ETV Bharat / sports

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টৰ পৰা বাহিৰ হ’ল ৰবীন্দ্ৰ জাডেজা, কে এল ৰাহুল

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 5:29 PM IST

Ind Vs Eng Test Series
দ্বিতীয় টেষ্টৰ পৰা বাহিৰ ৰবীন্দ্ৰ জাডেজা, কে এল ৰাহুল

Ind Vs Eng Test Series : ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত অল ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজা আৰু বেটছমেন কে এল ৰাহুল বাহিৰ হৈছে। দ্বিতীয়খন টেষ্ট ২ ফেব্ৰুৱাৰীৰ পৰা বিশাখাপট্টনমত অনুষ্ঠিত হ’ব।​

স্পৰ্টছ ডেস্ক, 29 জানুৱাৰী : সোমবাৰে বিচিচিআইয়ে প্ৰকাশ কৰা অনুসৰি 2 ফেব্ৰুৱাৰীৰ পৰা বিশাখাপট্টনমত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন টেষ্টত ভাৰতীয় দলৰ অল-ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজা আৰু উইকেটকীপাৰ বেটছমেন কে এল ৰাহুল বাহিৰ হৈছে ৷

বি চি চি আইৰ সম্পাদক জয় শ্বাহে সংবাদ মাধ্যমৰ বিবৃতিত কয় যে হায়দৰাবাদত অনুষ্ঠিত প্ৰথমখন টেষ্টৰ চতুৰ্থ দিনা খেলৰ সময়ত জাডেজাই হেমষ্ট্ৰিঙত আঘাত পোৱাৰ বিপৰীতে কে এল ৰাহুলে সোঁফালৰ পেশীত বিষৰ অভিযোগ কৰে ৷

বিবৃতিটোত কোৱা হৈছে যে- "বি চি চি আই মেডিকেল টিমে দুয়োগৰাকী খেলুৱৈৰ অগ্ৰগতি নিৰীক্ষণ কৰি আছে ৷"

ভাৰতৰ প্ৰাক্তন পেচাৰ অজিত আগৰকাৰৰ নেতৃত্বত গঠিত পুৰুষ দলৰ বাছনি সমিতিয়ে মুম্বাইৰ বেটছমেন ছৰফৰাজ খান, বাওঁহতীয়া বলাৰ সৌৰভ কুমাৰ আৰু অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰক ভাৰতীয় দলত অন্তৰ্ভূক্ত কৰিছে ৷

বি চি চি আইয়ে লগতে কয় যে 1 ফেব্ৰুৱাৰীৰ পৰা আহমেদাবাদত আৰম্ভ হ’বলগীয়া ইংলেণ্ড লায়ন্সৰ বিৰুদ্ধে তৃতীয় আৰু অন্তিমখন খেলৰ বাবে ইণ্ডিয়া এ দলত ৱাশ্বিংটন সুন্দৰৰ সলনি সাৰাংশ জৈনক অন্তৰ্ভূক্ত কৰা হৈছে ৷ ইয়াৰ উপৰিও পেচাৰ আৱেশ খানে নিজৰ ৰঞ্জী ট্ৰফী দল মধ্যপ্ৰদেশৰ সৈতে যাত্ৰা অব্যাহত ৰাখিব আৰু প্ৰয়োজন হ’লে টেষ্ট দলত যোগদান কৰিব ৷

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টৰ বাবে ভাৰতৰ দলটো হ’ল : ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, যশস্বী জয়ছোৱাল, শ্ৰেয়স আয়াৰ, কে এছ ভাৰত (উইকেট কীপাৰ), ধ্ৰুৱ জুৰেল (উইকেট কীপাৰ), ৰবিচন্দ্ৰন অশ্বিন, অক্ষৰ পেটেল, কুলদীপ যাদৱ, মহম্মদ ছিৰাজ, মুকেশ কুমাৰ, যশপ্ৰীত বুমৰাহ (সহ-অধিনায়ক), আৱেশ খান, ৰজত পাটিদাৰ, ছৰফৰাজ খান, ৱাশ্বিংটন সুন্দৰ আৰু সৌৰভ কুমাৰ ৷

উল্লেখ্য যে, হাদৰাবাদত অনুষ্ঠিত হোৱা পাঁচখনীয়া শৃংখলাৰ প্ৰথমখন টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে 28 ৰাণত পৰাস্ত হয় ভাৰতীয় দলটো ৷

লগতে পঢ়ক : ডব্লিউ টি চি পইণ্ট তালিকাত অৱনমিত হ’ল টিম ইণ্ডিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.