ETV Bharat / sports

কিবা এক অদৃশ্য শক্তিয়ে মোক ৰক্ষা কৰিছে; মৃত্যুৰ দুৱাৰদলিৰ পৰা ওভতা গাড়ী দুৰ্ঘটনা সন্দৰ্ভত ঋষভ পণ্ট

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 1:59 PM IST

মৃত্যুৰ দুৱাৰদলিৰ পৰা ওভতা গাড়ী দুৰ্ঘটনা সন্দৰ্ভত ঋষভ পণ্ট
মৃত্যুৰ দুৱাৰদলিৰ পৰা ওভতা গাড়ী দুৰ্ঘটনা সন্দৰ্ভত ঋষভ পণ্ট

Rishabh Pant on Car Accident : ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পণ্টে প্ৰথমবাৰৰ বাবে ২০২২ চনৰ ডিচেম্বৰ মাহত সংঘটিত গাড়ী দুৰ্ঘটনাৰ বেদনাদায়ক অভিজ্ঞতাৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে । এই দুৰ্ঘটনাই তেওঁক এবছৰতকৈও অধিক সময় ক্ৰিকেটৰ পৰা আঁতৰাই ৰাখে ।

স্পৰ্টছ ডেস্ক, ৩০ জানুৱাৰী : এবছৰৰো অধিক সময় পাৰ হৈ গ'ল তাৰকা ভাৰতীয় উইকেটৰক্ষক বেটাৰ ঋষভ পণ্ট মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতি অহা ৷ শেষনিশা ৰাজপথত সংঘটিত এক ভয়ানক দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰিছিল তাৰকা ক্ৰিকেটাৰগৰাকীৰ। দিল্লী-ৰুঢ়কী ঘাইপথত সংঘটিত হৈছিল এই ভয়ানক দুৰ্ঘটনাটো । তাৰ পিছৰে পৰা তেওঁ ক্ৰিকেটৰ পৰা আঁতৰি থাকিবলগা হৈছে । শেহতীয়াভাৱে ষ্টাৰ স্পৰ্টছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ২৬ বছৰীয়া বেটাৰগৰাকীয়ে ২০২২ চনৰ ডিচেম্বৰত নতুন দিল্লীৰ পৰা নিজৰ ৰুঢ়কীৰ ঘৰলৈ উভতি গৈ থকাৰ সময়ত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাটোৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে ।

'বিলিভ' শৃংখলাৰ ষ্টাৰ স্পৰ্টছৰ দ্বাৰা শ্বেয়াৰ কৰা টিজাৰত পণ্টে প্ৰায় মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতি অহা সেই ভয়ানক অভিজ্ঞতাৰ কথা প্ৰকাশ কৰা হৈছে । "মোৰ জীৱনত প্ৰথমবাৰৰ বাবে মই অনুভৱ কৰিছিলোঁ যে এই পৃথিৱীত মোৰ সময় শেষ হৈছে । দুৰ্ঘটনাটোৰ সময়ত মই আঘাতবোৰৰ বিষয়ে অৱগত আছিলোঁ, কিন্তু মই ভাগ্যৱান আছিলোঁ । কিয়নো এই আঘাত আৰু অধিক গুৰুতৰ হ'ব পাৰিলেহেঁতেন । মই অনুভৱ কৰি আছিলোঁ যে কোনোবাই মোক ৰক্ষা কৰিছে ।" পণ্টে কয় ।

"মই চিকিৎসকক সুধিছিলোঁ যে মোৰ আৰোগ্য হ'বলৈ কিমান সময় লাগিব । তেওঁ কৈছিল যে ইয়াৰ বাবে 16-18 মাহ লাগিব । মই জানিছিলোঁ যে এই অৱস্থাৰ পৰা উদ্ধাৰ পাবলৈ লগা সময় হ্ৰাস কৰিবলৈ মই কঠোৰ পৰিশ্ৰম কৰিব লাগিব ।" পণ্টে লগতে কয় ।

এই খণ্ডটোৰ টিজাৰটোৱে দুৰ্ঘটনাটোৰ পিছত দিল্লীৰ বেটাৰগৰাকীয়ে সন্মুখীন হোৱা আৱেগিক অস্থিৰতা আৰু শাৰীৰিক প্ৰত্যাহ্বানৰো এক আভাস প্ৰদান কৰিছে । আনহাতে, ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলে আশা কৰিছে যে শেহতীয়া খণ্ডটোত পণ্টে দুৰ্ঘটনাৰ নিশাৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিব ।

উল্লেখ্য যে নিজস্ব শৈলীৰ বেটিঙৰ বাবে পৰিচিত নিৰ্ভীক বেটাৰগৰাকীয়ে তেওঁৰ আঘাতৰ পিছত এখনো মেচ খেলা নাই আৰু এতিয়াও তেওঁ সম্পূৰ্ণ সুস্থ হোৱাৰ পথত আছে ।

অৱশ্যে এইগৰাকী যুৱ প্ৰতিভাৰ বাবে সূৰ্য পুনৰবাৰ উদয় হৈছে । দিল্লী কেপিটেলছৰ অধিনায়ক পণ্টে আগন্তুক আইপিএল, ২০২৪ ছিজনত ২২ মাৰ্চৰ পৰা ২৬ মে'লৈ এক বিশাল প্ৰত্যাৱৰ্তনৰ বাবে সাজু হৈছে । পণ্টে আৰোগ্য হোৱাৰ সময়ছোৱাত কেইবা মাহ ধৰি শাৰীৰিক আৰু আৱেগিক কষ্ট সহ্য কৰিবলগা হৈছে ।

লগতে পঢ়ক :ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টৰ পৰা বাহিৰ হ’ল ৰবীন্দ্ৰ জাডেজা, কে এল ৰাহুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.