ETV Bharat / sports

19 বছৰ অনুৰ্ধৰ বিশ্বকাপ: আমেৰিকাৰ বিৰুদ্ধে 201 ৰাণত বৃহৎ জয় ভাৰতৰ

author img

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 7:40 PM IST

Updated : Jan 28, 2024, 9:24 PM IST

Under 19 world cup 2024
আৰ্শিন কুলকাৰ্ণীৰ বিস্ফোৰক শতক

Under 19 world cup 2024 : আৰ্শিন কুলকাৰ্ণীৰ বিস্ফোৰক শতকৰ সহায়ত ভাৰতে ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ ২০২৪ৰ তৃতীয়খন লীগ মেচত আমেৰিকাক পৰাস্ত কৰিছে । 201 ৰাণৰ বৃহৎ ব্যৱধানত জয়লাভ ভাৰতৰ ৷ কুলকাৰ্ণীয়ে 118 টা বলত 108 ৰাণৰ সংগ্ৰহ কৰে ৷

স্পৰ্টছ ডেস্ক, 28 জানুৱাৰী : ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ ২০২৪ৰ অন্তিমখন গ্ৰুপ এৰ খেলত ভাৰতে ২০১ ৰাণত আমেৰিকাক পৰাস্ত কৰে । দক্ষিণ আফ্ৰিকাৰ ব্ল’মফণ্টেইনত দেওবাৰে অনুষ্ঠিত হোৱা ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত আমেৰিকাৰ বিৰুদ্ধে বৃহৎ বিজয় সাব্যস্ত কৰে ভাৰতীয় দলটোৱে ৷ ভাৰতীয় দলটোৱে 19 বছৰ অনুৰ্ধ বিশ্বকাপত আমেৰিকাৰ বিৰুদ্ধে আজি তৃতীয়খন লীগ মেচত অৱতীৰ্ণ হয় ৷

খেলখনত প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে 50 অভাৰত 5 টা উইকেট হেৰুৱাই 326 ৰাণ সংগ্ৰহ কৰে ৷ এই মেচত অ’পেনিং বেটছমেন আৰ্শিন কুলকাৰ্ণীয়ে ভাৰতৰ হৈ এক উজ্জ্বল শতকীয় ইনিংছ খেলে ৷ তেওঁৰ এই ইনিংছৰ বাবেই টিম ইণ্ডিয়াই আমেৰিকাৰ বিৰুদ্ধে 300 ৰাণৰ স্ক’ৰ অতিক্ৰম কৰে ৷ প্ৰত্যুত্তৰত আমেৰিকাই নিৰ্ধাৰিত 50 অভাৰত 8 টা উইকেট হেৰুৱাই 150 ৰাণ সংগ্ৰহ কৰে ৷ ভাৰতৰ হৈ নমন তিৱাৰীয়ে সৰ্বাধিক 4 টা উইকেট দখল কৰে ৷

ভাৰতৰ ইনিংছ - 326/5 :

এই মেচখনত আদৰ্শ সিং আৰু অৰ্শিন কুলকাৰ্ণীয়ে ভাৰতৰ হৈ ইনিংছ মুকলি কৰিবলৈ আহে ৷ এই দুয়োজনে একেলগে 11.3 অভাৰত প্ৰথম উইকেটৰ বাবে 46 ৰাণ সংযোজন কৰে ৷ আদৰ্শৰ ৰূপত ভাৰতে প্ৰথমটো উইকেট হেৰুৱাই ৷ আদৰ্শে 37 টা বলত 4 টাকৈ বাউণ্ডেৰী কোবাই 24 ৰাণ সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় ৷ ইয়াৰ পিছত মুছিৰ খানে আৰ্শিনৰ সৈতে যুটি বান্ধি দলৰ স্ক’ৰ 200ৰ ওপৰলৈ নিয়ে ৷ ইয়াৰ পিছতে ভাৰতে দ্বিতীয় উইকেটৰ ৰূপত মুছিৰ খানক হেৰুৱাই ৷ 76 টা বলত 3 টা চাৰি আৰু 1 টা ছয়ৰে 73 ৰাণ সংগ্ৰহ কৰি আউট হয় মুছিৰ ৷

ভাৰতৰ হৈ অৰ্শিন কুলকাৰ্ণীয়ে শক্তিশালী বেটিঙেৰে শতক অৰ্জন কৰে ৷ কুলকাৰ্ণীয়ে 118 টা বলত 108 ৰাণৰ ইনিংছ খেলি 91.52 ৰাণৰ ষ্ট্ৰাইক ৰেটত 8 টা চাৰি আৰু 3 টা ছয় কোবায় ৷ তদুপৰি ভাৰতৰ হৈ উদয় চাহাৰনে 27 বলত 35 ৰাণ, প্ৰিয়ংশু মলিয়াই 15 বলত 23 ৰাণ, 16 বলত শচীন ধসে 20 ৰাণ আৰু অৰাবলী অবনীশে 7 বলত 1 টা ছয়ৰে 12 ৰাণ সংগ্ৰহ কৰে ৷ আমেৰিকাৰ হৈ অতীন্দ্ৰ সুব্ৰমণিয়ামে 2 টা উইকেট দখল কৰে ৷ ইফালে অৰিণ নাডকাৰ্ণী, ঋষি ৰমেশ আৰু আৰ্য গাৰ্গে 1 টাকৈ উইকেট দখল কৰে ৷

লগতে পঢ়ক : গাব্বা টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৮ ৰাণত ঐতিহাসিক জয় ৱেষ্ট ইণ্ডিজৰ

Last Updated :Jan 28, 2024, 9:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.