ETV Bharat / sports

ভাৰত বনাম ইংলেণ্ড, ৫০ অভাৰলৈ ভাৰতীয় স্পিনাৰৰ দপদপনি

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 10:24 AM IST

Updated : Jan 25, 2024, 1:45 PM IST

IND vs ENG Test : ভাৰত আৰু ইংলেণ্ডৰ মাজত ৫ খনীয় শৃংখলাৰ প্ৰথমখন টেষ্ট আৰম্ভ হৈছে । হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত দুয়োটা দল মুখামুখি । ষ্টেডিয়ামখনত আয়োজিত এয়া ষষ্ঠখন টেষ্ট মেচ । প্ৰথম ইনিংছত ৫০ অভাৰৰ অন্তত ইংলেণ্ডে ১৬০ ৰাণ সংগ্ৰহ কৰি ৭ টা উইকেট হেৰুৱাইছে ।

IND vs ENG Test
ভাৰত আৰু ইংলেণ্ডৰ মাজত আৰম্ভ শৃংখলাৰ প্ৰথম টেষ্ট

স্পৰ্টছ ডেস্ক, ২৫ জানুৱাৰী : ভাৰত আৰু ইংলেণ্ডৰ মাজত ৫ খনীয়া টেষ্ট শৃংখলা আৰম্ভ হৈছে । প্ৰথমখন টেষ্ট হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছে । হায়দৰাবাদত অনুষ্ঠিত হোৱা এইখন নৱম আন্তঃৰাষ্ট্ৰীয় টেষ্ট আৰু ৰাজীৱ গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এইখন ষষ্ঠখন টেষ্ট ।

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ প্ৰথমখন টেষ্টত ইংলেণ্ডে টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত লৈছে । প্ৰতিবেদন লিখাৰ সময়লৈ খেলপথাৰত ভাৰতীয় বলাৰসকলৰ দপদপনি দেখা গৈছে । আলহী দলটোৱে ৫০ অভাৰৰ অন্তত ৭ টা উইকেট হেৰুৱাই মাত্ৰ ১৬০ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । যাৰ বাবে খেলখনৰ প্ৰথমটো দিনত ভাৰতীয় বলাৰৰ প্ৰভাৱ দেখা গৈছে ।

৩ গৰাকী স্পিনাৰৰ সৈতে ভাৰতীয় দলটোৱে এই মেচখন খেলিছে আৰু স্পিনাৰৰ ওপৰত থকা দলটোৰ বিশ্বাস সঁচা অৰ্থত সফল হৈছে । কিয়নো তিনিওগৰাকী স্পিনাৰ ক্ৰমে বৰিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাডেজা আৰু অক্সৰ পেটেলে উইকেট লাভ কৰিছে । তিনিওগৰাকী স্পিনাৰে ২ টাকৈ উইকেট লাভ কৰিছে । ভাৰতীয় পেচাৰ বুমৰাহেও দলৰ বাবে এটা উইকেট লাভ কৰিছে ।

উল্লেখ্য যে, হায়দৰাবাদ ক্ৰিকেট এছ'চিয়েশ্যনৰ ৱেবছাইটত উল্লেখ কৰা অনুসৰি হায়দৰাবাদত ১৯৫৫ চনত অনুষ্ঠিত হৈছিল প্ৰথমখন টেষ্ট মেচ । টেষ্টখন ভাৰত আৰু নিউজীলেণ্ডৰ মাজত আবিডছৰ সমীপৰ এলবি ষ্টেডিয়ামত খেলা হৈছিল । এই অমীমাংসিত খেলখনত পলী উমৰিগাৰে ২৩৩ ৰাণ সংগ্ৰহ কৰিছিল, যি হায়দৰাবাদৰ সকলো টেষ্ট মেচৰ অভিলেখ আছিল ।

ইয়াৰ পিচত ভাৰতে ১৯৬৯ চনৰ ১৫-২০ অক্টোবৰলৈ এলবি ষ্টেডিয়ামৰ দ্বাৰা আয়োজিত দ্বিতীয় টেষ্টত নিউজীলেণ্ডৰ সৈতে খেলিছিল । যিখন ড্ৰ'ত সমাপ্ত হৈছিল । তাৰ পিচত ভাৰতে পুনৰ হায়দৰাবাদত নিউজীলেণ্ডৰ বিৰুদ্ধে এখন টেষ্টত অৱতীৰ্ণ হয়, যিখন এলবি ষ্টেডিয়ামত ২ ৰ পৰা ৬ ডিচেম্বৰত খেলা হৈছিল আৰু ভাৰতে মেচখন ১০ উইকেটত জয়ী হৈছিল । ভাৰতীয় দলটোত কে শ্ৰীকান্ত, কপিল দেৱ, ৰবি শাস্ত্ৰী, দিলীপ ভেংচৰকাৰ আৰু আৰ্শাদ আয়ুবৰ দৰে প্ৰখ্যাত খেলুৱৈসকল আছিল ।

পৰৱৰ্তী সময়ত হায়দৰাবাদৰ টেষ্ট ক্ৰিকেট ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামলৈ স্থানান্তৰিত হয় আৰু ষ্টেডিয়ামত নিউজীলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট আয়োজন কৰে আৰু খেলখন অমীমাংসিতভাৱে সমাপ্ত হয় । ভাৰতৰ হৈ গৌতম গম্ভীৰ, বীৰেন্দ্ৰ ছেহৱাগ, ৰাহুল দ্ৰাবিড়, শচীন তেণ্ডুলকাৰ, ভিভিএছ লক্ষ্মণ, সুৰেশ ৰাইনা, মহেন্দ্ৰ সিং ধোনীয়ে প্লেয়িং ইলেভেনত স্থান লাভ কৰিছিল ।

ইয়াৰ পিচত আৰজিআইচিএছত ২০১২ চনৰ ২৩ আগষ্টৰ পৰা ২৭ আগষ্টলৈ আন এখন টেষ্ট অনুষ্ঠিত হয় । এইখন খেলো ভাৰতে নিউজীলেণ্ডৰ মুখামুখি হয় । চেতেশ্বৰ পূজাৰাৰ ১৫৯ ৰাণ আৰু প্ৰথম ইনিংছত অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ৬/৩১ আৰু দ্বিতীয় ইনিংছত ৬/৫৪ ৰাণৰ সৌজন্যত ভাৰতীয় দল ইনিংছ আৰু ১১৫ ৰাণত বিজয়ী হয় ।

ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত পুনৰ আন এখন টেষ্ট ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হয় । মেচখনত ভাৰতীয় দলটো ইনিংছ আৰু ১৩৫ ৰাণত বিজয়ী হৈছিল । চেতেশ্বৰ পুজাৰা পুনৰ এবাৰ ভাৰতৰ বাবে আকৰ্ষণীয় ইনিংছ খেলে । তেওঁ ২০৪ ৰাণ কৰিছিল আৰু মুৰলী বিজয়ে সমানে দায়িত্বশীলভাৱে ১৬৭ ৰাণ কৰিছিল । আৰ অশ্বিনে অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছত ধ্বংসাত্মক ৰূপ দেখুৱাইছিল আৰু ৬৩ ৰাণত ৫ উইকেট লৈছিল ।

হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত পিচত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত প্ৰথমখন টেষ্ট আয়োজন কৰাৰ কথা আছিল কিন্তু খেলখন বাতিল কৰা হৈছিল । ইয়াৰ পিচত ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হোৱা এখন টেষ্টত আয়োজন দলটোৱে ২০৮ ৰাণত জয়ী হৈছিল ।

তাৰকা বেটছমেন বিৰাট কোহলীয়ে দ্বিশতক (২০৪) কৰিছিল যিয়ে তেওঁৰ দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । তাৰ পিচত ২০১৮ চনত ভাৰতে ৱেষ্ট ইণ্ডিজৰ সৈতে আন এখন টেষ্ট খেলিছিল আৰু আয়োজক দলটো ১০ উইকেটত বিজয়ী হৈছিল ।

পৰিসংখ্যা অনুসৰি হায়দৰাবাদৰ এই ষ্টেডিয়ামখন গুৰুত্বপূৰ্ণ আৰু দলটোৱে ভাল প্ৰদৰ্শনো কৰিছে । সেয়ে এই শৃংখলাৰ প্ৰথমখন টেষ্ট ভাৰতৰ পক্ষক থাকিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : সূৰ্যকুমাৰ যাদৱলৈ বৰ্ষশ্ৰেষ্ঠ টি-20 ক্ৰিকেটাৰৰ খিতাপ

Last Updated :Jan 25, 2024, 1:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.