ETV Bharat / sports

১৯ অনূৰ্ধ্ব বিশ্বকাপ ক্ৰিকেট, আয়াৰলেণ্ডক ২০১ ৰাণৰ ব্যৱধানত পৰাস্ত ভাৰতৰ

author img

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 11:44 AM IST

U 19 World Cup 2024
আয়াৰলেণ্ডক ২০১ ৰাণৰ ব্যৱধানত পৰাস্ত ভাৰতৰ

IND defeat IRE: গ্ৰুপ পৰ্যায়ৰ প্ৰথমখন খেলত ভাৰতে বাংলাদেশক ৮৪ ৰাণত পৰাস্ত কৰিছিল । দ্বিতীয়খন খেলত আয়াৰলেণ্ডক ২০১ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত ভাৰতৰ । মুছিৰ খানৰ সৰ্বাধিক ১১৮ ৰাণ । নমন তিৱাৰীয়ে ৪ টা উইকেট লাভ কৰে ।

স্পৰ্টছ ডেস্ক, ২৬ জানুৱাৰী : দক্ষিণ আফ্ৰিকাত চলি থকা পুৰুষৰ ১৯ অনূৰ্ধ্ব বিশ্বকাপ ক্ৰিকেটত শক্তিশালী স্থিতিত আছে ভাৰতীয় দল । গ্ৰুপ পৰ্যায়ৰ দ্বিতীয়খন খেলতো ভাৰতীয় দলটোৰ বৃহৎ জয় । বৃহস্পতিবাৰে ভাৰতে আয়াৰলেণ্ডক ২০১ ৰাণৰ বৃহৎ ব্যৱধানত ধূলিসাৎ কৰিবলৈ সক্ষম হয় । এই খেলখনত ভাৰতৰ বিজয়ৰ নায়ক আছিল মুছিৰ খান আৰু নমন তিৱাৰী ।

মুছিনে বেটেৰে এক আকৰ্ষণীয় শতক অৰ্জন কৰে ৷ আনহাতে নমনে বলিঙেৰে বিপক্ষ বেটছমেনসকলক নিৰাশ কৰি তোলে । এই খেলখনত ভাৰতে ৫০ অভাৰত ৭ টা উইকেট হেৰুৱাই ৩০১ ৰাণ সংগ্ৰহ কৰিছিল । এই টাৰ্গেটৰ পিছত যোৱাৰ সময়ত আয়াৰলেণ্ডৰ দলটো ২৯.৪ অভাৰতে ১০০ ৰাণত অলআউট হয় ।

মুছিৰ খান আৰু অধিনায়ক উদয় চাহাৰনে ভাৰতৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে । উদয় চাহাৰানে ৮৪ টা বলত ৭৫ ৰাণ সংগ্ৰহ কৰে । একে সময়তে অলৰাউণ্ডাৰ মুছিৰ খানে ৯ টা চাৰি আৰু ৪ টা ছিক্সাৰৰ সহায়ত ১০৬ টা বলত ১১৮ ৰাণ সংগ্ৰহ কৰি তেওঁৰ দলটোক ৩০১ ৰাণলৈ লৈ যায় । আয়াৰলেণ্ডৰ হৈ অলিভাৰ ৰাইলে ৩ টা আৰু জন মেকনেলীয়ে ২ টা উইকেট দখল কৰে ।

আয়াৰলেণ্ডৰ হৈ দানিল ফৰ্কিনে সৰ্বাধিক ২৭ ৰাণ সংগ্ৰহ কৰে । ভাৰতৰ হৈ বাওঁহাতৰ ফাষ্ট বলাৰ নমন তিৱাৰীয়ে ৪ টা উইকেট দখল কৰে । ইফালে অন্তিম খন খেলৰ নায়ক সোম্য কুমাৰ পাণ্ডেও ৩ টা উইকেট দখল কৰে ।

এতিয়ালৈকে, ভাৰতীয় দলটোৱে অনূৰ্ধ্ব ১৯ বিশ্বকাপত মাত্ৰ ২ খন মেচ খেলিছে আৰু দুয়োখন মেচতে উল্লেখযোগ্য বিজয় লাভ কৰিছে । প্ৰথমখন খেলত ভাৰতে বাংলাদেশক ৮৪ ৰাণত পৰাস্ত কৰিছিল ।

লগতে পঢ়ক :ভাৰত বনাম ইংলেণ্ড, বৃহৎ টাৰ্গেটৰ লক্ষ্যৰে দ্বিতীয় দিনা খেলপথাৰত ভাৰতৰ বেটছমেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.