ETV Bharat / sports

হায়দৰাবাদৰ প্ৰথম টেষ্টত চালকৰ আসনত ভাৰত

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 9:39 PM IST

IND vs ENG 1st Test
ভাৰত-ইংলেণ্ডৰ প্ৰথম টেষ্ট

IND vs ENG 1st Test : হায়দৰাবাদ টেষ্টৰ প্ৰথম দিনটোত ভাৰতীয় স্পীনাৰে সংখ্যাগৰিষ্ঠ উইকেট দখল কৰি শক্তিশালী প্ৰদৰ্শন আগবঢ়ায় ৷ ভাৰতীয় স্পীন আক্ৰমণত ইংলেণ্ডে প্ৰথম ইনিংছত ২৪৬ ৰানত অল আউট হয় ৷

স্পৰ্টছ ডেস্ক, 25 জানুৱাৰী : বৃহস্পতিবাৰে হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা উদ্বোধনী টেষ্টৰ প্ৰথম দিনাই ভাৰতীয় স্পীনাৰৰ শক্তিশালী প্ৰদৰ্শনৰ সহায়ত 246 ৰানতে ইনিংছ সমাপ্ত কৰিবলৈ বাধ্য হয় ইংলেণ্ডে ৷

ইয়াৰ পাছত ভাৰতে অ’পেনাৰ যশস্বী জয়ছোৱালৰ 70 বলত অপৰাজিত 76 ৰাণৰ সহায়ত 1 উইকেটৰ বিনিময়ত 119 ৰাণ সংগ্ৰহ কৰি দিনটোৰ অন্ত পেলায় ৷ ইংলেণ্ডৰ বলিং আক্ৰমণক প্ৰত্যাহ্বান জনায় জয়ছোৱালে 9টা বাউণ্ডেৰী আৰু তিনিটা ছয়ৰে দিনটোৰ অন্তত অপৰাজিত হৈ থাকে ৷ অধিনায়ক ৰোহিত শৰ্মাই (24 ৰাণ) সন্তোষজনক আৰম্ভণিক কৰিব নোৱাৰিলে ৷ ঘৰুৱা চাৰ্কিটত মুম্বাইৰ হৈ খেলা ৰোহিত আৰু জয়ছোৱালে প্ৰথম উইকেটত 80 ৰান সংযোজন কৰি এক বৃহৎ স্ক’ৰৰ আধাৰশিলা স্থাপন কৰে ৷

বাওঁহাতৰ বেটছমেন জয়ছোৱালে নিজৰ দক্ষতা প্ৰদৰ্শন কৰি ইংৰাজ বলাৰক নিৰ্দয় প্ৰহাৰ কৰে ৷ ৰোহিতৰ আউটৰ পিছত ৱান ডাউন শুভমন গীলে 43 বলত 14 ৰাণ কৰি দিনোটৰ অন্তত অপৰাজিত হৈ থাকে ৷ অৱশ্যে প্ৰথম ইনিংছত এতিয়াও 127 ৰানত পিছ পৰি আছে ভাৰত ৷

ইয়াৰ পূৰ্বে, ইংলেণ্ডে পুৱা টছত জয়ী হয় আৰু অধিনায়ক বেন ষ্টোকছে বেটিং কৰাৰ সিদ্ধান্ত লয় ৷ ভাৰতে তিনিজন স্পীনাৰৰ- ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাডেজা আৰু অক্ষৰ পেটেলৰ সৈতে খেলপথাৰত নামে ৷ টীম মেনেজমেন্টে কুলদীপ যাদৱক বাদ দিয়াৰ সিদ্ধান্ত লয়, আনহাতে ইংলেণ্ডেও তেওঁলোকৰ লাইনআপত তিনিজন বিশেষ স্পীনাৰ লৈ খেলপথাৰত নামে ৷

জেক ক্ৰ’লি আৰু বেন ডাকেটৰ অপেনিং যুটিটোৱে আৰম্ভণিৰে পৰাই আক্ৰমণাত্মকভাৱে খেলি প্ৰথম উইকেটৰ বাবে 55 ৰান সংগ্ৰহ কৰে ৷ কিন্তু অষ্টম অভাৰৰ পিছত ৰবিচন্দ্ৰন অশ্বিন (68 ৰানত 3 উইকেট) আৰু ৰবীন্দ্ৰ জাডেজা (88 ৰানত 3 উইকেট)ৰ স্পীন যুটিৰ আক্ৰমণত বিপক্ষৰ বেটছমেন সকল এজন এজনকৈ পেভিলিয়নমুখী হ’বলৈ বাধ্য হয় ৷ ইফালে যশপ্ৰীত বুমৰাহ আৰু অক্ষৰ পেটেলেও 2 টাকৈ উইকেট দখল কৰে ৷

লগতে পঢ়ক : ভাৰত বনাম ইংলেণ্ড, ৫০ অভাৰলৈ ভাৰতীয় স্পিনাৰৰ দপদপনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.