ETV Bharat / sports

19 বছৰ অনূৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত ভাৰত; ছেমিফাইনেলতে থমকিল আয়োজক দঃ আফ্ৰিকা

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 8:29 PM IST

Updated : Feb 6, 2024, 10:35 PM IST

India vs South Africa
U19 world cup 2024

India vs South Africa: ভাৰত আৰু দঃ আফ্ৰিকাৰ মাজত অনুষ্ঠিত 19 বছৰ অনূৰ্ধ্ব এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেলত জয়লাভ ভাৰতৰ ৷ দঃ আফ্ৰিকাই 245 ৰাণৰ লক্ষ্য বান্ধি দিছিল ভাৰতক ৷

নিউজ ডেস্ক, 6 ফেব্ৰুৱাৰী: মঙলবাৰে অনুষ্ঠিত হোৱা 19 বছৰ অনূৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেলত আয়োজক দক্ষিণ আফ্ৰিকাক দুটা উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ভাৰতীয় 19 বছৰ অনূৰ্ধ্ব দলটোৱে । দক্ষিণ আফ্ৰিকাই ৭ উইকেটৰ বিনিময়ত 244 ৰান সংগ্ৰহ কৰিছিল যদিও ভাৰতেশচীন ধাসৰ 96 ৰাণ আৰু অধিনায়ক উদয় ছাহাৰাণৰ 81 ৰানৰ সহায়ত ৭ টা বল বাকী থকা অৱস্থাত জয়লাভ কৰে ।

244 ৰাণৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে 25 ৰানতে 3 টাকৈ উইকেট হেৰুৱায় ৷ অ’পেনাৰ আদৰ্শ সিং (০), আৰ্শিন কুলকাৰ্ণী (১২) আৰু ৱান ডাউন মুছিৰ খান (৪)ক অতি সোনকালে হেৰুৱাই বিপদত পৰে ভাৰৰতীয় দল । ৩২ ৰানত চতুৰ্থ উইকেটৰো পতন ঘটে । কিন্তু ষষ্ঠ স্থানত বেটিং কৰিবলৈ অহা শচীন ধাস আৰু ৪ নম্বৰত ৱাক ইন কৰা অধিনায়ক উদয় ছাহাৰনৰ আন ধাৰণা আছিল । পঞ্চম উইকেটৰ বাবে ১৭১ ৰানৰ শক্তিশালী স্থিতি নিৰ্মাণ কৰি এই যুটিয়ে ভাৰতৰ পক্ষলৈ খেলখন ঘূৰাই আনে ।

ধাসে 11 টা বাউণ্ডেৰী আৰু এটা অভাৰ বাউণ্ডেৰী কোবাই ৷ অধিনায় ছাহাৰাণে সুদক্ষভাৱে সহায় কৰি ছটা বাউণ্ডেৰী কোবায় । 19 বছৰ অনূৰ্ধ্ব ক্ৰিকেটত এয়া পঞ্চম উইকেটৰ যুটিত ধাস আৰু উদয়ৰ মাজত সৰ্বোচ্চ পাৰ্টনাৰশ্বিপ ৷

অৱশ্যে ভাৰতে 200 ৰানৰ সীমা অতিক্ৰম কৰাৰ পিছত 43 নং অভাৰত ধাসে প্ৰাপ্য শতক হেৰুৱাই পেভিলিয়নলৈ উভতি যায় । ইয়াৰ পিছতে ছাহাৰাণে দায়িত্ব লৈ দলটোক জয়ৰ পথত লৈ যায় ।

ভাৰতৰ 19 বছৰ অনূৰ্ধ্ব বিশ্বকাপৰ ফাইনেলত উপনীত হ’বলৈ মাত্ৰ এক ৰানৰ প্ৰয়োজন হোৱাৰ সময়তে ছাহাৰা ৰান আউট হৈছিল আৰু তাৰ পিছত ৰাজ লিম্বানীয়ে নকোবানি মকোয়েনাৰ বলত বাউণ্ডেৰী কোবায় দলক ফাইনেলত উপনীত কৰে ৷

ইয়াৰপূৰ্বে টচত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে ভাৰতে ৷ 23 ৰাণত নিজৰ প্ৰথমটো উইকেট হেৰুৱাই দক্ষিণ আফ্ৰিকাই ৷ অপেনাৰ ষ্টিভ ষ্টোকে 14 ৰাণ কৰি ভাৰতীয় বেগী বলাৰ ৰাজ লিম্বানীৰ বলত অৱনীশৰ হাতত কেচ আউট হয় ৷ দঃ আফ্ৰিকাই নৱম অভাৰত দ্বিতীয়টো উইকেট হেৰুৱায় ৷ দলৰ ৰাণ 46 হোৱাৰ সময়তে ডেভিদ টিগাৰ কোনো ৰাণ নকৰাকৈ আউট হয় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

দক্ষিণ আফ্ৰিকাৰ হৈ উইকেটকীপাৰ লুআন ড্ৰে প্ৰিটোৰিয়াছে আটাইতকৈ সৰ্বাধিক সময়ত ক্ৰীজত তিষ্ঠি থাকে ৷ তেওঁ 102 টা বলত 76 ৰাণৰ এটা সুন্দৰ ইনিংছ খেলে ৷ লুআনে 6 টা বাউণ্ডেৰী আৰু 3 টা অভাৰ বাউণ্ডেৰী কোবায় ৷ 31 অভাৰত মুশীৰ খানৰ বলত আউট হয় দক্ষিণ আফ্ৰিকাৰ উইকেটকীপাৰগৰাকী ৷

লুআনৰ পিচত ৰিচাৰ্ড চেলেটছৱে’ই দক্ষিণ আফ্ৰিকাৰ স্ক’ৰ ব’ৰ্ড চম্ভালে ৷ তেওঁ 100 টা বলত 64 ৰাণ সংগ্ৰহ কৰি দলীয় স্ক’ৰলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়ায় ৷ ৰিচাৰ্ডৰ ইনিংছটোত আছিল 4 টা বাউণ্ডেৰী আৰু 2 টা অভাৰ বাউণ্ডেৰী ৷ এই দুগৰাকী বেটছমেনৰ বাহিৰে বাকীসকলে আশানুৰূপ প্ৰদৰ্শন আগবঢ়াব নোৱাৰিলে ৷ তেওঁলোকৰ ভিতৰত অলিভাৰে 22, ম’ৰিছে 3 আৰু অধিনায়ক জন জেম্ছে 24 ৰাণ কৰে ৷

লগতে পঢ়ক: ১৯ ​​বছৰ অনুৰ্ধ বিশ্বকাপৰ ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব ভাৰত

Last Updated :Feb 6, 2024, 10:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.