ETV Bharat / sports

প্ৰথম শ্ৰেণী ক্ৰিকেটত দ্ৰুততম ত্ৰিশতক; তন্ময় আগৰৱালৰ বিশ্ব অভিলেখ

Tanmay Agarwal Record : শুকুৰবাৰে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ ইতিহাস সৃষ্টি কৰি দ্ৰুততম ত্ৰিশতক অৰ্জনৰ ৰেকৰ্ড গঢ়ে হায়দৰাবাদৰ অপেনাৰ তন্ময় আগৰৱালে । আগৰৱালৰ অপৰাজিত ৩২৩ ৰাণৰ ইনিংছটো ৩৩ টা চাৰি আৰু ২১ টা ছয়েৰে সজ্জিত আছিল ।

তন্ময় আগৰৱালৰ বিশ্ব অভিলেখ
তন্ময় আগৰৱালৰ বিশ্ব অভিলেখ
author img

By ETV Bharat Assamese Team

Published : January 27, 2024 at 7:10 AM IST

3 Min Read
Choose ETV Bharat

স্পৰ্টছ ডেস্ক, ২৭ জানুৱাৰী : ইতিহাসৰ পৃষ্ঠাত নাম খোদিত হৈছে হায়দৰাবাদৰ অপেনাৰ তন্ময় আগৰৱালৰ । শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফী প্লেট গ্ৰুপৰ এখন মেচত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ ইতিহাসত দ্ৰুততম ত্ৰিশতকৰ বিশ্ব অভিলেখ ভংগ কৰে তন্ময়ে ।

ব'ৰ্ডাৰ আৰু ৱেষ্টাৰ্ণ প্ৰভিন্সৰ মাজৰ মেচৰ সময়ত ১৯১ টা বলত অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ মাৰ্কো মাৰাইছৰ পূৰ্বৰ অভিলেখ ভংগ কৰি ২৮ বছৰীয়া যুৱ ক্ৰিকেটাৰজনে মাত্ৰ ১৪৭ টা বলতে এই মাইলৰ খুঁটিত উপনীত হয় । মেচখন হায়দৰাবাদৰ উপকণ্ঠ অঞ্চলৰ 'জেন-নেক্সট' ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হৈছে ।

প্লেট গ্ৰুপলৈ স্থানান্তৰিত হোৱা হায়দৰাবাদে দিনটোৰ খেলৰ শেষত মাত্ৰ ৪৮ অভাৰত ১ উইকেটত ৫২৯ ৰাণসংগ্ৰহ কৰে । ইয়াৰে ভিতৰত তন্ময়ে মাত্ৰ ১৬০ টা বলত ৩২৩ ৰাণত অপৰাজিত আছে । ইয়াৰ পূৰ্বে অৰুণাচলৰ ইনিংছ ৩৯.১ অভাৰত ১৭২ ৰাণতে থমকি ৰয় । বাঁওহতীয়া তন্ময়ৰ ইনিংছটো ৩৩ টা চাৰি আৰু ২১ টা ছয়েৰে সজ্জিত আছিল । তেওঁ ৰাহুল সিঙৰ সৈতে অপেনিং যুটিত 449 ৰাণ সংগ্ৰহ কৰে । ৰাহুল সিঙেও মাত্ৰ 105 টা বলত 185 ৰাণ সংগ্ৰহ কৰে । এই মুহূৰ্তত ৯ টা উইকেট হাতত থকা অৱস্থাত হায়দৰাবাদ ৩৫৭ ৰাণত আগবাঢ়ি আছে ।

আগৰৱালৰ আক্ৰমণাত্মক ইনিংছটোত দিশহাৰা হৈ পৰে বলাৰসকল । কিয়নো তেওঁ কোনো এজন বলাৰকে ৰেহাই দিয়া নাছিল আৰু খেলপথাৰৰ কেউদিশে তেওঁ শ্বট খেলিছিল । তেওঁ এই মেচখনত আন এক অভিলেখ ভংগ কৰে । তেওঁ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত দ্বিশতক অৰ্জন কৰা দ্ৰুততম ভাৰতীয় বেটাৰ হিচাপেও পৰিগণিত হয় । তেওঁ ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰ ৰবি শাস্ত্ৰীৰ নামত ৩৯ বছৰ ধৰি থকা অভিলেখ ভংগ কৰে । তন্ময়ে ১১৯ টা বলত ২০০ ৰাণৰ সীমাত উপনীত হয় ।

উল্লেলখ্য যে মেচখনত টছত জয়ী হৈ হায়দৰাবাদে বলিং কৰাৰ সিদ্ধান্ত লয় । অৰুণাচল প্ৰদেশৰ প্ৰথম ইনিংছ মাত্ৰ ১৭২ ৰাণতে স্তব্ধ হয় । হায়দৰাবাদৰ বলাৰসকলৰ ভিতৰত বাঁওহতীয়া পেচাৰ চি ভি মিলিন্দ আৰু সোঁহতীয়া মধ্যম গতিৰ বলাৰ কাৰ্তিকেয়া কাকে তিনিটাকৈ উইকেট দখল কৰে । আনহাতে, বাঁওহতীয়া স্পিনাৰ টি ত্যাগৰাজনে দুটা উইকেট দখল কৰে ।

দিনটোৰ শেষ সমাপ্তিৰ পৰত তন্ময়ৰ সৈতে ক্ৰিজত আছিল অভিৰথ ৰেড্ডী (১৯ নট আউট) । সংক্ষিপ্ত স্ক'ৰ : অৰুণাচল প্ৰদেশ ৩৯.১ অভাৰত ১৭২ । হায়দৰাবাদ ৪৮ অভাৰত ৫২৯/১ (তন্ময় আগৰৱালা ৩২৩ বেটিং, ৰাহুল সিং ১৮৫) ।

লগতে পঢ়ক :ইংলেণ্ডৰ বিৰুদ্ধে ১৭৫ ৰানৰ অগ্ৰগতি ভাৰতৰ, জাডেজাৰ অপৰাজিত অৰ্ধশতক