ETV Bharat / sports

নৱাগত টম হাৰ্টলীৰ শক্তিশালী প্ৰদৰ্শনেৰে ভাৰতৰ বিৰুদ্ধে জয়লাভ ইংলেণ্ডৰ

author img

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 8:07 PM IST

Ind ve Eng 1st test : হায়দৰাবাদত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত ইংলেণ্ডে ২৮ ৰাণত জয়লাভ কৰিছে । ইংলেণ্ডৰ হৈ টেষ্টত অভিষেক ঘটোৱা টম হাৰ্টলীয়ে দ্বিতীয় ইনিংছত ৭টা উইকেট দখল কৰে ।

Ind ve Eng 1st test
প্ৰথম টেষ্টত ভাৰতৰ বিৰুদ্ধে জয়লাভ ইংলেণ্ডৰ

স্পৰ্টছ ডেস্ক, 28 জানুৱাৰী : ইংলেণ্ডৰ বিৰুদ্ধে হায়দৰাবাদত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত মুখ ঠেকেচা ভাৰতৰ ৷ ভাৰত বনাম ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা পাঁচখনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত জয়লাভ কৰিছে ইংলেণ্ডে ৷ ভাৰতক জয়ৰ বাবে 231 ৰাণৰ লক্ষ্য বান্ধি দিছিল ইংলেণ্ডে ৷ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতীয় দলটোৱে 202 ৰাণতে আটাইকেইটা উইকেট হেৰুৱাই 28 ৰাণত পৰাজয় স্বীকাৰ কৰে ৷ ইংলেণ্ডৰ এই জয়ত মুখ্য ভূমিকা লোৱা টম হাৰ্টলীয়ে দ্বিতীয় ইনিংছত সৰ্বাধিক 7 টা উইকেট দখল কৰে ৷ প্ৰথম ইনিংছত দুটা উইকেট দখল কৰিবলৈ সক্ষম হয় হাৰ্টলীয়ে ৷

  • Tom Hartley said, "after watching Ashwin and Jadeja I realised that I don't need to bowl quickly, I adjusted my length". pic.twitter.com/OwDZLFyRBv

    — Mufaddal Vohra (@mufaddal_vohra) January 28, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

দ্বিতীয় ইনিংছত হাৰ্টলীৰ সন্মুখত ভাৰতীয় বেটছমেনসকল অসহায় হৈ পৰে ৷ দ্বাদশ অভাৰৰ চতুৰ্থ বলত যশস্বী জয়ছোৱালৰ ৰূপত প্ৰথমটো উইকেট হেৰুৱাই ভাৰতে ৷ জয়ছোৱালে 35 টা বলত 15 ৰাণ সংগ্ৰহ কৰাৰ পিছত হাৰ্টলীয়ে একেটা অভাৰৰ শেষৰ বলত শুভমন গীলক পেভিলিয়নৰ বাট দেখুৱাই ৷ 2 টা বলত কোনো ৰাণ নকৰাকৈয়ে আউট হয় গীল ৷ ইয়াৰ পিছত ইনিংছৰ 18 অভাৰত হাৰ্টলীয়ে ব্যক্তিগতভাৱে 39 ৰাণ সংগ্ৰহ কৰা ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাক এল বি ডব্লিউ কৰি পেভিলিয়নমুখী কৰে ৷

ইয়াৰ উপৰিও হাৰ্টলীয়ে উইকেটৰক্ষক কে এছ ভাৰত, ৰবিচন্দ্ৰন অশ্বিন আৰু মহম্মদ চিৰাজৰ উইকেট দখল কৰে ৷ ইয়াৰ পূৰ্বে হাৰ্টলীয়ে ভাৰতৰ প্ৰথম ইনিংছত 2 টা উইকেট দখল কৰিছিল ৷ কেৱল এয়াই নহয়, ইংলেণ্ডৰ দ্বিতীয় ইনিংছত হাৰ্টলীয়ে অলি পোপৰ সৈতে 80 ৰাণৰ অংশীদাৰিত্ব গঢ়ি তুলিছিল আৰু দলটোৰ হৈ 34 ৰাণৰ অৰিহণা আগবঢ়ায় ৷ এই জয়ৰে বৰ্তমান ইংলেণ্ডে ভাৰতৰ বিৰুদ্ধে পাঁচ খনীয়া শৃংখলাত 1-0 ব্যৱধানত অগ্ৰগতি লাভ কৰিছে ৷

উল্লেখ্য যে, এই মেচত ইংলেণ্ডৰ হৈ টেষ্টত অভিষেক ঘটাইছে হাৰ্টলীয়ে ৷ ইয়াৰ পূৰ্বে তেওঁ মাত্ৰ দুখন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচ খেলিছে ৷ প্ৰথম শ্ৰেণীৰ 20 খন মেচত 40 টা উইকেট দখল কৰাৰ লগতে 58 ৰাণত 8 টা উইকেট তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন ৷

লগতে পঢ়ক : টি-20 বিশ্বকাপ 2024 : কোন কোন থাকিব ভাৰতীয় দলত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.