ETV Bharat / sports

১৯ ​​বছৰ অনুৰ্ধ বিশ্বকাপৰ ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব ভাৰত

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 7:33 PM IST

U19 World Cup 2024
১৯ ​​বছৰ অনুৰ্ধ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰত

U19 World Cup 2024 : ২০২৪ৰ ১৯ ​​বছৰ অনুৰ্ধ বিশ্বকাপত দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ মাজত প্ৰথমখন ছেমি ফাইনেল ৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব । ভাৰতীয় দলটোৱে ২০২৪ চনৰ বিশ্বকাপত শক্তিশালী প্ৰদৰ্শন আগবঢ়াই সকলো খেলতে জয়লাভ কৰিছে ।

স্পৰ্টছ ডেস্ক, 4 ফেব্ৰুৱাৰী : আফ্ৰিকাত অনুষ্ঠিত হোৱা 19 বছৰ অনুৰ্ধ বিশ্বকাপ 2024 ত ভাৰতীয় দলটোৱে শক্তিশালী প্ৰদৰ্শন আগবঢ়াই সকলো মেচতে জয়লাভ কৰিছে ৷ ভাৰতে কেৱল সকলো মেচত জয়ী হোৱাই নহয় বিপক্ষ দলকো বিপুল ব্যৱধানত পৰাস্ত কৰিছে ৷ এই উৎকৃষ্ট প্ৰদৰ্শনৰ বাবেই ভাৰতে প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ৷ ছেমি ফাইনেলত দলটোৱে মঙলবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মুখাখি হ’ব ৷

ভাৰত আৰু আফ্ৰিকাৰ উপৰিও পাকিস্তান আৰু অষ্ট্ৰেলিয়াও প্ৰযোগিতাখনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ৷ ইয়াৰে এটা দলে ফাইনেলত ভাৰত বা আফ্ৰিকাৰ বিৰুদ্ধে খেলিব ৷ এই বিশ্বকাপত ভাৰতে নিজৰ লীগ মেচত বাংলাদেশ, আমেৰিকা আৰু আয়াৰলেণ্ডক পৰাস্ত কৰিছে ৷ 20 জানুৱাৰীত অনুষ্ঠিত হোৱা প্ৰথমখন খেলত ভাৰতে বাংলাদেশক 84 ৰাণত পৰাস্ত কৰে ৷ ইয়াৰ পিছত ভাৰতে আয়াৰলেণ্ডক 201 ৰাণত পৰাস্ত কৰে ৷ তৃতীয়খন মেচতো ভাৰতীয় দলটোৱে আমেৰিকাক 201 ৰাণত পৰাস্ত কৰে ৷

প্ৰতিযোগিতাখনত ভাৰতীয় দলৰ হৈ বহু বেটছমেনে শতকীয় ইনিংছ খেলিছিল ৷ অৰ্শিন কুলকাৰ্ণী, শচীন দাস, অধিনায়ক উদয় ছাহাৰন আৰু মুছিৰ খানে দুৰ্দান্ত বেটিঙৰে শতক অৰ্জন কৰে ৷ কেৱল এয়াই নহয়, ইটোৰ পিছত সিটোকৈ দুটা শতকীয় ইনিংছ খেলিছিল মুছিৰ খানে ৷ লগতে দলটোৰ বলাৰ সকলেও উজ্জীৱিত প্ৰদৰ্শন আগবঢ়ায় ৷

উল্লেখ্য যে, 2 ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা লীগ পৰ্যায়ৰ অন্তিমখন খেলত ভাৰতে নেপালৰ বিৰুদ্ধে ১৩২ ৰাণত জয়লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে । প্ৰথমে বেটিং কৰি ভাৰতে ৬টা উইকেট হেৰুৱাই ২৯৭ ৰাণ সংগ্ৰহ কৰে, যাৰ প্ৰত্যুত্তৰত নেপালে ৫০ অভাৰত মাত্ৰ ১৬৫ ৰাণহে কৰিবলৈ সক্ষম হয় । ভাৰতৰ হৈ সৰ্বাধিক ৩টা উইকেট দখল কৰে সৌম্য পাণ্ডেই । অধিনায়ক ছাহাৰন আৰু শচীন দাসে দৰ্শনীয় বেটিং কৰি শতকীয় ইনিংছ খেলে ।

লগতে পঢ়ক : সমালোচকক প্ৰত্যুত্তৰ: ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টৰ দ্বিতীয় ইনিংছত শতক অৰ্জন শুভমন গীলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.