শতকীয় ইনিংছ খেলিছিল । শচীন দাসে দুটা ছয় আৰু ১০ টা চাৰিৰ সহায়ত ১০১ টা বলত ১১৬ ৰান সংগ্ৰহ কৰে । ইফালে অধিনায়ক উদয় ছাহাৰনে ৯ টা চাৰিৰ সহায়ত ১০৭ টা বলত ১০০ ৰান সংগ্ৰহ কৰে । অৱশ্যে অপেনাৰ আদৰ্শ সিং আৰু অৰ্শিন কুলকাৰ্ণীয়ে বেটিঙত বিশেষ একো কৰিব নোৱাৰিলে ।

আদৰ্শ সিঙে ১৮ টা বলত ২১ ৰান সংগ্ৰহ কৰে । গুলশন ঝাৰ বলত পঞ্চম অভাৰৰ পঞ্চম বলত আদৰ্শক কেচ আউট কৰে উত্তম মগৰে । ইয়াৰ পিছতে ভাৰতৰ দ্বিতীয়টো উইকেট ইনিংছৰ ১৪ অভাৰত যায় ৷ ৩৬ টা বলত ১৯ ৰান সংগ্ৰহ কৰি ৰান আউট হয় প্ৰিয়ংশু মৌলিয়া । তৃতীয় উইকেটৰ ৰূপত অ’পেনাৰ আৰ্শিন কুলকাৰ্ণীয়ে ৩০টা বলত ১৮ ৰান সংগ্ৰহ কৰে । চতুৰ্থ আৰু পঞ্চম উইকেটত আউট হয় শচীন দাস আৰু অধিনায়ক উদয় ছাহাৰাণ ।

নেপালী বলিঙৰ কথা ক’লে বলাৰ গুলশন ঝাই ৩টা উইকেট লাভ কৰে । ইয়াৰ উপৰিও আকাশ চান্দেও এটা উইকেট লাভ কৰে । আকাশ চান্দে ৯ অভাৰত ৬৫ ৰানত ১ উইকেট দখল কৰে । ৪৮ নং অভাৰত গুলশনে দাসক ১০১ ৰানত আউট কৰে ।

নেপালৰ দ্বিতীয় ইনিংছ ১৬৫/৯

ভাৰতৰ ২৯৭ ৰানৰ উত্তৰত নেপাল দলৰ কোনো বেটছমেনে ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে । বেটিং কৰিবলৈ ওলাই অহা দীপক বহৰা আৰু অৰ্জুন কমলে প্ৰথম উইকেটত ৪৮ ৰান সংযোজন কৰে যদিও অংশীদাৰিত্ব আৰু বেছি কৰিব নোৱাৰিলে । ১৪ অভাৰত নেপালৰ প্ৰথমটো উইকেট পৰিল, য’ত দীপক বহৰাই ৪২টা বলত ২২ ৰান সংগ্ৰহ কৰি আউট হয় । ইয়াৰ পিছত উত্তম থাপাও ৮ ৰানৰ স্ক’ৰত দ্বিতীয় উইকেট হিচাপে আউট হয় ।

ইয়াৰ উপৰিও অৰ্জুন কমলে ৬৪টা বলত ২৬ ৰানৰ ইনিংছ খেলিছিল । ৪২টা বলত ২৫ ৰান সংগ্ৰহ কৰি আউট হৈছিল অধিনায়ক দেৱ কমল । ভাৰতৰ বলিং প্ৰদৰ্শনৰ কথা কওঁতে ভাৰতীয় বেগী বলাৰ সৌম্য পাণ্ডেই ৮ অভাৰত ২০ ৰানত ৩ উইকেট দখল কৰে । অল ৰাউণ্ডাৰ আৰ্শিন কুলকাৰ্ণীয়েও ৪ অভাৰত ১৮ ৰানত দুটা উইকেট দখল কৰে । আনহাতে ৰাজ লিম্বানী, অভিষেক আৰু আৰাধ্যা শুক্লাই এটাকৈ উইকেট লাভ কৰে ।

লগতে পঢ়ক: বয়স 41 বছৰ 187 দিন; টেষ্ট মেচ খেলা আটাইতকৈ জ্যেষ্ঠ পেচাৰ জেমছ এণ্ডাৰছন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.