ETV Bharat / sports

ইংলেণ্ডৰ বিৰুদ্ধে ১৭৫ ৰানৰ অগ্ৰগতি ভাৰতৰ, জাডেজাৰ অপৰাজিত অৰ্ধশতক

author img

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 9:34 PM IST

IND VS ENG 1st Test
প্ৰথম টেষ্টত ১৭৫ ৰানৰ অগ্ৰগতি ভাৰতৰ

IND VS ENG 1st Test : হায়দৰাবাদ টেষ্টৰ দ্বিতীয় দিনা ইংলেণ্ডৰ বিৰুদ্ধে ১৭৫ ৰানৰ অগ্ৰগতি লাভ কৰিছে টিম ইণ্ডিয়াই। এই খেলৰ দ্বিতীয় দিনা কে এল ৰাহুল আৰু ৰবীন্দ্ৰ জাডেজাই অৰ্ধশতক অৰ্জন কৰে।

স্পৰ্টছ ডেস্ক, 26 জানুৱাৰী : হায়দৰাবাদত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈছে প্ৰথমখন টেষ্ট মেচ ৷ এই মেচখনৰ দ্বিতীয় দিনা ভাৰতীয় বেটছমেন সকলে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই ৷ ভাৰতৰ হৈ কে এল ৰাহুল আৰু ৰবীন্দ্ৰ জাডেজাই অৰ্ধশতক অৰ্জন কৰে ৷ লগতে অক্ষৰ পেটেল, শ্ৰেয়াছ আয়াৰেও দ্ৰুততৰভাৱে ৰান সংগ্ৰহ কৰে ৷

দ্বিতীয় দিনৰ খেলৰ শেষলৈকে ভাৰতে 110 অভাৰত 7 টা উইকেট হেৰুৱাই 421 ৰান সংগ্ৰহ কৰি ইংলেণ্ডৰ বিৰুদ্ধে 175 ৰানৰ অগ্ৰগতি লাভ কৰিছে ৷ এই টেষ্টৰ প্ৰথম দিনা ইংলেণ্ড দলটো 246 ৰানত অল আউট হয় আৰু ভাৰতে প্ৰথম দিনাই 1 টা উইকেট হেৰুৱাই 119 ৰান সংগ্ৰহ কৰে ৷

ভাৰতৰ প্ৰথম ইনিংছ- 421/7 (অব্যাহত)

ৰোহিত শৰ্মা আৰু যশস্বী জয়ছোৱালে ভাৰতক শক্তিশালী আৰম্ভণি দি প্ৰথম উইকেটত 80 ৰান সংযোজন কৰে ৷ অধিনায়ক ৰোহিত শৰ্মা 24 ৰান সংগ্ৰহ কৰি আউট হয় আৰু শুভমন গীল 23 ৰান সংগ্ৰহ কৰি আউট হয় ৷ শ্ৰেয়াছ আয়াৰে 3 টা চাৰি আৰু 1 টা ছয়ৰে দ্ৰুততৰভাৱে 35 ৰান সংগ্ৰহ কৰে ৷ আনহাতে কে এছ ভাৰতেও 3 টা চাৰিৰ সহায়ত 41 ৰানৰ উৎকৃষ্ট ইনিংছ খেলে ৷ ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে কে এল ৰাহুলে ৷

ৰাহুলে 123 টা বলত 8 টা চাৰি আৰু 2টা ছয়ৰে 86 ৰান সংগ্ৰহ কৰে ৷ যশস্বী জয়ছোৱালে 74 টা বলত 10 টা চাৰি আৰু 3 টা ছয়ৰে দলৰ হৈ 80 ৰানৰ বৰঙণি আগবঢ়ায় ৷ তদুপৰি দিনটোৰ শেষলৈকে 155 টা বলত 7 টা চাৰি আৰু 2 টা ছয়ৰে অপৰাজিত 81 ৰান সংগ্ৰহ কৰিছে ৰবীন্দ্ৰ জাডেজাই ৷ অক্ষৰ পেটেলেও দিনটোৰ শেষলৈকে 5 টা চাৰি আৰু 2 টা ছয়ৰে 62 টা বলত অপৰাজিত 35 ৰান সংগ্ৰহ কৰে ৷ 1 ৰান সংগ্ৰহ কৰি আউট হয় ৰবিচন্দ্ৰন অশ্বিন ৷

ইংলেণ্ডৰ হৈ টম হাৰ্টলী আৰু জ’ ৰুটে 2 টাকৈ উইকেট দখল কৰাৰ বিপৰীতে জেক লিচ আৰু ৰিহান আহমেদে 1 টাকৈ উইকেট দখল কৰে ৷ ইয়াৰ পূৰ্বে ইংলেণ্ডে প্ৰথম ইনিংছত 246 ৰান সংগ্ৰহ কৰিছিল ৷ ইংলেণ্ডৰ হৈ অধিনায়ক বেন ষ্ট’কছে সৰ্বাধিক 70 ৰান সংগ্ৰহ কৰে ৷

লগতে পঢ়ক : কেনেধৰণৰ শ্বট খেলিছিল : শুভমন গীলক সমালোচনা সুনীল গাভাস্কাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.