ETV Bharat / sports

ডব্লিউ টি চি পইণ্ট তালিকাত অৱনমিত হ’ল টিম ইণ্ডিয়া

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 3:47 PM IST

WTC points table
স্থান অৱনমিত টিম ইণ্ডিয়াৰ

WTC points table : হায়দৰাবাদ টেষ্টত ইংলেণ্ডৰ হাতত ২৮ ৰাণত পৰাস্ত হোৱাৰ পাছত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ পইণ্ট টেবুলত ভাৰতৰ স্থান অৱনমিত হৈছে ৷ পইন্ট টেবুলত বাংলাদেশে ভাৰতক পিছ পেলোৱা পৰিলক্ষিত হৈছে ৷

স্পৰ্টছ ডেস্ক, 29 জানুৱাৰী : পাঁচখনীয়া শৃংখলাৰ প্ৰথমখন টেষ্ট মেচত ইংলেণ্ডৰ হাতত পৰাজয়ৰ পিছত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি)ৰ পইণ্ট টেবুলত অৱনমিত হ’ল ভাৰত ৷ শেহতীয়াকৈ প্ৰকাশিত তালিকাত বাংলাদেশৰ তলত স্থান লাভ কৰিছে ভাৰতে ৷ ইংলেণ্ডৰ বিৰুদ্ধে পৰাজয় বৰণৰ পিছত বৰ্তমান পঞ্চম স্থানত আছে ভাৰত ৷ ইংলেণ্ডৰ বিৰুদ্ধে হায়দৰাবাদত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্ট মেচত ভাৰতে এক সুন্দৰ আৰম্ভণি কৰিছিল যদিও শেষৰ দিনটোত পৰাজয়ৰ সন্মুখীন হ’ব লগা হয় ৷

ৰোহিত শৰ্মাৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে প্ৰথম দিনটোত নিজৰ আধিপত্য বজাই ৰাখিছিল যদিও অলি পোপৰ শতকীয় ইনিংছে ইংলেণ্ডক শক্তিশালী স্থিতিত উপনীত কৰাইছিল ৷ অলি পোপৰ 196 ৰাণৰ শক্তিশালী ইনিংছে খেলখনৰ গতি সলনি কৰে ৷ ফলত ভাৰতে 231 ৰাণৰ প্ৰত্যাহ্বানমূলক লক্ষ্য অনুসৰণ কৰিবলৈ বাধ্য হয় ৷

ইয়াৰ পিছত ভাৰতীয় বেটিং লাইন আপত খহনীয়াৰ সৃষ্টি কৰে টেষ্টত ইংলেণ্ডৰ হৈ অভিষেক ঘটোৱা টম হাৰ্টলীয়ে ৷ অন্তিম ইনিংছত 7 টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰি যুৱ স্পীনাৰগৰাকীয়ে ভাৰতক পৰাজয়ৰ দিশে ঠেলি দিয়ে ৷ টিম ইণ্ডিয়াই দ্বিতীয় ইনিংছত মাত্ৰ 202 ৰাণ সংগ্ৰহ কৰি অল আউট হয় আৰু ইংলেণ্ডে 28 ৰাণত জয়লাভ কৰে ৷

এই পৰাজয়ৰ বাবে ভাৰতৰ স্থান বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (WTC) পইণ্ট টেবুলত অৱনমিত হৈছে ৷ এই মেচৰ পূৰ্বে পইণ্ট তালিকাৰ দ্বিতীয় স্থানত থকা ভাৰতীয় দলটো এতিয়া পঞ্চম স্থানলৈ অৱনমিত হৈছে ৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত, ভাৰতীয় দলটো 5 খন মেচত 2 টা জয়, 2 টা পৰাজয় আৰু 1 টা ড্ৰ ৰ সৈতে পঞ্চম স্থানত আছে ৷ টীম ইণ্ডিয়াই এতিয়া 43.33 পইণ্ট লাভ কৰি আছে ৷ একে সময়তে, বাংলাদেশ দলটো ভাৰততকৈ আগবাঢ়ি গৈছে ৷

লগতে পঢ়ক : জামাইকাক পৰাস্ত কৰি হকী5এছ বিশ্ব কাপত কোৱাৰ্টাৰ ফাইনেললৈ ভাৰতীয় হকী দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.