ETV Bharat / sports

অনূৰ্ধ্ব ১৯ বিশ্বকাপ ক্ৰিকেট; ছুপাৰ ছিক্সত নিউজীলেণ্ডক ২৯৬ ৰাণৰ জয়ৰ লক্ষ্য ভাৰতৰ

author img

By PTI

Published : Jan 30, 2024, 6:56 PM IST

ছুপাৰ ছিক্সত নিউজীলেণ্ডক ২৯৬ ৰাণৰ জয়ৰ লক্ষ্য ভাৰতৰ
ছুপাৰ ছিক্সত নিউজীলেণ্ডক ২৯৬ ৰাণৰ জয়ৰ লক্ষ্য ভাৰতৰ

Under 19 Cricket World Cup : টছত জয়ী হৈ নিউজীলেণ্ডে প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লয় । আনহাতে, প্ৰথমে বেটিং কৰি ভাৰতে নিউজীলেণ্ডৰ সন্মুখত ২৯৬ ৰাণৰ বিজয় লক্ষ্য বান্ধি দিয়ে ।

স্পৰ্টছ ডেস্ক, ৩০ জানুৱাৰী : দক্ষিণ আফ্ৰিকাত চলি থকা অনূৰ্ধ্ব ১৯ ক্ৰিকেট বিশ্বকাপৰ ছুপাৰ ছিক্সৰ মেচত মঙলবাৰে নিউজীলেণ্ডৰ সন্মুখীন হয় গ্ৰুপৰ শীৰ্ষত থকা ভাৰত । টছত জয়ী হৈ নিউজীলেণ্ডে যোৱাবাৰৰ চেম্পিয়ন ভাৰতৰ বিৰুদ্ধে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় । ভাৰতে নিৰ্ধাৰিত ৫০ অভাৰত৮ উইকেটৰ বিনিময়ত ২৯৫ ৰাণ সংগ্ৰহ কৰে । ছুপাৰ ছিক্সৰ মেচখনত জয়লাভৰ বাবে কিৱি দলটোৰ সন্মুখত এতিয়া ২৯৬ ৰাণৰ লক্ষ্য ।

ভাৰতৰ হৈ সুন্দৰ বেটিং ফৰ্মত থকা মুচিৰ খানে প্ৰতিযোগিতাখনত দ্বিতীয়টো শতক অৰ্জন কৰে । উইকেটৰ কেউদিশে শ্বট খেলি মুচিৰ খানে দলৰ হৈ সৰ্বাধিক ১২৬ বলত ১৩১ ৰাণ সংগ্ৰহ কৰে ।

ভাৰতৰ হৈ ইনিংছ মুকলি কৰে আদৰ্শ সিং আৰু আৰ্শিন কুলকাৰ্ণীয়ে । অৱশ্যে আৰ্শিন কুলকাৰ্ণী সফল হ'ব নোৱাৰিলেও আদৰ্শ সিঙে অৰ্ধ শতক অৰ্জন কৰে । তেওঁ ৫৮ বলত ৫২ ৰাণ সংগ্ৰহ কৰে । অধিনায়ক উদয় চাহাৰণে তৃতীয় সৰ্বাধিক ৩৪ ৰাণ সংগ্ৰহ কৰে । এটা সময়ত ভাৰতীয় ইনিংছে ৩০০ ৰাণৰ সীমা স্পৰ্শ কৰিব বুলি আশা কৰা হৈছিল যদিও মুচিৰ খানৰ উইকেট পতন আৰু অন্তিম অভাৰত সুন্দৰ বলিঙৰ বাবে ভাৰতৰ ইনিংছ ২৯৫ ৰাণত সীমিত হয় ।

আনহাতে, নিউজীলেণ্ডৰ হৈ সফল বলাৰ হৈছে মেছন ক্লাৰ্ক । ক্লাৰ্কে ৮ অভাৰত ৬২ ৰাণ খৰচ কৰি চাৰিটা উইকেট দখল কৰে । আনাহতে, ৰিয়ান টুৰ্গাছ, ইৱাল্ড শ্ৰেউডাৰ, জেক কামিং আৰু অলি তেৱেতীয়াই এটাকৈ উইকেট দখল কৰে ।

উল্লেখ্য যে ভাৰতীয় দলটো অপৰিৱৰ্তিতভাৱে মেচখনত অৱতীৰ্ণ হয় । পাঁচবাৰৰ চেম্পিয়ন দলটোৱে এতিয়ালৈকে প্ৰতিযোগিতাখনত অপৰাজিত হৈ আছে । ভাৰতীয় যুৱ দলটোৱে গ্ৰুপ পৰ্যায়ৰ আটাইকেইখন মেচত জয়লাভ কৰিছে ।

দল দুটা

নিউজীলেণ্ড অনূৰ্ধ্ব ১৯ : জেমছ নেলছন, টম জোনছ, স্নেহিথ ৰেড্ডী, লাচলন ষ্টেকপোল, অস্কাৰ জেকচন (অধিনায়ক), অলিভাৰ তেৱাতীয়া, জেক কামিং, এলেক্স থম্পছন (উইকেটৰক্ষক), ইৱাল্ড শ্ৰেউডাৰ, ৰিয়ান টুৰ্গাছ, মেচন ক্লাৰ্ক ।

ভাৰত অনূৰ্ধ্ব ১৯ : আদৰ্শ সিং, আৰ্শিন কুলকাৰ্ণী, মুছিৰ খান, উদয় চাহাৰন (অধিনায়ক), প্ৰিয়াংশু মলিয়া, শচীন ধাছ, আৰাভেলী আৱানেছ (উইকেটৰক্ষক), মুৰুগান অভিষেক, নমন তিৱাৰী, ৰাজ লিম্বানী, সৌমী পাণ্ডে ।

লগতে পঢ়ক :কিবা এক অদৃশ্য শক্তিয়ে মোক ৰক্ষা কৰিছে; মৃত্যুৰ দুৱাৰদলিৰ পৰা ওভতা গাড়ী দুৰ্ঘটনা সন্দৰ্ভত ঋষভ পণ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.