ETV Bharat / sports

ভাৰত বনাম ইংলেণ্ড, বৃহৎ টাৰ্গেটৰ লক্ষ্যৰে দ্বিতীয় দিনা খেলপথাৰত ভাৰতৰ বেটছমেন

author img

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 10:43 AM IST

IND vs ENG Test : ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলে বৃহস্পতিবাৰৰ পৰা হায়দৰাবাদত ইংলেণ্ডৰ সৈতে প্ৰথমখন টেষ্ট মেচ খেলি আছে । দ্বিতীয় দিনা ভাৰতে পুনৰ বেটিং আৰম্ভ কৰিছে । প্ৰথম অধিৱেশনলৈ ভাৰতে যশস্বী জয়ছোৱাল আৰু শুভমন গিলৰ উইকেট হেৰুৱাইছে ।

IND vs ENG Test
বৃহৎ টাৰ্গেটৰ লক্ষ্যৰে দ্বিতীয় দিনা খেলপথাৰত ভাৰতৰ বেটছমেন

স্পৰ্টছ ডেস্ক, ২৬ জানুৱাৰী : হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মাজত টেষ্ট মেচ অনুষ্ঠিত হৈছে । প্ৰথমখন টেষ্টৰ আজি দ্বিতীয় দিন । ভাৰতে প্ৰথম দিনটোত প্ৰথম ইনিংছত ১ টা উইকেট হেৰুৱা ১১৯ ৰাণ সংগ্ৰহ কৰিছিল । শুকুৰবাৰে পুৱাৰে পৰা ভাৰতে পুনৰ বেটিং কৰে আৰু যশস্বী জয়ছোৱাল আৰু শুভমন গিলে বেটিং আৰম্ভ কৰে ।

অৱশ্যে আৰম্ভণিতে আক্ৰমণাত্মক ৰূপ দেখুৱাই জয়ছোৱালে ৮০ ৰাণত নিজৰ উইকেট হেৰুৱায় । তাৰ কিছু সময় পিচত শুভমন গিলেও ২৩ ৰাণত আউট হয় । প্ৰতিবেদন লিখাৰ সময়লৈ ক্ৰীজত শ্ৰেয়স আয়াৰ আৰু কে এল ৰাহুলে বেটিং কৰি আছে ।

ইংলেণ্ডৰ অধিনায়ক বেন ষ্টকছে প্ৰথম দিনা টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত লৈছিল । ইংলেণ্ডৰ দলটো ৬৪.৩ অভাৰত ২৪৬ ৰাণতে অল আউট হৈছিল । প্ৰথম দিনা ভাৰতৰ স্পিনাৰসকলে খেলপথাৰত যাদু দেখুৱাইছিল । ইয়াৰ পিচত, ভাৰতে প্ৰথম দিনৰ খেলৰ শেষলৈকে ২৩ অভাৰত ১ টা উইকেট হেৰুৱাই ১১৯ ৰাণ সংগ্ৰহ কৰিছিল ।

দ্বিতীয় দিনা যশস্বী জয়ছোৱাল আৰু শুভমন গিলে ভাৰতৰ হৈ অধিৱেশন আৰম্ভ কৰে যদিও জয়ছোৱালে ৭৪ টা বলত ১০ টা চাৰি আৰু ৩ টা ছয়েৰে ৮০ ৰাণ সংগ্ৰহ কৰাৰ পিছত জ' ৰুটৰ চিকাৰ হয় । তাৰ পিচত গিলেও উইকেট হেৰুৱায় । ভাৰত এতিয়াও ইংলেণ্ডৰ পৰা ৮৭ ৰাণ পিছপৰি আছে । যিমান সম্ভৱ আজিৰ সম্পূৰ্ণ দিনটো ভাৰতে বেটিং কৰিবলৈ চেষ্টা কৰিব আৰু ইংলেণ্ডৰ সন্মুখত সৰ্বাধিক ৰাণৰ টাৰ্গেট ৰাখিবলৈ প্ৰয়াস কৰিব ।

ইংলেণ্ডৰ প্লেয়িং ১১ :

জেক ক্ৰাউলি, বেন ষ্টকছ (অধিনায়ক), বেন ডাকেট, অলি পোপ, জ' ৰুট, জনি বেয়াৰস্টো, বেন ফ'কছ, ৰেহান আহমেদ, টম হাৰ্টলি, মাৰ্ক উড, জেক লিচ ।

ভাৰতৰ প্লেয়িং ১১ :

ৰোহিত শৰ্মা (অধিনায়ক), যশস্বী জয়ছোৱাল, শুভমন গিল, কে এল ৰাহুল, শ্ৰেয়স আয়াৰ, শ্ৰীকাৰ ভৰত (উইকেটকীপাৰ), অক্সৰ পেটেল, ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ ।

লগতে পঢ়ক :হায়দৰাবাদৰ প্ৰথম টেষ্টত চালকৰ আসনত ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.