ETV Bharat / sports

১৯ অনূৰ্ধ্ব ক্ৰিকেট বিশ্বকাপ ফাইনেল, ষষ্ঠ খিতাপৰ দৌৰত ভাৰত

author img

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 12:50 PM IST

U19 World Cup 2024: দক্ষিণ আফ্ৰিকাৰ বেনোনিৰ ৱিলোমূৰ পাৰ্ক ষ্টেডিয়ামত আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ১৯ অনূৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ফাইনেল অনুষ্ঠিত হ'ব । খিতাপ জয়ৰ বাবে দুয়োটা দলেই চেষ্টা চলাব । শক্তিশালী ফৰ্মত থকা ভাৰতীয় বেটছমেনৰ সন্মুখত অষ্ট্ৰেলিয়াৰ শক্তিশালী বলাৰৰ প্ৰত্যাহ্বান কেনে হ'ব ?

U19 World Cup 2024
১৯ অনূৰ্ধ্ব ক্ৰিকেট বিশ্বকাপ ফাইনেল, ষষ্ঠ খিতাপৰ দৌৰত ভাৰত

স্পৰ্টছ ডেস্ক,১১ ফেব্ৰুৱাৰী : ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত আজি ১৯ অনূৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ফাইনেল অনুষ্ঠিত হ'ব । দুয়োটা দল ইতিমধ্যে ক্ৰিকেট মহাৰণৰ বাবে সাজু হৈছে । যদি ভাৰতীয় দল ফাইনেলত জয়ী হয়, তেনেহ'লে ষষ্ঠবাৰৰ বাবে খিতাপ দখল কৰিব ।

ফাইনেলত অষ্ট্ৰেলিয়া দলটো ভাৰতৰ বেটছমেনসকলৰ প্ৰতি সতৰ্ক হৈ থাকিব লাগিব । কিয়নো অধিনায়ক উদয় ছাহাৰন আৰু শচীন ধাসে ধাৰাবাহিকভাৱে মেচ-উইনিং ইনিংছ খেলি আছে । একে সময়তে চলিত বিশ্বকাপত আৰ্শিন কুলকাৰ্ণী আৰু মুছিৰ খানৰো শতক আছে । মুছিৰ খানে দুবাৰকৈ শতক অৰ্জন কৰিছে । উদয়-মুছিৰ আৰু শচীন ধাস ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপৰ শীৰ্ষ ৰাণ সংগ্ৰহকাৰীৰ তালিকাৰ ৩ টা স্থানত আছে । একেদৰে সৌম্য কুমাৰ পাণ্ডেও বলিঙত উন্নত প্ৰদৰ্শন কৰিছে আৰু এতিয়ালৈ প্ৰতিযোগিতাটোত ১৭ টা উইকেট লৈ শীৰ্ষ বলাৰৰ তৃতীয় স্থানত আছে ।

অৱশ্যে ভাৰতীয় দলটোও অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সতৰ্কতাৰে খেলিব লাগিব । অষ্ট্ৰেলিয়াৰ বলিং লাইনআপ এই বিশ্বকাপত শীৰ্ষত আছে । কম স্ক'ৰতে বিপক্ষ দলবোৰক আউট কৰাত সফল হৈছে অষ্ট্ৰেলিয়াৰ বলাৰসকল । অৱশ্যে বেটিঙত অষ্ট্ৰেলিয়াই ভাৰতৰ দৰে বৃহৎ স্ক'ৰ কৰিবলৈ সক্ষম হোৱা নাই । পাকিস্তানৰ বিৰুদ্ধে ছেমিফাইনেলত অষ্ট্ৰেলিয়াইও ৪৯ অভাৰত ১৮০ ৰাণ সংগ্ৰহ কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছিল ।

অষ্ট্ৰেলিয়ান দলটোৰ ৪ টা পাৱাৰহাউচ আছে যি ভাৰতৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে । সেইসকল হৈছে অধিনায়ক হিউ ৱেইগেন, অপেনাৰ হেৰী ডিক্সন, ফাষ্ট বলাৰ টম ষ্ট্ৰাইকাৰ আৰু কালাম ৱিডলাৰ । এইসকল খেলুৱৈ চলিত বিশ্বকাপত ধাৰাবাহিক উন্নত প্ৰদৰ্শনকাৰী ।

ফাইনেল খেলখন বেনোনিৰ ৱিলোমূৰ পাৰ্ক ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । খেলপথাৰখনৰ পিটছখন বেটছমেন আৰু বলাৰ দুয়োপক্ষৰ বাবে উৎকৃষ্ট । নতুন বলে ফাষ্ট বলাৰসকলক গতি আৰু বাউন্সত কিছু সহায় কৰিব বুলি আশা কৰা হৈছে । এই পিটছত খেলা ২৭ খন এদিনীয়াত প্ৰথম ইনিংছত গড় স্ক'ৰ হৈছে ২৩৩ । প্ৰথম ইনিংছত বেটিং কৰা দলবোৰে এতিয়ালৈকে মাত্ৰ ৮ খন মেচত জয়ী হৈছে । ভাৰত আৰু অষ্ট্ৰেলিয়া দুয়োটা দলেই এই ষ্টেডিয়ামত তেওঁলোকৰ ছেমিফাইনেল মেচত প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল ।

ভাৰতৰ প্লেয়িং একাদশ: আদৰ্শ সিং, আৰ্শিন কুলকাৰ্ণী, মুছিৰ খান, উদয় ছাহাৰন (অধিনায়ক), প্ৰিয়াংশু মোলিয়া, শচীন ধাস, অৰাভেলী অৱনীশ (উইকেটকীপাৰ), মুৰুগান অভিষেক, ৰাজ লিম্বানি, নমন তিৱাৰী, সৌম্য পাণ্ডে ।

অষ্ট্ৰেলিয়াৰ প্লেয়িং একাদশ: হিউ ৱেইগেন (অধিনায়ক), ছেম ফনষ্টছ, হৰজছ সিং, হেৰী ডিক্সন, ৰিয়ান হিক্স (উইকেটকীপাৰ), টম কেম্পবেল, কালাম ৱিডলাৰ, ৰফ মেকমিলান, হৰকিৰৎ সিং বাজৱা, চাৰ্জি এণ্ডাৰচন, মাহলী বিয়াৰ্ডমেন ।

লগতে পঢ়ক :ভাৰত বনাম ইংলেণ্ড টেষ্ট শৃংখলা, বাকী ৩ খন টেষ্টৰ পৰাও বাহিৰ বিৰাট কোহলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.