ETV Bharat / sports

লক্ষ্ণৌৰ বিৰুদ্ধে জয়ৰ বাবে পঞ্জাবক প্ৰয়োজন ২০০ ৰান - IPL 2024

IPL 2024: আই পি এল ২০২৪ৰ একাদশ খেলত পঞ্জাব কিংছক ২০০ ৰানৰ লক্ষ্য বান্ধি দিয়ে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ৷ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে কুইণ্টন ডি ককৰ আকৰ্ষণীয় ইংনিছৰ সহায়ত পঞ্জাৱক এই লক্ষ্য বান্ধি দিবলৈ সক্ষম হয় ৷ তেওঁ পঞ্জাৱৰ বিৰুদ্ধে আই পি এল কেৰিয়াৰৰ ২১ সংখ্যক অৰ্ধশতক অৰ্জন কৰে ।

IPL 2024
লক্ষ্ণৌৰ বিৰুদ্ধে জয়ৰ বাবে পঞ্জাবক প্ৰয়োজন ২০০ ৰান
author img

By ETV Bharat Assamese Team

Published : March 30, 2024 at 10:33 PM IST

2 Min Read
Choose ETV Bharat

স্পৰ্টছ ডেস্ক, ৩০ মাৰ্চ: আই পি এল ২০২৪ৰ একাদশ খেলত আজি পঞ্জাব কিংছৰ বিৰুদ্ধে অৱৰ্তীণ হয় লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ৷ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একনা ষ্টেডিয়ামত অনুষ্ঠিত মেচখনৰ পূৰ্বে লক্ষ্ণৌৱে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু পঞ্জাবক ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ২০০ ৰানৰ লক্ষ্য বান্ধি দিয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ হৈ কুইণ্টন ডি কক আৰু কে এল ৰাহুলে সুন্দৰ আৰম্ভণি কৰে । চতুর্থ অভাৰৰ পঞ্চম বলত আর্শদ্বীপ সিঙে দুয়োৰে ৩৫ ৰানৰ অংশীদাৰিত্ব ভংগ কৰি প্রথম উইকেট দখল কৰে ৷ তেওঁ কে এল ৰাহুলক(১৫) বল আউট কৰি প্ৰথমটো উইকেট দখল কৰে ৷

ইয়াৰ পাচত তিনি নম্বৰ স্থানত বেটিং কৰিবলৈ অহা দেৱদত্ত পাডিকলক ভাল ফৰ্মত দেখা গৈছিল যদিও বেছি সময় উইকেটত থাকিব নোৱাৰিলে । ৪৫ ৰানৰ স্ক’ৰত ছেম কাৰানে তেওঁক আউট কৰে । একে সময়তে মাৰ্কাছ ষ্টয়নিছেও ১৯ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে । ডি কক আৰু নিকোলাছ পুৰানৰ মাজত পঞ্চম উইকেটৰ বাবে ৪৭ ৰানৰ অংশীদাৰিত্ব হয় ।

দক্ষিণ আফ্ৰিকাৰ তাৰকা খেলুৱৈগৰাকীক আউট কৰে আৰ্শদীপ সিঙে । তেওঁ পঞ্জাৱৰ বিৰুদ্ধে আই পি এল কেৰিয়াৰৰ ২১ সংখ্যক অৰ্ধশতক অৰ্জন কৰে । এই সময়চোৱাত তেওঁৰ বেটৰ পৰা পাঁচটা চাৰি আৰু দুটা ছয় আহিছিল । একে সময়তে এই মেচত দলটোক নেতৃত্ব দি থকা পুৰানে ৪২ ৰান কৰিবলৈ সক্ষম হয় ।

সাত নম্বৰত বেটিং কৰিবলৈ অহা ক্ৰুনাল পাণ্ডিয়াও পিছ পৰি নাথাকিল । ১৯৫.৪৫ ষ্ট্ৰাইক ৰেটত তেওঁ ৪৩ ৰান সংগ্ৰহ কৰে । এই অপৰাজিত ইনিংছত তেওঁ মাত্ৰ ২২টা বলৰ মুখামুখি হৈছিল । পাণ্ডিয়াই চাৰিটা চাৰি আৰু দুটা ছয় কৰে । একে সময়তে ৰবি বিষ্ণোয়ে একাউণ্ট খুলিবলৈ সক্ষম নহ’ল ।

এই মেচখনত মহছিন খানে ২ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে নবীন উল হকে কোনো ৰান নকৰাকৈ অপৰাজিত হৈ থাকে । পঞ্জাৱৰ হৈ ছেম কাৰানে তিনিটা আৰু আৰ্শদীপ সিঙে দুটা উইকেট দখল কৰাৰ বিপৰীতে কাগিছ’ ৰাবাদা আৰু ৰাহুল চহৰে এটাকৈ উইকেট লাভ কৰে ।

লগতে পঢ়ক: ঘৰুৱা খেলপথাৰত একেৰাহে ষষ্ঠবাৰৰ বাবে বেংগালুৰুক পৰাস্ত কৰিলে কলকাতাই - KKR vs RCB IPL 2024