ETV Bharat / sports

ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত ভাৰতৰ পৰাজয়ৰ কাৰণ বিশ্লেষণ কৰিলে প্ৰশিক্ষক ৰাহুলে

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 9:22 AM IST

Updated : Jan 29, 2024, 12:54 PM IST

IND vs ENG 1st test Match : প্ৰথমখন টেষ্ট ভাৰতৰ পৰাজয়ৰ কাৰণ বিচাৰি পালে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে ৷ ইংলেণ্ডৰ বেটছমেন অলি প’পকো প্ৰশংসা দ্ৰাবিড়ৰ ৷

Rahul dravid talked about improvement in bowling
জাদেজাৰ আঘাতক লৈ চিন্তিত ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক দ্ৰাবিড়ৰ

স্পৰ্টছ ডেস্ক, 29 জানুৱাৰী : ভাৰত-ইংলেণ্ডৰ পাঁচখনীয়া শৃংখলাৰ প্ৰথমখনে টেষ্টত ভাৰতৰ পৰাজৰ অন্যমত কাৰণ কি ! বলিং নে বেটিং ! এই ক্ষেত্ৰত নানা ঋষিৰ নানা মত ৷ মেচৰ পাচত এক সংবাদমেল সম্বোধন কৰি প্ৰথমখন টেষ্ট ভাৰতৰ পৰাজয়ৰ কাৰণ উল্লেখ কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে ৷

ইংলেণ্ডৰ বেটছমেন অলি প’পে খেলা শ্বটসমূহৰ কথা উল্লেখ কৰি দ্ৰাবিড়ে কয় যে, ভাৰতীয় স্পীনাৰৰ বিৰুদ্ধে সুন্দৰকৈ চুইপ আৰু ৰিভাৰ্চ চুইপৰ দৰে শ্বট মাৰিবলৈ সক্ষম হৈছিল প’প ৷ যাৰবাবে তেওঁ 196 ৰাণৰ এটা স্মৰণীয় ইনিংছ খেলিছিল । তেওঁৰ বেটিঙৰ বাবে প্ৰথম ইনিংছত 190 ৰাণত পিছ পৰি থকা ইংলেণ্ডে জয়লাভ কৰিবলৈ সক্ষম হয় ।

তেওঁ লগতে কয়, ‘‘ আমি স্পীনাৰ প্ৰতি গুৰুত্ব দিব লাগিব ৷ যাতে বিপক্ষ দলৰ খেলুৱৈ স্পীনাৰৰ বিৰুদ্ধে চুইপ আৰু ৰিভাৰ্চ চুইপ খেলিব নোৱাৰে তাৰবাবে অধিক গুৰুত্ব দিয়া হ’ব ৷’’ অলি প’পক প্ৰশংসা কৰি দ্ৰাবিড়ে কয় যে, পূৰ্বে আমি ইমান নিৰ্ভুলকৈ চুইপ বা ৰিভাৰ্চ খেলিব পৰা খেলুৱৈক দেখা নাছিলো ৷ পূৰ্বে কিছু খেলুৱৈ ভাল খেলিছিল যদিও প’পৰ অসাধাৰণ ইনিংছৰ দৰে দেখা নিছিলো ৷

পৰৱৰ্তী মেচতসমূহত ভাৰতীয় বলাৰে উন্নত খেল প্ৰদৰ্শন কৰিব পাৰিব বুলি আশা ব্যক্ত কৰে দ্ৰাবিড়ে ৷ শৃংখলাৰ দ্বিতীয়খন টেষ্ট মেচ বিশাখাপট্টনমত অহা 2ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব ৷

আনহাতে, পৰৱৰ্তী মেচত ৰবিন্দ্ৰ জাদেজাই খেলিব পাৰিব নে নাই বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, দ্বিতীয়খন টেষ্ট মেচ খেলিব পাৰিব নে নোৱাৰিব এই ক্ষেত্ৰত এতিয়া নিশ্চিত নহয় । উল্লেখ্য যে, ৰাণৰ সময়ত আঘাত পাইছিল জাদেজাই ৷

লগতে পঢ়ক : নৱাগত টম হাৰ্টলীৰ শক্তিশালী প্ৰদৰ্শনেৰে ভাৰতৰ বিৰুদ্ধে জয়লাভ ইংলেণ্ডৰ

Last Updated : Jan 29, 2024, 12:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.