ETV Bharat / sports

টি-২০ বিশ্বকাপ ২০২৪ৰ ভাৰতীয় দলৰ বাচনি এপ্ৰিল মাহৰ শেষ সপ্তাহত হোৱাৰ সম্ভাৱনা ! - T20 WORLD CUP

T20 World Cup 2024: আগন্তুক টি-২০ বিশ্বকাপ ২০২৪ৰ বাবে ভাৰতীয় দল বাচনি এপ্ৰিল মাহৰ শেষ সপ্তাহত হোৱাৰ সম্ভাৱনা । ইয়াৰ বাবে বিচিচিআইয়ে এক বিশেষ পৰিকল্পনা কৰিছে । পঢ়ক সম্পূৰ্ণ খবৰ...

T20 World Cup 2024
টি-২০ বিশ্বকাপ ২০২৪
author img

By ETV Bharat Assamese Team

Published : March 30, 2024 at 10:50 PM IST

2 Min Read
Choose ETV Bharat

স্পৰ্টছ ডেস্ক, ৩০ মাৰ্চ: আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ’বলগীয়া আগন্তুক টি-২০ বিশ্বকাপৰ বাবে ভাৰতৰ ১৫ জনীয়া দলটো এপ্ৰিল মাহৰ শেষ সপ্তাহত নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে ৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আইচিচিক দল জমা দিয়াৰ অন্তিম তাৰিখ হৈছে ১ মে’ । ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ এক সূত্ৰই শনিবাৰে এই তথ্য প্ৰদান কৰে । প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা প্ৰতিটো দলে ২৫ মে’লৈকে নিজৰ আৰম্ভণি দলৰ খেলুৱৈ সলনি কৰাৰ সুযোগ পাব ।

  • " class="align-text-top noRightClick twitterSection" data="">

বিচিচিআইৰ এক জ্যেষ্ঠ সূত্ৰই গোপনীয়তাৰ চৰ্তত পিটিআইক জনোৱা মতে, ‘এপ্ৰিল মাহৰ অন্তিম সপ্তাহৰ ভিতৰত ভাৰতীয় দলটো নিৰ্বাচন কৰা হ’ব আৰু এই সময়লৈকে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আইপিএল) প্ৰথম খণ্ড শেষ হ’ব ৷ যাৰবাবে ৰাষ্ট্ৰীয় বাছনি সমিতিখনে খেলুৱৈসকলৰ ফৰ্ম আৰু ফিটনেছ মূল্যায়ন কৰিব পৰা অৱস্থাত থাকিব ।

সূত্ৰটোৱে কয় যে, ‘১৯ মে’ত আই পি এলৰ লীগ পৰ্যায় শেষ হোৱাৰ লগে লগে প্ৰথমটো দল নিউয়ৰ্কলৈ ৰাওনা হ’ব । যিসকল খেলুৱৈৰ দলে ফাইনেল চাৰিৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিব, সেইসকল খেলুৱৈয়ে আগতীয়াকৈ যাব, যেনেকৈ যোৱা ডব্লিউ টি চিৰ ফাইনেলৰ সময়ত হৈছিল ।

উল্লেখ্য যে, টি-২০ বিশ্বকাপ প্ৰতিযোগিতাখন আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হৈছে ৷ আশা কৰা হৈছে যে কিছুমান ষ্টেণ্ডবাই খেলুৱৈও দলটোৰ সৈতে যাত্ৰা কৰিব যাতে মূল দলৰ কোনো খেলুৱৈয়ে আঘাতপ্ৰাপ্ত হ’লে বা কোনো অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ’লে তাত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব নালাগে । চাৰিওগৰাকী ৰাষ্ট্ৰীয় নিৰ্বাচকে প্ৰায়বোৰ মেচ চাবলৈ যাত্ৰা কৰিব ।

স্মৰ্তব্য যে, বিশ্বকাপৰ কোনো প্ৰতিদ্বন্দ্বীক ৱৰ্কলোড মেনেজমেণ্টৰ সন্দৰ্ভত কোনো নিৰ্দেশনা দিয়া হোৱা নাই কাৰণ তেওঁলোকে এই দুমাহত ফ্ৰেঞ্চাইজিৰ অধীনত খেলিব ।

লগতে পঢ়ক: লক্ষ্ণৌৰ বিৰুদ্ধে জয়ৰ বাবে পঞ্জাবক প্ৰয়োজন ২০০ ৰান - IPL 2024