ETV Bharat / sports

থাইলেণ্ড মাষ্টাৰ্ছ বেডমিণ্টন; কোৱাৰ্টাৰ ফাইনেলত অসমৰ অস্মিতা চলিহা

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 12:54 PM IST

Assam Shuttler Ashmita Chaliha : অসমৰ অস্মিতা চলিহাৰ লগতে মিথুন মঞ্জুনাথ, ট্ৰিচা জলি আৰু গায়ত্ৰী গোপীচান্দে নিজৰ দ্বিতীয় ৰাউণ্ডৰ মেচত জয়লাভ কৰি থাইলেণ্ড মাষ্টাৰ্ছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে । আনহাতে, ভাৰতৰ জ্যেষ্ঠ বেডমিণ্টন খেলুৱৈ কিদাম্বি শ্ৰীকান্ত, অশ্বিনী পোনাপ্পা আৰু তানিশা ক্ৰেষ্টোৰ যুটি প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে ।

থাইলেণ্ড মাষ্টাৰ্ছৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ অস্মিতা চলিহা

স্পৰ্টছ ডেস্ক, ২ ফেব্ৰুৱাৰী : থাইলেণ্ড মাষ্টাৰ্ছ বিডব্লিউএফ ছুপাৰ ৩০০ বেডমিণ্টন টুৰ্ণামেণ্টত ভাৰতীয় বেডমিণ্টন খেলুৱৈসকলে দ্বিতীয় ৰাউণ্ডতো দপদপনি বজাই ৰাখিছে । ছুপাৰ ১৬ অগ্নিপৰীক্ষা অতিক্ৰম কৰি অসমৰ অস্মিতা চলিহাই কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে ।

তেওঁৰ লগতে মিথুন মঞ্জুনাথ, ট্ৰিচা জলি আৰু গায়ত্ৰী গোপীচান্দেও ভাৰতৰ হৈ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে । ইয়াৰ বিপৰীতে ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ কিদাম্বি শ্ৰীকান্ত আৰু অশ্বিনী আৰু তানিশাৰ যুটিটো নিজ দেশৰে প্ৰতিদ্বন্দ্বীৰ হাতত পৰাস্ত হৈছে প্ৰতিযোগিতাখনত তেওঁলোকৰ যাত্ৰা সমাপ্ত কৰিছে ।

অস্মিতা চলিহাই সুন্দৰ প্ৰদৰ্শনেৰে কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে । তেওঁ থাইলেণ্ড মাষ্টাৰ্ছৰ দ্বিতীয় ৰাউণ্ডত চীনা (টাইৱান) বেডমিণ্টন খেলুৱৈ পাই য়ু পোক পৰাস্ত কৰে । এই জয়ৰ লগে লগে অস্মিতাই কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰে । তেওঁ পাই য়ু পোক ২১-১২, ১৫-২১, ২১-১৭ ব্যৱধানত পৰাস্ত কৰি থাইলেণ্ড মাষ্টাৰ্ছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে ।

আনহাতে, মিথুন মঞ্জুনাথেও থাইলেণ্ড মাষ্টাৰ্ছৰ দ্বিতীয় ৰাউণ্ডত সুন্দৰ প্ৰদৰ্শন কৰে আৰু নিজ দেশৰে জ্যেষ্ঠ বেডমিণ্টন খেলুৱৈ কিদাম্বি শ্ৰীকান্তক পৰাস্ত কৰে । ইয়াৰ লগে লগে মিথুনে থাইলেণ্ড মাষ্টাৰ্ছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে । তেওঁৰ বিজয়ৰ বিপৰীতে কিদাম্বি শ্ৰীকান্ত প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হয় । মেচখনত কিদাম্বিয়ে মিথুনৰ আক্ৰমণাত্মক খেলৰ উত্তৰ দিয়াত ব্যৰ্থ হয় আৰু মিথুনৰ হাতত ২১-৯, ১৩-২১, ২১-১৭ ব্যৱধানত পৰাস্ত হয় । শ্ৰীকান্তৰ বিৰুদ্ধে মিথুনৰ এইটো হৈছে একেৰাহে দ্বিতীয়টো বিজয় ।

ইফালে মহিলাৰ ছিংগলছত মালবিকা বানচোড়ে থাইলেণ্ড মাষ্টাৰ্ছৰ দ্বিতীয় ৰাউণ্ডত থাইলেণ্ডৰ বেডমিণ্টন খেলুৱৈ বুচানান অংবামৰুংফানৰ হাতত পৰাস্ত হয় আৰু মালবিকাৰ যাত্ৰা তাতেই সমাপ্ত হয় । লগতে বুচানান অংবামৰুংফানে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে ।

ইয়াৰ উপৰি থাইলেণ্ড মাষ্টাৰ্ছৰ দ্বিতীয় ৰাউণ্ডত ট্ৰিচা জলি আৰু গায়ত্ৰী গোপীচান্দে মহিলাৰ ডাবলছত দ্বিতীয় ৰাউণ্ডত বিজয়ী হয় আৰু যুটিটো মহিলা ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে । তেওঁলোকে নিজ দেশৰে অশ্বিনী পোনাপ্পা আৰু তানিশা ক্ৰেষ্টোক ২১-১৫, ২৪-২২ পোনপটীয়া ছেটত পৰাস্ত কৰে ।

লগতে পঢ়ক : ভাৰত বনাম ইংলেণ্ড; ২ উইকেট হেৰুৱাই ভাৰতৰ ১০৩ ৰাণ সংগ্ৰহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.