ETV Bharat / sports

জামাইকাক পৰাস্ত কৰি হকী5এছ বিশ্ব কাপত কোৱাৰ্টাৰ ফাইনেললৈ ভাৰতীয় হকী দল

author img

By ANI

Published : Jan 29, 2024, 2:30 PM IST

FIH Hockey5s World Cup 2024 : পুৰুষৰ হকী5এছ বিশ্ব কাপ 2024 ৰ গ্ৰুপ বি পৰ্যায়ৰ অন্তিমখন মেচত ভাৰতৰ বৃহৎ জয় ৷ ভাৰতে জামাইকাক 13-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে ৷

india has confirmed quarter finals of the fih hockey5s world cup 2024
হকী5এছ বিশ্ব কাপত কোৱাৰ্টাৰ ফাইনেললৈ ভাৰতীয় হকী দল

স্পৰ্টছ ডেস্ক, 29 জানুৱাৰী : ওমানত চলি থকা এফ আই এচ পুৰুষৰ হকী5এছ বিশ্ব কাপ 2024 ৰ গ্ৰুপ বি পৰ্যায়ৰ অন্তিমখন মেচত ভাৰতৰ বৃহৎ জয় ৷ সোমবাৰে ওমানৰ মাস্কটত অনুষ্ঠিত মেচখনত ভাৰতে জামাইকাক 13-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে ৷ মেচখনত ভাৰতে আৰম্ভণিৰ পৰাই আক্ৰমণাত্মক আছিল ৷

মেচখনৰ আৰম্ভ হোৱা 2 মিনিটতে ভাৰতৰ হৈ মনিন্দৰ সিঙে প্ৰথমটো গ'ল দিছিল । তাৰ পিছত উত্তম সিঙে 5 মিনিট আৰু মনজিতেও 5 মিনিটত এটাকৈ গ'ল দিয়ে ৷ খেলৰ প্ৰথম ছয় মিনিটৰ ভিতৰত ভাৰতে 4-0 ৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছিল ৷ যথেষ্ট অগ্ৰগতি লাভ কৰাৰ পিছতে, ভাৰতে নিৰন্তৰ আক্ৰমণৰে জামাইকাৰ ওপৰত চাপ বজাই ৰাখিছিল । পৱন ৰাজভৰে 9 মিনিট আৰু গুৰজ্যোত সিঙে 14 মিনিটত ভাৰতৰ হৈ গ'ল কৰে আৰু ভাৰতে বিৰতিৰ পৰলৈকে 6-0 গ’লত অগ্ৰগতি লাভ কৰে ৷

দ্বিতীয়াৰ্ধটো প্ৰথমৰ পৰাই ভাৰতে আক্ৰমণাত্মক খেল অব্যাহত ৰাখিছিল । দ্বিতীয়াৰ্ধত মহম্মদ ৰাহিল 16 মিনিট আৰু 27 মিনিত দুটাকৈ গ’ল দিয়াৰ লগতে মনদীপ ম'ৰে 23 মিনিট আৰু 27 মিনিটত দুটাকৈ গ’ল, মনজিৎ 24 মিনিটত এটা আৰু মণিন্দৰ সিঙে পুনৰ 28 আৰু 29 মিনিটত গ’ল দিয়ে ৷ নিৰ্ধাৰিত সময়ত 13-0 গ’ল দি বৃহৎ গ’লৰ ব্যৱধানত জয় লাভ কৰে ভাৰতীয় দলটোৱে ৷ ইফালে জামাইকাক পৰাস্ত কৰি এফ আই এইচ হকী 5 এছ বিশ্বকাপ ওমান 2024ৰ কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিলে ভাৰতে ৷ কোৱাৰ্টাৰ ফাইনেল মেচখন 30 জানুৱাৰীত অনুষ্ঠিত হ'ব।

উল্লেখ্য যে, ভাৰতীয় দলটোৱে গ্ৰুপ পৰ্যায়ৰ আৰম্ভণি মেচত ইজিপ্তৰ হাতত পৰাজিত হৈছিল ৷ বিপৰীতে গ্ৰুপ পৰ্যায়ৰ দ্বিতীয়খন মেচত চুইজাৰলেণ্ডক পৰাস্ত কৰিছিল ।

লগতে পঢ়ক : ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত ভাৰতৰ পৰাজয়ৰ কাৰণ বিশ্লেষণ কৰিলে প্ৰশিক্ষক ৰাহুলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.