ETV Bharat / sports

অষ্ট্ৰেলিয়া VS পাকিস্তান; ১৯ অনূৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত কোন হ’ব ভাৰতৰ প্ৰতিদ্বন্দ্বী

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 11:19 AM IST

Updated : Feb 8, 2024, 11:39 AM IST

U-19 World Cup Semi-final: ১৯ অনূৰ্ধ্ব বিশ্বকাপত দ্বিতীয়খন ছেমিফাইনেল আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব পাকিস্তান । ইতিমধ্যে প্ৰথমখন ছেমিফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ভাৰতে ফাইনেলত স্থান নিশ্চিত কৰিছে ৷ আজি খেলখনৰ বিজয়ী দলে ১১ ফেব্ৰুৱাৰীত ফাইনেলত মুখামুখি হ'ব ভাৰতৰ সৈতে ।

U19 World Cup Semi final
১৯ অনুৰ্ধ বিশ্বকাপত আজি অষ্ট্ৰেলিয়া বনাম পাকিস্তান

স্পৰ্টছ ডেস্ক, ৮ ফেব্ৰুৱাৰী: অনূৰ্ধ্ব বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেলত ভাৰতে ইতিমধ্যে দক্ষিণ আফ্ৰিকাক ২ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে । ১১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ফাইনেল খেলখনত কোনটো দল ভাৰতৰ সন্মুখত থাকিব, সেয়া নিশ্চিত হ'ব আজি অনুষ্ঠিত হ'বলগীয়া ১৯ অনূৰ্ধ্ব বিশ্বকাপৰ দ্বিতীয়খন ছেমিফাইনেলত । ১৯ অনূৰ্ধ্ব বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেল আজি বিয়লি ১.৩০ বজাৰ পৰা পাকিস্তান আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ'ব । এই খেলখনৰ বিজয়ী দলে ১১ ফেব্ৰুৱাৰীত ভাৰতৰ সৈতে বিশ্বকাপ ২০২৪ ট্ৰফীৰ বাবে যুঁজ দিব ।

লক্ষ্যণীয় যে, ১৯ অনূৰ্ধ্ব বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেলত মুখামুখি হ'বলগীয়া দুয়োটা দল যথেষ্ট শক্তিশালী । পাকিস্তানৰ আক্ৰমণাত্মক বলিঙৰ সন্মুখত এতিয়ালৈকে কোনো দলেই ২০০ ৰাণৰ সীমা অতিক্ৰম কৰিব পৰা নাই । পাকিস্তানৰ দ্ৰুত বলাৰ উবাইদ শ্বাহে বিশ্বাস কৰে যে এয়া পাকিস্তানৰ বাবে এক ইতিবাচক দিশ । একে সময়তে, অষ্ট্ৰেলিয়াও কম শক্তিশালী দল নহয় । অষ্ট্ৰেলিয়াৰ বলিং শৈলীও আক্ৰমণাত্মক আৰু যথেষ্ট শক্তিশালী ।

দুয়োটা দলে এতিয়ালৈকে এই প্ৰতিযোগিতাখনত এখনো মেচতে পৰাজয় বৰণ কৰা নাই । অৱশ্যে, অষ্ট্ৰেলিয়া বনাম ৱেষ্ট ইণ্ডিজৰ মাজত খেলা চুপাৰ ছিক্সৰ অন্তিমখন খেলৰ কোনো ফলাফল হোৱা নাছিল । এতিয়া দ্বিতীয়খন ছেমি ফাইনেলত বিপক্ষ দলটোক চূৰ্ণ-বিচূৰ্ণ কৰি কোনটো দল ফাইনেলত উপনীত হয় সেয়া আকৰ্ষণীয় হ'ব । ভাৰতীয় অনুৰাগীসকলে বিচাৰে যে পাকিস্তানৰ দলটো চূড়ান্ত খেলখনত ভাৰতৰ সন্মুখত থাকক আৰু আকৌ এবাৰ দুয়োটা দলৰ মাজত চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব লাগে । যদি এনে হয় তেন্তে ১৮ বছৰৰ পিছত দুয়োটা দলে পুনৰ খিতাপৰ বাবে যুঁজ দিব ।

উল্লেখ্য যে, প্ৰথমখন ছেমি ফাইনেল খেলত ভাৰতে আফ্ৰিকাক ২ উইকেটত পৰাস্ত কৰিছিল । প্ৰথমে বেটিং কৰি আফ্ৰিকাই ৫০ অভাৰত ২৪৪ ৰাণ সংগ্ৰহ কৰে । যিটো ভাৰতে ৮ টা উইকেট হেৰুৱাই ৪৮.৫ অভাৰত অৰ্জন কৰিছিল । ভাৰতৰ হৈ কেপ্টেইন উদয় চাহাৰণে ৮১ ৰাণ আৰু শচীন দাসে ৯৬ ৰাণ সংগ্ৰহ কৰে । শচীন দাসে এটা শতক অৰ্জন কৰাত ব্যৰ্থ হ'লেও এই বিজয়ৰ সৈতে, ভাৰতে নৱমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ।

সম্ভাৱ্য মূল একাদশ:

অষ্ট্ৰেলিয়াঃ হিউ ৱেইবজিন (অধিনায়ক), ছেম ফৌনষ্টাছ, হৰ্জাছ সিং, হেৰী ডিক্সন, ৰিয়ান হিক্স (উইকেটকিপাৰ), টম কেম্পবেল, কালাম ৱিডলাৰ, ৰেফ মেকমিলান, হৰকিৰত সিং বাজৱা, চাৰ্জি এণ্ডাৰচন, মাহলী বেয়াৰ্ডমেন ।

পাকিস্তানঃ চাদ বেগ (অধিনায়ক আৰু উইকেটকিপাৰ), শ্বাহজাইব খান, আজান আৱাইছ, হাৰুণ আৰ্শাদ, ছামিল হুছেইন, আৰাফাত মিনহাছ, আলী আছফান্দ, উবাইদ শ্বাহ, মহম্মদ জিশান, আলী ৰাজা, আহমেদ হুছেইন ।

লগতে পঢ়ক: 19 বছৰ অনূৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত ভাৰত; ছেমিফাইনেলতে থমকিল আয়োজক দঃ আফ্ৰিকা

Last Updated : Feb 8, 2024, 11:39 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.