ETV Bharat / sports

19 বছৰ অনূৰ্ধ্ব বিশ্বকাপত চেম্পিয়নৰ খিতাপ দখল অষ্ট্ৰেলিয়াৰ

author img

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 5:36 PM IST

Updated : Feb 11, 2024, 10:05 PM IST

Ind vs aus Final
ভাৰতৰ সন্মুখত 254 ৰাণৰ লক্ষ্য

Ind vs Aus Final: 19 বছৰ অনূৰ্ধ্ব বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত অষ্ট্ৰেলিয়াই ভাৰতক 79 ৰাণত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰিছে ৷ 43.5 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই পৰাজয় বৰণ কৰে ভাৰতীয় দলটোৱে ৷

স্পৰ্টছ ডেস্ক, 11 ফেব্ৰুৱাৰী : 19 বছৰ অনূৰ্ধ্ব বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেল মেচত অষ্ট্ৰেলিয়াই ভাৰতক 79 ৰাণত পৰাস্ত কৰিছে ৷ 254 ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰি 43.5 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই থমকি ৰয় ভাৰতীয় দলটো ৷

254 ৰাণৰ লক্ষ্য আগত লৈ ভাৰতীয় দলটোৱে 43.5 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 174 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ দলৰ হৈ আদৰ্শ সিঙে সৰ্বাধিক 47 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে মুৰুগান অভিষেকে 42 আৰু মুশ্বিৰ খানে সংগ্ৰহ কৰে 22 ৰাণ ৷ অষ্ট্ৰেলিয়াৰ হৈ মাহলি বিয়াৰ্ডমেন আৰু ৰাফ মেকমিলানে 3 টাকৈ উইকেট দখল কৰাৰ বিপৰীতে চাৰ্লি এণ্ডাৰছন আৰু টম ষ্ট্ৰেকাৰে দখল কৰে 1টাকৈ উইকেট ৷

ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাৰ ৱিলোমূৰে পাৰ্কত দিনৰ 1.30 বজাৰ পৰা অনুষ্ঠিত হোৱা ফাইনেল মেচখনত টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয় অষ্ট্ৰেলিয়া দলে ৷ প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত 50 অভাৰত 7 টা উইকেট হেৰুৱাই 253 ৰাণ সংগ্ৰহ কৰিছে ৷ দলটোৰ হৈ হৰজাছ সিঙে সৰ্বাধিক 55 ৰাণ সংগ্ৰহ কৰিছে ৷ অধিনায়ক হিউ ৱেইবগেন 48 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে অলিভাৰ পিকে সংগ্ৰহ কৰে 46 ৰাণ ৷ 19 বছৰ অনূৰ্ধ্ব ভাৰতীয় দলৰ হৈ ৰাজ লিম্বানীয়ে সাৰ্বাধিক 3 টা উইকেট দখল কৰাৰ বিপৰীতে নমন তিৱাৰীয়ে 2 টা, সৌমি পাণ্ডে আৰু মুশ্বিৰ খানে দখল কৰে এটাকৈ উইকেট ৷

ভাৰতীয় দলটোৰ মূল একাদশ-

আদৰ্শ সিং, অৰ্শিন কুলকাৰ্ণী, মুশ্বীৰ খান, উদয় চাহাৰন (অধিনায়ক), প্ৰিয়ংশু মলিয়া, শচীন ধাস, আৰাভেলী অৱনীশ (উইকেট কীপাৰ), মুৰুগান অভিষেক, ৰাজ লিম্বানী, নমন তিৱাৰী, সৌমি পাণ্ডে ৷

অষ্ট্ৰেলিয়াৰ মূল একাদশ-

হেৰী ডিক্সন, ছেম কনষ্টাছ, হিউ ৱেইবগেন (অধিনায়ক), হৰজাছ সিং, ৰিয়ান হিক্স (উইকেট কীপাৰ), অলিভাৰ পিক, চাৰ্লি এণ্ডাৰছন, ৰাফ মেকমিলান, টম ষ্ট্ৰেকাৰ, মাহলি বিয়াৰ্ডমেন, কেলাম ভিডলাৰ ৷

লগতে পঢ়ক : ১৯ অনূৰ্ধ্ব ক্ৰিকেট বিশ্বকাপ ফাইনেল, ষষ্ঠ খিতাপৰ দৌৰত ভাৰত

Last Updated :Feb 11, 2024, 10:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.